Breaking News

বোকাজানত হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী



ৰণজিৎ বৰা, বোকাজানঃ কাৰ্বি-আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত খাকৰাজানস্থিত আৰক্ষীৰ নাকা তালাচিত জব্দ হেৰ'ইন।  মণিপুৰৰ পৰা ডিব্ৰুগড় অভিমুখি AS-01-BP-4004 নম্বৰৰ হোণ্ডাই i-20 বাহনত উদ্ধাৰ কৰা হৈছে হেৰ'ইনখিনি। ত্ৰিশটা প্লাষ্টিকৰ চাবোন বাকচত উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ ওজন প্ৰায় ৩৫১ গ্ৰাম। জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য এক কোটি টকা। হেৰ'ইনসহ আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী দুটা ক্ৰমে মণিপুৰৰ  মহম্মদ য়াহয়া খান আৰু টানৱীৰ হুছেইন।



No comments