Breaking News

নিষিদ্ধ ড্ৰাগছৰ চোৰাং বজাৰৰ সাম্ৰাজ্য হৈ পৰিছে ধনশিৰি মহকুমা



ডিজিটেল সংবাদ, ধনশিৰিঃ নিষিদ্ধ ড্ৰাগছৰ চোৰাং বজাৰৰ সাম্ৰাজ্য হৈ পৰিছে ধনশিৰি মহকুমা। দেওবাৰে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ। ৰজাপুখুৰীৰ এজন লোকৰ ঘৰৰ ধানৰ ডুলিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ SPEACIAL TASK FORCE ৰ বৃহৎ বাহিনী, উৰিয়ামঘাট আৰক্ষী, B ছেক্টৰৰ CRPF আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ অভিযানত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ দুটা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই  থৈছিল ড্ৰাগছখিনি ।  ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকাৰ বুলি জানিব দিয়ে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম চহিদুল ইছলাম, অলিউলা হুছেইন ওৰফে অলি।



No comments