Breaking News

কাজিৰঙা বানত ডুবি থকাৰ সময়তো পঞ্চতাৰকা হোটেল বিতৰ্কৰ নতুন দিশ, অবৈধ ফেঞ্চিং উভালি ভূমিৰ গৰাকী কৃষকে কঠিয়া পৰাত আৰক্ষীৰ বাধা আৰু মুখামুখি সংঘৰ্ষ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত কাজিৰঙাৰ প্ৰাকৃতিক এনিমেল কৰিডৰ বন্ধ হয় আৰু কৃত্ৰিম কৰিডৰ সৃষ্টি কৰিব পাৰি নেকিঃ সোণেশ্বৰ নৰহ



ডিজিটেল সংবাদ, বোকাখাতঃ অসমৰ শেহতীয়া সংহাৰী বান-মথাউৰি চিগা কাণ্ডৰ পৰিস্থিতি মাৰ নৌ যাওঁতেই পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চতাৰকা হোটেল বিতৰ্ক নৰূপত উন্মোচিত হৈছে।

যোৱা ৫ তাৰিখে কাজিৰঙা ইংলে পথাৰত তাৰ ভূমি অধিকাৰী আদিবাসী লোক সকলে পূৰ্বৰ দৰে এইবাৰো পথাৰত সমূহীয়াকৈ কঠিয়া পাৰিবলৈ কৃষি সজুঁলি লৈ নামি পৰিছিল, কিন্তু তৎমূহূৰ্তত চৌদিশে কাঁটাতাঁৰ লগোৱা দেখি আচম্বিত হৈ খঙত অগ্নিবৰষে থলুৱা আদিবাসী ৰাইজৰ। হঠাৎ কাষৰে এখন “হংথৰ -HONGTHOR নামে ৰিজৰ্ট খনৰ পৰা আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে বন্দুক বাৰুদ লৈ থলুৱা আদিবাসী কৃষক পৰিয়ালক বাধা প্ৰদান কৰে। তেনে সময়ত বীৰত্বপূৰ্ণ ভাবে স্থানীয় কৃষক সকল যুঁজ দি ফেঞ্চিঙৰ খুটা উভালা,কাঁটা তাৰ ঘপিয়াই চিঙাৰ দৃশ্য এক গোপন কেমেৰাত বন্দী হয়। আচৰিত কথাটো হ'ল সম্প্ৰতি সেই এলেকাত মানুহৰ প্ৰবেশ তথা কেমেৰাত ফটো ভিডিঅ' তোলা নিষিদ্ধ কৰা হৈছে। আৰু” THE PROPERTY BELONGS  ATDC” বুলি ফলক লগোৱা হৈছে। কিছুদিনৰ পূৰ্বে অঞ্চলটোৰ জি পি এছ লোকেচন যুক্ত ফটো ভিডিঅ' জীপাল কৃষক শ্ৰমিক সংঘৰ এক প্ৰতিনিধি দলে বিশেষ কৌশলেৰে সংগ্ৰহ কৰে। তাত দেখা গৈছিল অবৈধ চৰকাৰী কাঁটা তাঁৰ আৰু গৃহ নিৰ্মাণ কাৰ্যৰ । 



 উল্লেখযোগ্য যে স্থানীয় লোকে যোৱা ৫ জুলাই ২০২৪ তাৰিখে সমূহীয়াকৈ কঠিয়া পাৰিবলৈ যোৱা সময়ত সংঘৰ্ষত লিপ্ত হয় যদিও পিছৰ দিনাও প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলে। সেই খবৰ পাই পিছৰ দিনা স্থানীয় যুব নেতা প্ৰনৱ দলে তথা তেওঁৰ সতীৰ্থ উপস্থিত হৈছিল ঘটনা স্থলীত। কিন্তু অতি পৰিতাপৰ কথা যে উক্ত ক্ষেত্ৰখনত তেওঁক প্ৰবেশত বাধা প্ৰদান কৰে তাত মোতায়েন হৈ থকা আৰক্ষী বাহিনীয়ে। আৰু তেওঁ খেতিয়ক ৰাইজৰ হৈ বাকযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হয়।

  এই বাধা প্ৰদান কাৰ্যক জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰভাৱে ভৎসৰ্না কৰে আৰু সকলো প্ৰান্তৰ মানৱতাবাদী লোকে এনে মানৱতা উলংঘনস্থলীত প্ৰবেশ কৰাৰ অধিকাৰ আছে বুলি দাবী কৰে। সংবাদ মাধ্যমৰ আগত জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুয়ে সবিস্তাৰে দাবী তোলে। এইখিনিতে জীপাল কৃষক শ্ৰমিক সংঘই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয় , কাজিৰঙাৰ পৰিৱেশ-জৈবতন্ত্ৰ কি তেওঁৰ মতে চলিব ? তেওঁৰ ইচাৰাত কাজিৰঙাৰ  এনিমেল কৰিডৰ বন্ধ কৰি তাত তেওঁৰ ব্যক্তিগত ৰিজৰ্ট বা বাগিচা হয়। আৰু তেওঁৰ ইচাৰাত কৃত্ৰিম স্থানেদি এনিমেল বা হাতীৰ কৰিডৰ নিৰ্মাণ হ'ব? কাজিৰঙাৰ জৈৱ তন্ত্ৰ কি তেওঁৰ আঙুলিৰ ঠাৰত নিয়ন্ত্ৰিত হয় ?যি সময়ত আজি বানাক্ৰান্ত  কাজিৰঙাৰ জীবকুলৰ সুৰক্ষাৰ বাবে সমগ্ৰ অসমৰ জনতাই তেওঁলোকৰ বহুমূলীয়া সময়ক উৎসৰ্গা কৰিছে,যেনে এঘন্টাৰ বাটক ৪ ঘন্টালৈকে ধৈৰ্যৰে কটাই সময় আৰু অধিক ইন্ধন পুৰি বন্যপ্ৰাণীৰ সুৰক্ষাত ভূমিকা পালন কৰিছে,

এফালে হাজাৰ হাজাৰ মালবাহী -খাদ্যসামগ্ৰীৰ ট্ৰাক সমূহৰ যাতায়ত স্তব্ধ হৈ পৰিছে বহুদিন ধৰি। বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত নুমলীগড়ৰ পৰা মাঞ্জাহৈ দূৰবতীয়া বাটেৰে যায় , ইয়াৰ ফলত উদ্ভৱ হোৱা মূল্য বৃদ্ধিৰ বোজা পুণৰ অসমৰ বানাক্ৰান্ত ৰাইজেই ভৰিব লগা হৈছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ  একো যোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে বৰং হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেই পৰম্পৰাগত ভাবে ৩০০ৰো অধিক হাতী, অন্যান্য জীৱকূলৰ বিচৰণ ভূমি ইংলেপথাৰত জীৱকূলৰ পৰিপন্থী ফেঞ্চিং-কাটাতাঁৰ লগাই মৰনফান্দ লগোৱা কাৰ্যৰ বিপৰীতে স্থানীয় কৃষক তথা জীপাল কৃষক শ্ৰমিক সংঘ আৰু বহু প্ৰকৃতিপ্ৰেমী সংগঠন, ৱাইল্ড লাইফ চচাইটি আৰু কিছু স্থানীয় ৰাজহুৱা কৰ্মীয়ে তীব্ৰ বিৰোধিতা কৰি আহিছে। 

   এইখিনিতে জীপাল কৃষক শ্ৰমিক সংঘই স্পষ্ট কৰি দিয়ে যে হাতীৰ বিচৰণ স্থলীৰ সুৰক্ষাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্যতাৰ লগত সহবস্থান কৰি অহা থলুৱা কৃষক সকলৰ ভূমি অধিকাৰ সুৰক্ষিত হ'ব লাগিব। অন্যথা যিকোনো মূল্যৰ বিনিময়ত এই ইচ্ছ্যুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ হুংকাৰ দিয়ে জীপাল কৃষক শ্ৰমিক সংঘই।

  এক বিশ্বস্ত সূত্ৰৰ প্ৰাপ্ত তথ্য অনুসৰি ৭ জুলাইত মাজুলীৰ পৰা উভতি আহি হিমন্ত চৰকাৰৰ বহুবল্কী তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঁহৰাৰ পুলিচ বাংলোত বাহৰ পাতে। যদিও হায়াতৰ পঞ্চতাৰকা হোটেল কাণ্ডৰ প্ৰশ্ন অৱতাৰণা নকৰিবলৈ অনুৰোধ কৰে। অন্যহাতেদি লাভ কৰা এক গোপন খবৰ যে ,খুদ মুখ্যমন্ত্ৰীয়ে জিলাৰ আৰক্ষী অধীক্ষক তথা প্ৰশাসনক যিকোনো মূল্যৰ বিনিময়ত,দমন- লাঠি চাৰ্জ আৰু গোচৰ পঞ্জীয়নেৰে জেল হাজোতলৈ প্ৰেৰণ কৰি হ'লেও ভূমি অধিগ্ৰহণ আৰু যাবতীয় নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া বাতৰি মানুহৰ মুখে মুখে।


  উল্লেখযোগ্য যে ইংলে পথাৰৰ গাতে লাগি থকা বিতৰ্কিত ৰিজাৰ্ভ লেণ্ডত নিৰ্মিত হংথৰ ৰিজৰ্টখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্ণধাৰ বুলি চৰ্চা লৈ আহিছে। তেনে স্থলত থলুৱা কৃষক সকলে ইংলে পথাৰত কৃষি কৰ্ম কৰি অহা এই কৃষি ভূমিত ৩০০ ৰো অধিক হাতীয়ে ঘূলি বিচৰণৰ সহবস্থানৰ ইতিহাস বিকৃত কৰাৰ তথ্য পোহৰলৈ আহিছে। যি সকল লোকে হাতীক নিজৰ ফচল খোৱাই কাজিৰঙাৰ জৈৱ্য বৈচিত্ৰ্যতা সুৰক্ষাত  অৱদান যোগাই আহিছে । তেনে লোকৰ ওপৰত সম্পূৰ্ণ অনৈতিক আৰু সেচ্ছাচাৰীভাবে  ভূমি অধিগ্ৰহণ , কাৰচাজিৰ মাজেৰে ভূমি পৰ্যটন নিগমলৈ হস্তান্তৰ কৰা আৰু ম্যাদিকৰণ এটা ৰাতিৰ ভিতৰতে কৰি লৈ পুঁজিপটিৰ হাতত গতোৱা কাণ্ডৰ তথ্য সম্প্ৰতি স্পষ্ট ৰূপত পোহৰলৈ আহিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে যুগ যুগ ধৰি বসবাস কৰি অহা সৰ্বসাধাৰণ লোকে আবেদন নিবেদন তথা কাকুতি মিনতি কৰিলেও ম্যাদিকৰণ কৰিব নোৱাৰে কিন্তু আজিৰ পৰিস্থিতিত থলুৱা লোকৰ ভূমি কাঢ়ি এৰাতিৰ ভিতৰত বেলেগৰ নামত উঠাব পাৰে।এইয়াই হৈছে ধনীক শ্ৰেনীস্বাৰ্থ সুৰক্ষাকবচ বসুন্ধৰা আঁচনিৰ মহত্ব বুলিও কতাক্ষ কৰে।

  জীপাল কৃষক শ্ৰমিক সংঘই  তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ ভিত্তিত উক্ত হাতী খুলি চাহ বাগিছাৰ ইংলেপথাৰ তথা হাতীয়ে পৰম্পৰাগত ভাবে ঘূলি থকা উক্ত ৩০ বিঘা ভূমি অসম পৰ্যটন নিগমক( বলপূৰ্বক ভাৱে)আৱন্টন দেখুৱাই আৰু লগে লগে মাটি নামজাৰীৰো নিৰ্দেশনা থকা প্ৰপত্ৰ পোহৰলৈ আনে। আশ্চৰ্যকৰ কথাটো হ'ল ৩০ বিঘা মাটি বুলি চকুত ধূলি মাৰি ম্যাদিসহ  ১০০ বিঘা মাটিৰ সেই এলেকাকেই প্ৰায় মেৰিয়াই ধৰাৰ সমকক্ষ হোৱাৰ ফলত ৰাইজৰ আশংকা ঘনিভূত হৈছে যে,এই চক্ৰান্ত “এদেও দুদেও -লুটা নিবৰ চেও…”এই ভূমিতেই কংক্ৰীটৰ দেৱাল সাজি পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব আৰু যুগ যুগলৈ হাতীৰ বিচৰণ ভূমি লুপ্ত হোৱাৰ ফলত চুবুৰীয়া অঞ্চলত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ ভয়ানক পৰিস্থিতি নাহিবলৈ সকলো স্তৰৰ জনতাক এই বিষয়ত মাত মতাৰ আহ্বান জনায় জীপাল কৃষক শ্ৰমিক সংঘই।

No comments