Breaking News

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছতে চৰাইদেউ মৈদামত উপস্থিত সাংসদ গৌৰৱ গগৈ


ডিজিটেল সংবাদ, সোণাৰিঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছতে চৰাইদেউ মৈদামত পুৱা উপস্থিত হয় যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ। পৱিত্ৰ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চাকি জ্বলাই উপৰি পুৰুষক সোঁৱৰণ সাংসদ গৰাকীৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ পাছতো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য সাংসদ গৰাকীৰ।আনহাতে বিজেপি চৰকাৰে ধৰ্মীয় আৰু ঐতিহাসিক স্থান সমূহক লৈ ব্যৱসায়িক দৃষ্টি ভংগীৰে চাই বুলিয়ো অভিযোগ গৌৰৱ গগৈৰ।



সংগ দিয়ে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে। 

No comments