Breaking News

টীয়কত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত হৈ হস্ততাঁত বস্ত্ৰ শিল্পৰ উদ্যোগ কৰিলে পৰ্যবেক্ষন



ডিজিটেল সংবাদ, টীয়কঃ ২০১৫ চনতে টাই আহোম উন্নয়ন পৰিষদে টীয়কৰ জগদুৱাৰ নপমুৱাত তিনি কোটিৰো অধিক অৰ্থ ব্যয়ৰে স্থাপন কৰা হস্ত তাঁত বস্ত্ৰ শিল্পৰ উদ্যোগটি আজিও কাৰ্যক্ষম নোহোৱাত বৰ্তমান প্ৰকল্পটো জহি খহি যোৱাৰ উপক্ৰম ঘটিছে।স্থানীয় ৰাইজ তথা দল সংগঠনে গত বছৰ সমূহত বহুবাৰ উক্ত প্ৰকল্পটো কাৰ্যক্ষম কৰি তুলিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত প্ৰকল্পটি কাৰ্যক্ষম নহ'ল।অৱশ্যে উক্ত অঞ্চল এতিয়া নতুনকৈ মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পাছতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উক্ত প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক অৱগত কৰি আজি মন্ত্ৰীগৰাকীক উক্ত প্ৰকল্পটি প্ৰত্যক্ষ কৰায়।মন্ত্ৰীগৰাকী উক্ত প্ৰকল্পত উপস্থিত হৈ সমগ্ৰ পৰিবেশ অধ্যয়ন কৰি ইতিমধ্যে জিলা আয়ুক্ত,বিধায়ক তথা বিভাগীয় বিষয়াৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি অনতি পলমে প্ৰকল্পটি কাৰ্যক্ষম কৰাৰ আশ্বাস প্ৰদান কৰে লগতে প্ৰকল্পটোৰ ভূমিদাতাৰ লগতে অন্যান্যভাৱে জড়িত সকলোৰে সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।



উল্লেখযোগ্য যে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰ্তমান বিজেপিৰ বহু নেতা কংগ্ৰেছত যোগদান কৰাৰ কথা চলি থকাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এয়া তেওঁৰ বাবে অতি হাস্যকৰ বুলে সদৰি কৰি বৰ্তমানো অসমত বিজেপিৰ স্থিতি অধিক সবল বুলি মন্তব্য কৰে যিটো যোৱা লোকসভা নিৰ্বাচনত ৰাইজে প্ৰমাণ কৰিছে।

No comments