Breaking News

নগাঁৱৰ ব্ৰহ্মচাৰিত দিনদুপৰতে চাঞ্চল্যকৰ চুৰিকাণ্ড



বিভূতি বৰা, নগাঁওঃ নগাঁৱৰ ব্ৰহ্মচাৰিত দিনদুপৰতে চাঞ্চল্যকৰ চুৰিকাণ্ড। ধৰ্মকান্ত বৰা নামৰ লোকজনৰ ঘৰত চোৰৰ চাফাই অভিযান। ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহন কৰি চোৰে লুটি নিলে কেইবালক্ষাধিক টকা সোণৰ আ-অলংকাৰ, সাজপাৰৰ লগতে নগদ পঞ্চাশ হাজাৰ টকা। চিকিৎসাজনিত কাৰণত শুক্ৰবাৰে পুৱাতেই ধৰ্মকান্ত বৰা পত্নীসহ গৈছিল নগাঁৱলৈ। নগাঁৱৰ পৰা বিয়লি উভটি আহি ঘৰ পোৱাতহে পোহৰলৈ আহিল সমগ্ৰ চুৰিকাণ্ডৰ কথা। গৃহস্থ নথকা ধৰ্মকান্ত বৰাৰ ঘৰত চোৰে পিছফালৰ দুৱাৰ ভাঙি সন্তৰ্পণে ঘৰখনত প্ৰবেশ কৰাৰ চিন স্পষ্ট। খাটোৱাল আৰক্ষী থানাৰ পৰা ঘটনাস্থলিত এটা আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰম্ভ কৰে প্ৰাৰম্ভিক অনুসন্ধান।



No comments