Breaking News

নুমলীগড় তেল শোধনাগাৰৰ তৈল পৰিবাহী পাইপ লাইন ফুটাই তেল চুৰি।

তৃতীয়বাৰ তেল চুৰি চক্ৰই নুমলীগড় তেল শোধনাগাৰৰ তৈল পৰিবাহী পাইপ লাইন ফুটাই তেল চুৰি। এটা বছৰ ভিতৰতে একেটা স্থানতে দুবাৰকৈ  খাৰুৱা তেল চুৰি। 



ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় আৰক্ষী থানাৰ অন্তৰ্গত  নুমলীগড় চাহ বাগিছাৰ সমীপৰ "ৰাংচালী" এলেকাত নুমলীগড় তেল শোধনাগাৰৰ খাৰুৱা তেল পৰিৱাহী পাইপ ফুটাই সংগোপনে ভাল্ব স্থাপন কৰি তেল চুৰি চক্ৰই  খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য বুধবাৰে  পোহৰলৈ আহে । নুমলীগড় শোধনাগাৰৰ পৰা শিলিগুৰিলৈকে ডিজেল, পেট্ৰ'ল আদি তেল পৰিবাহী পাইপ লাইন ফুটাই তেল চুৰি দুষ্ট চক্ৰৰ। তাৎপৰ্যপূৰ্ণ বিষয় যে নুমলীগড় চাহ বাগিচাৰ  সমীপৰ ৰাংচালী অঞ্চলত পূৰ্বেও দুবাৰ দুষ্ট চক্ৰই মাটি তলেৰে যোৱা পাইপ লাইন ফুটাই  তাত ভাল্ভ স্থাপন কৰি তেল চুৰি কৰিছিল যদিও আজি পৰ্যন্ত তেলচুৰি চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট আৰক্ষী প্ৰশাসন।  



কিয়নো মাটিৰ পৰা প্ৰায় ছয়ফুট তলত থকা তেল পৰিবাহী পাইপ অতি নিখুঁতভাৱে ফুটাই পাইপত ভাল্ভ সংযোগ কৰাৰ কৌশলত অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু এটা বৃহৎ চক্ৰ জড়িত আছে । কাৰণ প্ৰায় এটা বছৰ আগতে উক্ত স্থানতে  লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভত VDP য়ে বিভাগীয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিয়ে । চিন্তনীয় বিষয় যে এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত সময়ে সময়ে এইদৰেই পাইপ ফুটাই তেল চুৰি কৰি আহিছে ।

No comments