Breaking News

গোলাঘাটৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ, অংশগ্ৰহণ প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াৰ

অসমীয়া ভাষাৰ জগতৰ উজ্বল নক্ষত্ৰ ড° নগেন শইকীয়াৰ নামত নিৰ্মিত তোৰণ উন্মোচনৰ ক্ষণটো মোৰ মনত সদায় সজীৱ হৈ থাকিব-জয়ন্ত বৰুৱা। জন্মস্থান হাতীয়েখোৱাত ড০ নগেন শইকীয়াৰ এটি আৱক্ষ মূৰ্তি স্থাপনৰ পোষকতা পৰিৱেশকৰ্মী,জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখনি আজি দিনজোৰা কায্যসূচীৰে সম্পন্ন হয় পুৱা ৯ বজাত সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই শ শ ৰাইজৰ উপস্থিতিত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া নামত নৱনিৰ্মিত টোৰণ খনি আয়তিৰ মঙ্গলধ্বনিৰ মাজত উন্মোচন কৰে ৷ সমাজকৰ্মী যুৱক ৰণ্টু শইকীয়াই নিৰ্মাণকৰি উলিওৱা এই তোৰণ শুভ উদ্বোদ্বন কায্যসূচীত স্বয়ং বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷ ইয়াৰ পিছতে অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী দোৰ্ণকান্ত শইকীয়াৰ আৱক্ষৰ মূৰ্তীটো উন্মোচন কৰে ড°নগেন শইকীয়াই প্ৰয়াত দ্ৰোণকান্ত শইকীয়াৰ পৰিয়াল সহ বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷ বিদ্যালয়খনত ইতিপূৰ্ব্বে শিক্ষকতা কৰি অৱসৰ গ্ৰহন কৰা মৃত শিক্ষাগুৰু সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালনৰ পিছত মঞ্জু হাজৰিকাই নিৰ্মাণ কৰিদিয়া প্ৰয়াত ইন্দেশ্বৰ হাজৰিকা সোঁৱৰণী খোৱাপানী আঁচনি উদ্বোধন কৰে বিশিষ্ট পৰিবেশ কৰ্মী, সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে৷ 

উদ্বোধন কৰি গোস্বামীয়ে কয় যে, হাতীয়েখোৱাত ড০ নগেন শইকীয়াৰ এটি আৱক্ষ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত প্ৰয়াত সাংবাদিক কৌস্তুভমণি হাজৰিকাই প্ৰাৰম্ভিক আলোচনা চলাইছিল যদিও তেখেত বৰ্তমান ইহসংসাৰত নাই। সেয়েহে হাতীয়েখোৱাবাসীয়ে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি জন্মস্থান হাতীয়েখোৱাত ড০ নগেন শইকীয়াৰ এটি আৱক্ষ মূৰ্তি স্থাপনৰ পোষকতা কৰে গোস্বামীয়ে।



ইয়াৰ পিছত প্ৰয়াত মাণিক শইকীয়া সোৱঁৰণী প্ৰাৰ্থনা গৃহৰ শুভাৰম্ভ কৰে ডা° অজিত বৰুৱাই ৷ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ গোস্বামীৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানত বিভিন্নজনক সম্বদ্ধনা জনোৱাৰ লগতে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা আৰু অসমীয়া ভাষাৰ জগতৰ উজ্বল নক্ষত্ৰ ড° নগেন শইকীয়াৰ বিশেষভাবে সম্বদ্ধনা জনোৱা হয় ৷ ইয়াৰ মাজতে সমবেত সংগীত পৰিবেশনৰ পিছত উদযাপন সমিটিয়ে প্ৰকাশ কৰা স্মৰণিকা “ৰোমন্থন” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰৱক্তা পৰেশ দত্তই ৷এই অনুষ্ঠানতেই অনুষ্ঠিত চিত্ৰাংকন প্ৰতেযোগিতা বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

No comments