Breaking News

খুমটাইৰ গৰঙা চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ, ন দফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ বাগিচাৰ পৰিচালকৰ হাতত প্ৰদান



ভাস্কৰ ৰাজগুৰু, খুমটাইঃ বুধবাৰে গোলাঘাটৰ গৰঙা চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ অন্তৰ্গত বাগিচা সংঘৰ উদ্যোগত চাহ বাগিচাৰ শ্ৰমিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । অসম চৰকাৰ হায় হায় , চাহ শ্ৰমিকৰ দাবী কাৰ্যকৰী কৰক,  অসম চাহ নিগম মুৰ্দাবাদ আদি শ্লগানেৰে বাগিচাৰ পৰিৱেশ‌ উত্তাল কৰি তোলে প্ৰতিবাদী চাহ শ্ৰমিকসকলে ।  চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি , বাগিচাৰ চাহ শ্ৰমিকৰ ঘৰ-দুৱাৰ নিৰ্মাণ , শৌচাগাৰ , স্নানাগাৰ নিৰ্মাণ , বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা , বাগিচাৰ‌ চিকিৎসালয়ৰ উন্নীতকৰণ , অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গ্ৰেচুইটি , ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰা , বাগিচাৰ দায়িত্বশীল পদত নিয়োজিত শ্ৰমিকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা , বাগিচাৰ স্থায়ী শ্ৰমিকৰ পূৰ্বৰ সংখ্যা বাহাল ৰখা , বাগিচাৰ শ্ৰমিকসকলে বসবাস কৰা কোম্পানীৰ গৃহসসমূহ আৰু মাটিডোখৰ শ্ৰমিকজনৰ নামত আৱন্টনৰ ব্যৱস্থা কৰা , মেকলয়ড ৰাছেল ,এন্ড্ৰয়েল আৰু অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগ তথা সমস্যাসমূহৰ তৎকাল সমাধানৰ ব্যৱস্থা কৰা ,সংঘৰ পূৰ্বৰ এঘাৰদফীয়া দাবীসমূহৰ ভিতৰত অমীমাংসিত দাবীসমূহ ৰূপায়ণ কৰা ইত্যাদি ন-দফীয়া দাবী সন্মিলিত এখন স্মাৰক পত্ৰও চাহ শ্ৰমিকসকলে বাগিচাৰ পৰিচালকৰ হাতত প্ৰদান‌ । তেওঁলোকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকো তেওঁলোকৰ দাবী সমূহ সংসদত সজোৰে উত্থাপন কৰিবলৈ আহ্বান জনায় । 



তদুপৰি অসম চাহ নিগম আৰু অসমৰ মুখ্যমন্ত্ৰীক দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে সমস্যাসমূহৰ ক্ষীপ্ৰ সমাধান উলি‌য়াবলৈ প্ৰতিবাদী শ্ৰমিকসকলে আহ্বান জনায় ।

No comments