মক্ৰংঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ, ৭ জনক আটক, মূল অভিযুক্ত বিপুল দেউৰিক কৰায়ত্ব
পৰাগ বৰুৱা, ফৰকাটিংঃ মক্ৰং তিনিআলিত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই অবৈধ সুৰা ভৰ্তি এখন বাহন জব্দ কৰে। অভিযানত এএছ০৩বিচি-৭০৩০ নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে ৯৫৯ কাৰ্টুন অবৈধ সুৰা। লগতে আটক কৰে ৭জনকৈ লোকক। ইতিমধ্যে গোলাঘাটৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি যোৰহাট বেণ্ডে ওৱাৰ হাউচৰ পৰা সুৰা খনি আনি মৰিয়নি দোকানত বিক্ৰী নকৰি দুদিন মান পিচত নাগালেণ্ডলৈ অধিক টকাৰ লোভতবিপুল দেউৰী নামৰ লোকজনে সৰবৰাহ কৰি আহিছে।
ইতিমধ্যে বিপুল দেউৰীকো মৰিয়নিত কৰায়ত্ব কৰি গোলাঘাটলৈ আনি থকা হৈছে বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।
No comments