জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায় ( বত্ৰিশতম খণ্ড)
উৰাজাহাজত বহি খিৰিকীৰে সেউজীয়া অসমখন আকৌ এবাৰ চাওঁতে ক'ৰবাৰ শোক এটাই বুকুখন হেঁচি ধৰিছিল । আপোন মানুহবোৰ , চিনাকি হৈ অহা লোক সকলৰ ছবিবোৰে.......
মালবিকা শৰ্মা, ভুবনেশ্বৰ
সেইদৰে গুৱাহাটীত থকা ডাঙৰ মাহী , সৰু খুৰা আৰু সৰু পেহীৰ ঘৰলৈ গৈ সকলোকে এবাৰকৈ দেখা দি আহিলোগৈ। ডাঙৰ মাহীৰ একমাত্ৰ ছোৱালীয়ে নিজ হাতেৰে আমাক নানা প্ৰকাৰৰ সুস্বাদু তৰকাৰীৰে ভাত এসাজ খোৱালে। সৰু পেহীয়েও অতি আন্তৰিকতাৰে আমাক সুন্দৰকৈ এসাজ ৰান্ধি খোৱালে। আপোন মানুহখিনিৰ মাজত কটোৱা সেই সময়খিনিৰ সুগন্ধ যেন মোৰ নাকত এতিয়াও লাগিছেহি । ঊনত্ৰিশ তাৰিখে মোৰ অন্তৰংগ বান্ধৱী অদিতি বৰুৱাৰ ঘৰত আমি থকাকৈ গৈ উপস্থিত হওঁ। তাইৰ জীৱনসংগী শ্ৰীযুত কিশোৰ মোহন ভট্টাচাৰ্য্য মোৰ দাদা সদৃশ হোৱাৰ লগতে দুয়োৰে একমাত্ৰ পুত্ৰ প্ৰত্যুষ জয়দীপৰ ভাল বন্ধু। সেয়ে আমাৰ তাতে থকা সময়খিনিও আমি বৰ আনন্দৰে পাৰ কৰিলোঁ । কিশোৰ দাৰ সুমধুৰ কণ্ঠৰ গীত পৰিবেশনে সন্ধিয়াটো বেছ আকৰ্ষণীয় কৰি তুলিছিল । অদিতিয়েও মাজতে কিশোৰদাক লগ দি যেন সোণত সুৱগাহে চৰাইছিল । সেই সন্ধিয়াতে অদিতিৰ বাসগৃহত মোৰ সৈতে দেখা কৰিবলৈ আহিছিল শ্ৰীযুত ত্ৰিদীপ বৰুৱা। তেওঁ নিৰ্মান কৰা 'ত্ৰেত্ৰা' এপৰ জড়িয়তে আৰু তেওঁৰ সহযোগতে মই অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ প্ৰবাসী উদ্দীপনা পত্ৰিকাখনক ই-পত্ৰিকাৰ ৰূপ দি আহিছোঁ। পেশাত এজন অভিযন্তা হ’লেও আমাৰ সাহিত্য সংস্কৃতিৰ ওপৰত বৰুৱাৰ জ্ঞান অপৰিসীম। তেওঁৰ সুন্দৰ কথা-বৰ্তা আৰু অমায়িক ব্যৱহাৰত বিগলিত হৈ মায়ে সিদিনা বৰুৱাক আশীৰ্বাদেৰে উপচাই পেলালে ।
ত্ৰিশ জুলাই তাৰিখে বিষাদ মন এটা লৈ সকলোৰে পৰা বিদায় লৈ আমি অসম এৰিলোঁ জীৱন আৰু জীৱিকাৰ তাগিদাত । নহ'লেনো আপোন মাটি ,আপোন ভেটি ,আপোন মানুহবোৰৰ পৰা আঁতৰত থাকিব পাৰি জানো ! উৰাজাহাজত বহি খিৰিকীৰে সেউজীয়া অসমখন আকৌ এবাৰ চাওঁতে ক'ৰবাৰ শোক এটাই বুকুখন হেঁচি ধৰিছিল । আপোন মানুহবোৰ , চিনাকি হৈ অহা লোক সকলৰ ছবিবোৰে যেন শুকুলা ডাৱৰৰ মাজেৰে অহা-যোৱা কৰি আছিল তেনে লাগিছিল । চকুযোৰ সেমেকি আহিবলৈ লওঁতেই লাগেকৈ চকুযোৰ জপাই থলোঁ । চকুলোবোৰ নসৰাওঁ ……আকৌ আহিম অসমলৈ । আকৌ লগ পাম সকলোকে । মনৰ কথাবোৰ মুকলিকৈ পাতিম । আকৌ আহিম………বাৰে বাৰে আহিম……!!
সিদিনা মণিপাললৈ আহি থাকোতে গোটেই সময়খিনিত এৰি অহা সময়খিনিয়ে মনলৈ আহি আছিল। উৰাজাহাজেৰে গুৱাহাটীৰপৰা মুম্বাইলৈ, মুম্বাইৰপৰা মাংগালোৰলৈ, আকৌ মাংগালোৰৰপৰা টেক্সিৰে মণিপাললৈ যাত্ৰাটো বেছ দীঘলীয়া আছিল। বৰষুণ দি থকা বাবে নিৰ্ধাৰিত সময়তকৈ কিছু দেৰীকৈ উৰাজাহাজে যাত্ৰা আৰম্ভ কৰাত আমাৰ গন্তব্যস্থান পাওতে ভালেখিনি ৰাতি হৈছিল। ৰাতি তলা খুলি খালি ঘৰটোত সোমাবলগীয়া হওতে মনটো বৰ বেয়া লাগিছিল।
আকৌ আৰম্ভ হ’ল মণিপালৰ জীৱন। আৰম্ভ হ’ল ল’ৰাৰ ক্লাচ, মাৰ টিভি চোৱা আৰু মোৰ ফোন লৈ ৱাটচএপ আৰু ফেচবুকৰ লগতে কিছু লিখা মেলাৰ ব্যস্ততা। তাৰ মাজতে দিনটোৰ ভিতৰত কিছু সময় শোভাৰ সৈতে কথা বাৰ্তা কৰি মনটো সতেজ কৰি ৰাখোঁ। তায়ো মা আৰু মোৰ সৈতে কথা পাতিবলৈ পালে বৰ ভাল পায়। কামৰ মাজত অলপ সময়ৰ বাবে হ’লেও আমাৰ কাষত বহি লৈ তাই নিজৰ জগতখনৰ খবৰবোৰ আমাক দি যায়। মাজে সময়ে মোৰ হাতৰ চাহ কাপৰ সোৱাদ ল’বলৈ অঞ্জলিও আহি উপস্থিত হয়।
(আগলৈ)
No comments