মধ্যপ্ৰদেশৰ উজ্জেয়িন মহাকালেশ্বৰ মন্দিৰৰ ইতিবৃত্ত :
ভগৱান শিৱ যিমান সৰল আৰু সোনকালেই সন্তুষ্ট হয় সিমানেই তেওঁ ৰহস্যময়ো হয়। তেওঁৰ জীৱনশৈলী, খাদ্যাভ্যাস আৰু সাজ-পোছাক আন দেৱতাতকৈ সম্পূৰ্ণ পৃথক।
বিৰূপাক্ষ গৌতম ফুকন
জয় শ্ৰী মহাকাল। বিশ্বাস অনুসৰি উজ্জয়িন (মধ্য প্ৰদেশ)ৰ শ্ছীপ্ৰা নদীৰ পাৰত অৱস্থিত শ্ৰী মহাকালেশ্বৰ মন্দিৰলৈ যোৱা নাই যদি তীৰ্থ ভ্ৰমণ অসম্পূৰ্ণ বুলি কোৱা হয়। এই ঐশ্বৰিক মন্দিৰলৈ শুভ ভ্ৰমণৰ দ্বাৰা মোৰ আঠটা তীৰ্থযাত্ৰা (হৰিদ্বাৰ, ঋষিকেশ, শ্ৰী মাতা বৈষ্ণো দেৱী, গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ আৰু শ্ৰী মহাকালেশ্বৰ জ্যোতিৰ্লিঙ্গ)ৰ পবিত্ৰ দৰ্শন সম্পূৰ্ণ হ'ল। সঁচাকৈয়ে ধন্য অনুভৱ কৰিছোঁ।
মধ্যপ্ৰদেশৰ উজ্জয়িনৰ মহাকালেশ্বৰ মন্দিৰৰ মাহাত্ম্য :
মধ্যপ্ৰদেশৰ উজ্জেয়িন চহৰখন মহাকালেশ্বৰ মন্দিৰৰ কাৰণে বিখ্যাত। এই ধাৰ্মিক ঠাইখন দৰ্শন কৰিবলৈ ভাৰত তথা দেশ-বিদেশৰ ভক্তগণ আহে। এই মন্দিৰত ভগৱান শিৱৰ শিৱলিংগত চিতাৰ জুইকুৰাৰ সতেজ ছাইৰে আৰতি কৰা হয়।
এই আৰতিৰ ৰহস্য তথা গুৰুত্ব কি জানো আহক :
ভগৱান শিৱ যিমান সৰল আৰু সোনকালেই সন্তুষ্ট হয় সিমানেই তেওঁ ৰহস্যময়ো হয়। তেওঁৰ জীৱনশৈলী, খাদ্যাভ্যাস আৰু সাজ-পোছাক আন দেৱতাতকৈ সম্পূৰ্ণ পৃথক। হিন্দু শাস্ত্ৰত প্ৰতিজন দেৱতাৰ বস্ত্ৰ আৰু অলংকাৰৰ বৰ্ণনা আছে যদিও ভগৱান শিৱৰ বস্ত্ৰ আৰু জীৱনশৈলী সম্পূৰ্ণ সুকীয়া। ইয়াৰ সাক্ষী হৈছে মধ্যপ্ৰদেশৰ ধৰ্মীয় স্থান উজ্জয়িনত নিৰ্মিত ভগৱান শিৱৰ মহাকালেশ্বৰ মন্দিৰ। ইয়াত ভগৱান শিৱৰ বহু ৰূপ পূজা কৰা হয় যদিও ভগৱান শিৱৰ মহাকাল ৰূপক আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। ঋষি-সাধুৰ শৰীৰ যেনেকৈ ছাইৰে আবৃত কৰা হয়, ঠিক তেনেদৰে ইয়াত ভগৱান শিৱৰ শিৱলিংগত জুইৰ সতেজ ছাইৰে আৰতি কৰা হয় আৰু ইয়াক শোভা বঢ়াবলৈও ব্যৱহাৰ কৰা হয়।
এই আৰতিৰ ৰহস্য কি জানেনে বাৰু?
ভগৱান শিৱৰ ভস্ম আৰতি কেৱল উজ্জয়িনৰ মহাকালেশ্বৰ মন্দিৰত সংঘটিত হয়। এই আৰতি একেবাৰে বেলেগ ধৰণেৰে কৰা হয়। এই আৰতি ৰাতিপুৱা ৪ বজাত কৰা হয়। সূৰ্য্য উদয় হোৱাৰ আগৰ যিখিনি ব্ৰহ্ম মূহুৰ্তত শৱদেহ দাহ কৰা হয়, সেই চিতাৰ সতেজ ভষ্ম ব্যৱহাৰ কৰি এই আৰতি সম্পন্ন কৰা হয়। আজিও সেই ধাৰ্মিক চহৰখনৰ লোকসকলে দিনত এই আৰতিৰ বাবে নিজৰ জীৱনকালতে পঞ্জীয়ন কৰে। মৃত্যুৰ পিছত ভগৱান শিৱক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ ছাইৰে পূজা কৰা হয়। এই আৰতি বন্ধ কোঠাত কেৱল মন্দিৰৰ পুৰোহিতসকলেহে সম্পন্ন।কৰে। আৰতিৰ সময়ত প্ৰভুৰ কোঠাত লগোৱা কেমেৰাবোৰে এই আৰতি ৰেকৰ্ডিং কৰি থাকে আৰু কোঠাৰ বাহিৰত থিয় হৈ থকা ভক্তসকলে এই আৰতি দৰ্শন কৰি নিজকে ধন্য অনুভৱ কৰে। আৰতিৰ সময়ত ভগৱান শিৱলিংগক সম্পূৰ্ণৰূপে ছাইৰে স্নান কৰোৱা হয়। পিছত শিৱলিংগৰ ওপৰত ভগৱান শিৱৰ মুখখন অংকন কৰি দুৱাৰ খুলি দিয়া হয়।
ভস্ম আৰতি কিয় কৰা হয় সেই বিষয়ে জানো আহক :
শিৱপুৰণত কোৱা হৈছে যে সতীয়ে যেতিয়া নিজ পিতৃ গৃহত নিমন্ত্ৰণ নোপোৱা স্বত্তেও উপস্থিত হৈ দুৰ্ঘোৰ অপমান পাইছিল আৰু নিজৰ স্বামীৰ বিষয়ে ককৰ্থনা শুনিছিল, তেতিয়া অগ্নিৰ ওচৰত নিজকে আত্মহণন কৰি প্ৰাণ উচৰ্গা দিছিল। ভগৱান শিৱই সতীৰ মৃত্যুৰ বাৰ্তা পাই হিতাহিত জ্ঞান হেৰুৱাই অতিকৈ ক্ৰোধাম্বিত হৈ উঠিছিল আৰু মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। ইয়াৰ পিছত তেওঁ মাতা সতীৰ মৃতদেহ লৈ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। শ্ৰীহৰীয়ে ভগৱান শিৱক দেখি পৃথিৱীৰ চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ সমাধান বিচাৰি তেওঁ নিজৰ সুদৰ্শন চক্ৰৰে মাতা সতীৰ শৰীৰক বহু ভাগত বিভক্ত কৰিলে। এই অংশবোৰ দেশৰ বহু ঠাইত পৰি একো একোখন শক্তিপীঠ গঢ় লৈ উঠিল। কিন্তু ভগৱান শিৱৰ হাতত সতীৰ মৃতদেহৰ ছাইহে ৰৈ গ’ল। ভগৱান শিৱই অনুভৱ কৰিছিল যে তেওঁ হয়তো সতীক চিৰদিনৰ বাবে হেৰুৱাই পেলাব, সেই গতিকে তেওঁ সতীৰ মৃতদেহৰ ছাই তেওঁৰ শৰীৰত সম্পূৰ্ণ ৰূপে লগাই ল'লে।
ওপৰোক্ত কথাখিনিয়েই এই ঐশ্বৰিক মন্দিৰৰ ইতিবৃত্ত।
No comments