Breaking News

নিশা বোকাজানৰ চাফাপানীত গুলিচালনাৰ ঘটনা। বনবিভাগ আৰু ৰাইজৰ সংঘাত

কিন্ত প্ৰশ্ন হয় সাহসিকতাৰে চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰক খেদি যোৱাৰ বাবেই গাঁৱৰ ৰাইজৰ ৰোষত পৰিল নেকি মনালিছা? নে সঁচাকৈয়ে প্ৰাণে মৰাৰ চেষ্টা চলাইছিল বীট অফিচাৰ মনালিছা বৰাই?


ৰণজিৎ বৰা, বোকাজানঃ  শনিবাৰে নিশা বোকাজানৰ চাফাপানীত গুলিচালনাৰ ঘটনা। ইয়াৰ পিছতেই বনবিভাগ আৰু ৰাইজৰ মাজত সৃষ্টি হয় সংঘাতৰ। ঘটনা অনুসৰি  চোৰাং কাঠ সৰবৰাহৰ খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ অন্তৰ্গত চাফাপানীত বন বিভাগে চলোৱা অভিযান কালত চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে বন বিভাগৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰোঁতেই শূন্যলৈ গুলি কৰে বন বিভাগে। গুলিৰ শব্দ শুনাৰ পিছতেই গাঁৱৰ ৰাইজৰ ৰোষত পৰে বন বিভাগৰ দলটো । গাঁৱৰ ৰাইজৰ সৈতে হতাহতি হোৱাৰো অভিযোগ তুলিছে চাফাপানি গাঁৱৰ ৰাইজে । বীট অফিচাৰ মনালিছা বৰাৰ বিৰুদ্ধে গাঁৱৰ এগৰাকী মহিলাক প্ৰানে মৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ তুলিছে গাঁৱৰ ৰাইজে । তাৰ পিছতেই বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি মনালিছা বৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে একাংশ গাঁৱৰ ৰাইজে । সমগ্ৰ ঘটনাৰ দেওবাৰৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে । 



বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্ম উপস্থিত হৈ ঘটনাৰ বুজ লয়। কিন্ত প্ৰশ্ন হয় সাহসিকতাৰে চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰক খেদি যোৱাৰ বাবেই গাঁৱৰ ৰাইজৰ ৰোষত পৰিল নেকি মনালিছা? নে সঁচাকৈয়ে প্ৰাণে মৰাৰ চেষ্টা চলাইছিল বীট অফিচাৰ মনালিছা বৰাই? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্র সত্য।


No comments