Breaking News

নগাঁৱত অব্যাহত আছে বাঘৰ সন্ত্ৰাস, পুনৰ জুৰীয়াত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন



বিভূতি বৰা, নগাঁওঃ নগাঁৱৰ জুৰীয়াত পুনৰ বাঘৰ আক্ৰমণ । বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন। নগাঁৱৰ জুৰীয়াৰ পুঠিমাৰিত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম আব্দুল ৰেজ্জাক বুলি জানিব পৰা গৈছে। আব্দুল ৰেজ্জাকে ঘৰৰ ওচৰতে পথাৰত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমন কৰে। সম্প্ৰতি আব্দুল ৰেজ্জাকক নগাঁৱলৈ লৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে যোৱা এপষেক ধৰি নগাঁৱৰ জুৰীয়া, ধিং, বটদ্ৰৱা আদি বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি থকা বাঘটোৱে ইতিপূৰ্বে তিনিজনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰিছিল। বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনীত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হয়। সেয়ে বৰ্তমানেও বাঘটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই বাঘটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে চৰকাৰ তথা বন বিভাগৰ ওচৰত দাবী জনাইছে যাতে অতি শীঘ্ৰে বাঘটোক জনাঞ্চলৰ পৰা কাষতে থকা লাওখোৱা অভয়াৰণ্যলৈ খেদি পথায়।



No comments