জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ একত্ৰিশতম খণ্ড
আমিবোৰহে পিছ পৰিলোঁ । সময়বোৰে যেন দৌৰিবলৈহে লৈছে তেনে লাগিবলৈ ল'লে । ফুৰিবলৈ , আপোন মানুহবোৰৰ সৈতে অলপ সময় কটাবই নোৱাৰিম যেন সেই সময়ত তেনে লাগিবলৈ লৈছিল
(মালবিকা শৰ্মা, ভুবনেশ্বৰ)
সেইদিনা মাৰ্ঘেৰিটাৰ পৰা ঘূৰি আহি ডিব্ৰুগড় আহি পাওঁতে ৰাতি হৈছিল। যোৰহাটত লগ পোৱা গোস্বামী দাদাই ডিব্ৰুগড়ত থকা অসমৰ স্বনামধন্য বুদ্ধিজীৱি ড. নগেন শইকীয়া চাৰৰ কথা উল্লেখ কৰিছিল আৰু ফোনৰ জড়িয়তে তেখেতৰ দৰে সন্মানীয় ব্যক্তি এজনৰ সৈতে চিনাকি হোৱাৰ সুবিধা কৰি দিছিল। ৰাতি হ’লেও মই চাৰক দি থোৱা কথামতে চাৰৰ ঘৰত উপস্থিত হৈছিলোঁ । চাৰৰ দৰে গুণী জ্ঞানী এজন ব্যক্তি এজনক মোৰ দৰে এগৰাকী সাধাৰণ সামান্য মানুহে দৰ্শন কৰিবলৈ পোৱাতোও অতি ভাগ্যৰ কথা । তেখেতৰ ঘৰত বহি থকা সময়খিনিতে মোক অসমীয়া ভাষাৰ সৈতে উৰিয়া ভাষাৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ বিষয়ে কিছু প্ৰয়োজনীয় কথাৰে মোক উপকৃত কৰিলে । মই কিন্তু তেওঁ কি কৈছে কি নকৈছে একো নুশুনি কেৱল তেখেতৰ মুখখনলৈহে মুগ্ধ হৈ চাই ৰৈছিলোঁ। কি যে সুন্দৰ আছিল তেখেতৰ কথাবোৰ আৰু ব্যৱহাৰখিনি। তেখেতে সস্নেহেৰে মোক তেখেতৰ পত্নী আৰু ঘৰত উপস্থিত আনবোৰ সদস্যৰ সৈতে মোক চিনাকি কৰাই দিছিল । সকলোৰে সৈতে পৰিচয় হৈ দুই এষাৰ কথাৰে সামৰি পুনৰ সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে পৰা বিদায় লৈ ঘৰলৈ ঘূৰিলোঁ । চাৰৰ দৰে এজন লিখক ,চিন্তাবিদ ,বুদ্ধিজীৱী ব্যক্তিৰ সামান্য সান্নিধ্যৰ কথাটো সদায়ে মোৰ মনত থাকি যাব ।
উজনিৰ যাত্ৰা কালত লগ পোৱা আৰু সংগ দিয়া সকলোৰে মৰমবোৰ বুকুত সাৱতি আৱেগবোৰ অ'ত ত'ত সিঁচি থৈ ডিব্ৰুগড়ৰ আপোন মানুহখিনিৰ পৰা বিদায় লৈ গধূৰ মন এটাৰে ছাবিশ জুলাই তাৰিখে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ । আকৌ কেতিয়া সকলোৰে সৈতে পুনৰ দেখা দেখি হ'ব পাৰিম তাৰ অনিশ্চয়তাবোৰ মোৰ লগে লগে আহিল ।
গুৱাহাটীৰ মামাৰ ঘৰত তিনিৰাতি থাকি পুনৰ নিজৰ গন্তব্য স্থান মনিপাললৈ যোৱাৰ টিকট ইতিমধ্যে সাজু হৈয়ে আছিল । প্ৰকাণ্ড বেলগছ এজোপাৰে পদূলি শুৱাই ৰখা মামাহঁতৰ পুৰণা ঘৰটো দেখিলে এতিয়াও স্মৃতিকাতৰতা হৈ পৰোঁ । মৰম লগা আইতাৰ মুখখন বাৰে বাৰে মনত পৰিলেই অজান শোক এটাই এতিয়াও আমনি কৰেহি । আইতা যেতিয়া আছিল আমি আহিম বুলি জানিলে আইতাই প্ৰথম মহলাৰ বেলকণিত বহি আমালৈ অপেক্ষা কৰি থকা দৃশ্যটো চকুৰ সন্মুখত ভাঁহি উঠিল । দূৰৈৰ পৰা আমাক দেখিলেই মাত দিয়ে-মমী, আহিলি ? সেই ক্ষণ ,সেই পৰিবেশ সকলোবোৰ এতিয়া স্মৃতিহে মাথোন। মামা, মামীৰ মৰম আৰু আন্তৰিকতাবোৰৰ কিন্তু অকনোৱেই লৰচৰ হোৱা নাই । সেই একেই আমাৰ মামা- মামী হৈয়ে আছে। আগলৈও যাতে ভগৱানে তেওঁলোকক এইদৰেই ৰাখে তাৰেই প্ৰাৰ্থনা কৰোঁ । মামাৰ ঘৰ মানেই মাৰ ঘৰ । তেনে অৱস্থাত মাক আৰু কিবা লাগেনে ! নিজৰ কুটুমক পোৱাৰ লগে লগে দেহাত কঢ়িয়াই ফুৰা অসুখবোৰেও তেতিয়া পলাই ফাঁট মেলিলে । আমিবোৰহে পিছ পৰিলোঁ । সময়বোৰে যেন দৌৰিবলৈহে লৈছে তেনে লাগিবলৈ ল'লে । ফুৰিবলৈ , আপোন মানুহবোৰৰ সৈতে অলপ সময় কটাবই নোৱাৰিম যেন সেই সময়ত তেনে লাগিবলৈ লৈছিল।
আগতে কথা দিয়া অনুসৰি সাতাইশ তাৰিখে মোৰ প্ৰিয় ভন্টী সদৃশ চিংকি মহন্ত আৰু তেওঁৰ জীৱনসংগী ইমদাদুৰ ৰহমানে আহি মোক আৰু মোৰ পুত্ৰক লৈ থলুৱা ভাত এসাঁজ খোৱাবলৈ আৰু লগ হৈ মনৰ কথা কিছু পাতিবলৈ লগত লৈ ওলাল । গাটো বেয়া লাগি থকাত মায়ে সিদিনা ঘৰতেই বিশ্ৰাম ল’লে । প্ৰথমবাৰৰ বাবে চিংকি আৰু ইমদাদুৰক লগ পাইছিলো যদিও তেওঁলোকৰ পৰিয়ালটোক সদায় যেন আমি লগ পায়েই থাকো তেনে অনুভৱ হৈছিল । তেওঁলোকৰ সু পুত্ৰ হৃদয় স্পন্দনেও মোৰ পুত্ৰ জয়দীপক লগ পাই অনেক কথা পাতিলে । মৰম ,আন্তৰিকতা ,বিশ্বাস আদিয়ে কৰিব নোৱাৰা কাম একোৱেই নাই । তেনে এটা বিশ্বাসকে বুকুত বান্ধি এই যাত্ৰা কালত লগ পোৱা সকলোকে জীৱনত কাহানিও পাহৰিব নোৱাৰিম । এই সুযোগতে সকলোলৈ অন্তৰভৰা মৰম ,শ্ৰদ্ধা জনোৱাৰ লগতে সকলোৰে প্ৰতি কৃতজ্ঞ হৈ ৰ'লোঁ। সামাজিক মাধ্যমৰ এটি গোট 'চিয়াঁহী'ৰ তৰফৰপৰা চিংকিয়ে মোক সুন্দৰ গামোচা এখনেৰে আদৰণিও জনালে । অনেক কথাবতৰা আৰু সৰু সৰু আলোচনাৰবোৰৰ অন্তত সেই সুন্দৰ সন্ধিয়াটো তাতে এৰি থৈ পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আমি তেওঁলোকৰ পৰা বিদায় লৈছিলোঁ।
(আগলৈ)
No comments