Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায় (ত্ৰিশ তম খণ্ড)



               মালবিকা শৰ্মা, ভুবনেশ্বৰ


            খুৰীৰ সৰু ল’ৰাৰ বিয়া ঠিক হৈ থকাত আমি বাইশ জুলাই তাৰিখে, হ’বলগীয়া ন কইনাজনীক চাবলৈ লক্ষীমপুৰলৈ গৈছিলোঁ । যাওঁতে আৰু আহোতে বগীবিল দলংখন দেখাৰ সৌভাগ্যও হৈছিল। নতুনকৈ বনোৱা দলং যদিও ইতিমধ্যেই দলঙৰ একাংশৰ লাইটবোৰ বেয়া হৈ থকা দেখি মনটো বিষাদেৰে ভৰি উঠিছিল। লক্ষীমপুৰলৈ গৈ কইনাৰ লগতে কইনাৰ পৰিয়ালৰ মানুহখিনিৰ আতিথ্য আৰু আন্তৰিকতাত বাৰুকৈয়ে মুগ্ধ হ’লোঁ। জয়দীপে তালৈ গৈ ইমান ভাল পালে যে বিয়ালৈ আকৌ আহিব বুলি সকলোকে কথাই দি আহিল। তাৰ পৰা ঘূৰি পিছদিনাই অৰ্থাৎ চৌবিশ জুলাইৰ দিনা ৰাতিপুৱাই ওলালোঁ যোৰহাট অভিমুখে। আমি যোৱাৰ সময়ত ডিব্ৰুগড়ৰৰ খুৰীৰ ডাঙৰ বোৱাৰী নিজৰ কণমানি যঁজা ছোৱালী দুজনীক লৈ যোৰহাটৰ মাকৰ ঘৰত আছিলগৈ। তেওঁলোকক লগ পোৱাৰ হেঁপাহ আৰু ফেচবুকৰ জৰিয়তে চিনাকি হৈ নিজৰ দাদা হিচাপে পোৱা গোলাঘাটৰ শ্ৰীযুত অপূৰ্ব বল্লভ গোস্বামী দাদাকো এবাৰ সাক্ষাৎ কৰাৰ মন আছিল । দাদাই পৰাপক্ষত মোক যে লগ কৰিবলৈ আহিব সেইকথা মনে মনে ভাৱি থৈছিলোঁ । ভৱা মতেই দাদা গোলাঘাটৰপৰা যোৰহাটলৈ আহিল কেৱল মোক লগ কৰিবলৈকে । ফোনত কথা পাতি পাতি ঘৰৰ মানুহ যেন হৈ পৰা দাদাক চকুৰ সন্মুখত দেখি কিছু আৱেগিক হৈ পৰিছিলোঁ। সুন্দৰ, অতি অমায়িক আৰু আকৰ্ষনীয় ব্যক্তিত্বৰ অধিকাৰী গোস্বামী দাদাৰ সৈতে কথা পাতি আমাৰ সকলোৰে বৰ ভাল লাগিছিল। বহুত বছৰৰ চিনাকি কোনোবা নিজৰ মানুহ এজনকহে যেন আকৌ এবাৰ লগ পাইছো তেনে লাগিছিল। আৰু এগৰাকী মৰমৰ ভন্টীয়েও মোক তাত লগ ধৰিবলৈ আহিছিল। জোনালী দত্ত কলিতা নামৰ কম বয়সীয়া অতি মৰমলগা ছোৱালীজনীকো মই ফেচবুকৰ জড়িয়তেই লগ পাইছিলোঁ। ইমান বেছি অমায়িক আৰু মৰমলগা ব্যৱহাৰৰ বাবে প্ৰথমৰ পৰাই তাই মোৰ অন্তৰত বিশেষভাৱে সাঁচ বহুৱাইছিল। মই ডিব্ৰুগড়লৈ যাম বুলি শুনিয়েই তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে আহিবলৈ ওলাইছিল। পিছত আমি যোৰাহাটলৈ যাম বুলি জনোৱাৰ কাৰণে নিজৰ মানুহজনৰ সৈতে আমাক দেখা কৰিবলৈ আহিছিল। পুতলাৰ দৰে মানুহজনীক দেখি ইমান বেছি যে মৰম লাগিছিল যে তাইৰ সৈতে পাৰ কৰা সুন্দৰ সময়খিনি মনত পৰিলে এতিয়াও মোৰ মনটো আনন্দেৰে ভৰি উঠে ।

    

     পঁচিছ জুলাই তাৰিখে মা আৰু জয়দীপৰ সৈতে মোৰ বাবে এখন অচিন ঠাই মাৰ্ঘেৰিটালৈ বুলি ওলালোঁ। লক্ষ্য মাৰ্ঘেৰিটা নিবাসী শ্ৰীযুত ৰাজীৱ বৰঠাকুৰৰ সৈতে দেখা দেখি হোৱা । তেখেতৰ সৈতে মোৰ পৰিচয় ফেচবুকৰ জড়িয়তে আজি কেইবছৰমান আগতে হৈছিল । ফেচবুকত মোৰ লিখা কিছুমানত প্ৰায়ে মই ভুল কৰা শব্দবোৰ তেখেতে বাৰে বাৰে আঙুলিয়াই থাকি মোৰ লিখনি সমূহ উন্নত কৰিব পৰাকৈ উদগণি জনাই আহিছিল । এই বিষয়টোৰ বাবেই মই তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'লোঁ । ক্ৰমান্বয়ে আমাৰ দুয়োৰে বন্ধুত্বও গাঢ়হৈ আহি তেনেই আপোন আপোন যেন লগা হৈছিল । বহুততকৈ পৃথক ,অনন্য, ব্যতিক্ৰমী চিন্তাধাৰা আৰু বিষয়বস্তৰ ওপৰত লিখা তেখেতৰ লিখনি সমূহে মোক প্ৰথমৰ পৰাই বৰকৈ আকৃষ্ট কৰি আহিছিল । পিছলৈ তেওঁ অংকন কৰা চিত্ৰবোৰ তেওঁৰ ফেচবুক টাইমলাইনত যেতিয়া দেখা পাইছিলো তেতিয়া বৰকৈ অভিভূত হৈ পৰিছিলোঁ । লাহে লাহে জানিবলৈ পালো তেখেত এজন সক্ৰিয় নাট্যকৰ্মী আৰু অভিনেতাও । ইমানবোৰ গুণ সম্পন্ন মানুহজনক এবাৰ কাষৰ পৰা দেখা আৰু দুষাৰ কথা পতাৰ সংকল্প এটা লৈ তেখেতক লগ পোৱাৰ মোৰ ইচ্ছাৰ কথাটো তেখেতক জনালোঁ । তেখেতেও লগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত সেইদিনা আমাৰ উজনিলৈ যাত্ৰা আৰম্ভ কৰি দিছিলোঁ ।  ডিব্ৰুগড়ৰপৰা মাৰ্ঘেৰিটালৈ যোৱা ৰাস্তাটো বেয়া বুলি শুনি মনটো কিছু সেমেকিছিল  যদিও আমি যোৱাৰ সময়ত তেনে একো অসুবিধা পোৱা নাছিলোঁ কিন্তু । বৰঠাকুৰৰ পদুলিত  আমাক দেখি  তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ সকলো সদস্যই বহু দিনৰ পুৰণা চিনাকি মানুহক আদৰাৰ দৰেই অতি আন্তৰিকতাৰে আদৰিছিল। ইমান প্ৰতিভাৰ অধিকাৰী হোৱাৰ পিছতো ইমান বেছি অমায়িক বৰঠাকুৰক লগ পাই তালৈ যোৱাৰ সাৰ্থকতা অনুভৱ কৰিছিলোঁ। তেওঁ অংকন কৰা সুন্দৰ চিত্ৰবোৰৰ এখন মোক দিব লাগিব বুলি মই আগতেই খুজি থৈছিলোঁ। সিদিনা তেওঁ অনন্য সুন্দৰ এখন বুদ্ধদেৱৰ চিত্ৰ মোক উপহাৰ হিচাপে দিছিল। আগতে কেতিয়াও নেদেখা, নজনা , লগ নোপোৱা মানুহখিনিৰ আতিথ্যত বৰকৈ আপ্লুত হৈছিলোঁ। পুত্ৰৰ লগতে বৰঠাকুৰৰ সৈতে তেওঁৰ মুখত শুনি থকা লিডু অঞ্চলৰ ভাণ্টে বাবাৰ মন্দিৰ দৰ্শন কৰাৰ সুবিধাও বৰঠাকুৰে যোগোতাই আমাক কৃতাৰ্থ কৰিলে  । সুন্দৰ পৰিবেশত ধুনীয়া মন্দিৰটো দেখি কাম্বডিয়াৰ মন্দিৰবোৰৰ কথা বাৰে বাৰে মনলৈ আহিছিল। মাৰ্ঘেৰিটাৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য্যত মুগ্ধ হৈ আনকি মোৰ পুত্ৰই ভৱিষ্যতে তাতে ঘৰ বনাই থকাৰ ইচ্ছাও প্ৰকাশ কৰাত মনটো পুলকিত হৈ পৰিছিল । আকৌ আহিম বুলি প্ৰতিশ্ৰুতি দি বুকু ভৰাই মাৰ্ঘেৰিটাৰ মৰমখিনি লৈ সেইদিনা আমি উভতি আহিছিলোঁ। সকলো কুশলে থাকক।

(আগলৈ)

No comments