Breaking News

নগাঁও জিলাৰ বটদবদ্ৰৱাৰ বৰভেটিত হস্তনিৰ্মিত পিষ্টল, চাৰিজাই গুলীসহ এজনক আটক বটদ্ৰৱা আৰক্ষীৰ



বিভূতি বৰা, নগাঁওঃ নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানৰ অন্তৰ্গত বৰভেঁটিৰ পৰা আৰক্ষীয়ে হস্তনিৰ্মিত পিষ্টল, চাৰিজাই গুলী সহ এজনক আটক কৰিবলৈ সক্ষম হয়৷ আমলখী গাঁৱৰ জিয়াউৰ ৰহমান নামৰ লোকজনৰ পৰা সক্ৰিয় গুলীসহ পিষ্টলতো উদ্ধাৰ কৰে৷ জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে পুৱা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত বটদ্ৰৱাৰ নিকটবৰ্ত্তী সংখ্যালঘু অধ্যুষিত বৰভেঁটি গাৱৰ পৰা লোক জনক আটক কৰি থানালৈ আনে৷ বৰ্তমান অধিক তথ্য অনুসন্ধানৰ বাবে লোক জনক বটদ্ৰৱা থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷


No comments