Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায় (ঊনত্ৰিশতম খণ্ড)

প্ৰায় দহ বছৰৰ পিছত মা আৰু পুত্ৰক সংগী হিচাপে লৈ নিজৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে অতদিনে বিচ্ছিন্ন হৈ থকা সম্পৰ্কবোৰ আকৌ এবাৰ পুনৰ্জীৱিত কৰিবলৈ পোৱাৰ আনন্দত মনটো ওখল-মাখল হৈ আছিল 

                



মালবিকা শৰ্মা, ভুবনেশ্বৰ


সংসাৰৰ তাগিদাতে হওঁক বা জীৱিকাৰ তাড়নাতে হওঁক মানুহবোৰে আপোন দেশ ,আপোন মানুহবোৰৰ পৰা ক'ব নোৱাৰাকৈ আঁতৰি আহিব লগা হয় । কৰ্তব্যৰ ৰোষত পৰি কাৰো পিছলৈ চোৱাৰ সময়ো নাথাকে । তেনে এক জীৱনৰ পাকচক্ৰত পৰিয়েই মোৰ নিজৰ ৰাজ্যখন ,মোৰ জনমভূমি , মোৰ আপোন মানুহবোৰৰ পৰা বহু বছৰৰ পৰা আঁতৰি আছোঁ । বৈবাহিক সূত্ৰে জীৱনৰ লগৰীজন ভুৱনেশ্বৰৰ হোৱাৰ বাবে লাহে লাহে নিজৰ মানুহ ,নিজৰ জনমভূমিৰ পৰা আঁতৰি থকা যেনেই অনুভৱ কৰোঁ । প্ৰায় প্ৰতি বছৰে কম সময়লৈ অসমলৈ আহিছোঁ যদিও মোৰ পিতা ঢুকোৱাৰ পিছত সেইয়াও লাহে লাহে কমি আহি বছৰৰ পিছত বছৰবোৰ যোগ হ'বলৈ ধৰিছিল । সেয়ে সুবিধা এটা ওলিয়াই বহুদিন আগৰ পৰা প্ৰায় দিন বাৰ ঠিক কৰি অসমলৈ আহি আপোন মানুহবোৰৰ লগতে বহু বছৰ ধৰি সামাজিক মাধ্যমৰ দ্বাৰা পৰিচিত হোৱা দুগৰাকীমান ব্যক্তিক লগ পোৱাৰ বাসনা এটাও পুহি ৰাখিছিলোঁ । অৱশেষত এইবাৰ ঠিক কৰি থোৱা দিন বাৰ সমূহ মোৰ হাতৰ পৰা পিছলি যাবলৈ নিদি এদিন অসমৰ বাবে উৰাজাহাজৰ টিকট বুক কৰি দিলোঁ । প্ৰায় দহ বছৰৰ পিছত মা আৰু পুত্ৰক সংগী হিচাপে লৈ নিজৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে অতদিনে বিচ্ছিন্ন হৈ থকা সম্পৰ্কবোৰ আকৌ এবাৰ পুনৰ্জীৱিত কৰিবলৈ পোৱাৰ আনন্দত মনটো ওখল-মাখল হৈ আছিল । তেনেই সৰুতে মাজে সময়ে অসমলৈ অহা মোৰ পুত্ৰই সৰু কালটো ভাৰতৰ বাহিৰতে থাকিবলগীয়া হোৱাত অসমীয়া মানুহ আৰু আপোন মানুহবোৰৰ সংস্পৰ্শলৈ আহিব পৰা নাছিল । সেয়ে এইবাৰ বুজন হোৱা পুত্ৰক লগত লৈ শিপাৰ সন্ধানত এপাক ফুৰিম বুলি কোৱাত তাৰ মনটো পুলকিত হৈ মুখখন উজলি উঠিছিল ।

  

   আগতে স্থিৰ কৰি থোৱা অনুসৰি জুলাই মাহৰ উনৈশ তাৰিখে ডিব্ৰুগড় চহৰত গৈ আমি উপস্থিত হৈছিলোঁ। নিজৰ দেশ, দেশৰ মাটিৰ সুবাসে মনটো আপ্লুত কৰি তুলিছিল। সেউজীয়া চাহ বাগানবোৰৰ মাজেৰে ৰাস্তাৰে গৈ থকা সময়ত চহৰখনৰ সৌন্দৰ্য্য বহু বছৰৰ মূৰত দেখি মোহিত হৈ পৰিছিলোঁ।  পুত্ৰ জয়দীপলৈ  আঁৰ চকুৰে চাই তাৰো মনটো পঢ়িবলৈ চেষ্টা কৰি তাকো উৎসাহিত হোৱা যেন দেখি মোৰ মনটো ভাল লাগি গৈছিল । ডিব্ৰুগড়ত মোৰ ডাঙৰ খুৰাৰ ঘৰ। যোৱা বছৰ খুৰা স্বৰ্গগামী হ’ল । খুৰী আৰু সৰু ভাইটিকেই যে আমি লগ পাম সেইটো আগতেই জানিছিলোঁ । অতি মৰমীয়াল খুৰীজনী তেতিয়াৰে পৰাই যেন একেই আছে ।  বহুবছৰৰ পিছত লগ পাই আমাৰ সকলোৰে মনবোৰ আৱেগেৰে ভৰি উঠিছিল। ডিব্ৰুগড়ত থকা দিনকেইটাত খুৰী আৰু সৰু ভাইটিৰ সৈতে পুৰণা দিনৰ স্মৃতিবোৰ খুঁচৰাৰ লগতে পুৰণি কথাবোৰ , ফুৰ্তিবোৰ ৰোমন্থন কৰি সময়বোৰনো কেনেকৈ পাৰ হ'ল গমকেই নাপালোঁ । 

    ডিব্ৰুগড়ত খুৰাৰ ঘৰখনৰ লগতে মোৰ মাৰ মোমায়েক অৰ্থাৎ মোৰ মামা ককাৰো ঘৰ । আজিকালি সমাজৰ একক পৰিয়ালবোৰৰ মাজত মামা ককাহঁতৰ তাহানি দিনৰ প্ৰকাণ্ড যৌথ পৰিয়ালটোৰ পৰিবেশ , হেৰাবলৈ ধৰা আন্তৰিকতাবোৰ যেন আকৌ এবাৰ যেন সজীৱ হৈ পৰিছিল । সেই প্ৰকাণ্ড ঘৰটোত থকা নিভাজ হৃদয়ৰ মানুহখিনিৰ মৰম চেনেহবোৰ কাহানিও পাহৰিব নোৱাৰি । বহু বছৰৰ মূৰত লগ পোৱাৰ বাবেও নিশ্চয় মৰমবোৰ ,আদৰবোৰ হিচাপতকৈ বেছিকৈ পাই মোৰ স্মৃতিৰ জোলোঙাটো পূৰ্ণ হৈ পৰিল । আমি ডিব্ৰুগড়লৈ যোৱাৰ কিছুদিন আগৰে পৰা ককি আইতাই আমি কোনদিনা গৈ পাম বুলি সুধি সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল । ইফালে ককি আইতা হৈছে মোৰ মাৰ ডাঙৰ মাহীয়েক। ভীষ্ম পিতামহে অভিভাৱক ৰূপে কৌৰৱৰ বংশটোক যিদৰে সাৱটি ধৰি আছিল ঠিক তেনেদৰেই আমাৰ ককি আইতাইয়েও নিজৰ মৰম চেনেহৰ এনাজৰীৰে নিজৰ বংশৰ মানুহখিনিক আজিলৈকে সাঙুৰি ৰখা দেখি মনটো অভিভূত হৈ পৰিছিল । গোটেই জগতৰ মৰম চেনেহখিনিহে যেন তেওঁৰ অন্তৰত ঠাঁহ খাই আছেহি । আমি তেওঁলোকৰ ঘৰলৈ গৈ পোৱাৰ লগে লগে তেওঁ কি খোৱাব, কি নোখোৱাব তাকে লৈ ব্যস্ত হৈ পৰিছিল । তিৰাশী বছৰৰ উৰ্ধৰ যদিও মোৰ নিচিনা বোৰতকৈ বহু গুণে সুপ্ৰতিভ হৈ আছে মোৰ মাহী আইতাগৰাকী। নিজৰ হাতেৰে প্ৰায় সাতখন মান সুস্বাদু ব্যঞ্জনেৰে আমাক তেওঁ আপ্পায়িত কৰিছিল । আমিও পৰম তৃপ্তিৰে আঙুলি চেলেকি চেলেকি আইতাৰ ব্যঞ্জনৰ লগতে স্নেহৰ সোৱাদ লৈ ধন্য হৈছিলোঁ । সেইদৰে তুকু আইতা আৰু অনামিকা মাহীৰ ঘৰতো দুসাজ বৰ তৃপ্তিৰে খালোঁ।

(আগলৈ)

No comments