Breaking News

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে মুক্তিআন্দোলনৰ জনসমৰ্থন বিচাৰি তেজপুৰত উপস্থিত তিব্বতৰ মুক্তিকামী


সম্প্রতি চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ গ্ৰাসত পৰিছে তিব্বত। চীনে সমগ্র তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে। পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ কৰিছে তিব্বতৰ জনতাই। ১৯৫৯ চনত তিব্বত চীনে অধিকাৰ কৰি তিব্বতীয়সকলৰ স্বাধীনতা খৰ্ব কৰিছে। তিব্বতৰ এনে অৱস্থা আৰু চীনৰ এই আগ্রাসী ৰূপ ভাৰতৰ বাবেও এক ভাবুকি । তেজপুৰত তিব্বত মুক্তি আন্দোলনৰ নেতৃত্বই এইদৰে মন্তব্য কৰে সংবাদমাধ্যমৰ আগত । তিব্বতীয়সকলৰ মুক্তি আন্দোলনৰ প্ৰতি জনসমর্থন বৃদ্ধিৰ লক্ষ্যৰে পদযাত্ৰা কৰা তিব্বত মুক্তি আন্দোলনৰ নেতৃত্বই লগতে কয় যে, তিব্বতীয়ানসকলক হত্যা ভয় ভাবুকিৰে চীনে দমন কৰি আহিছে। অৰুণাচল প্ৰদেশৰ লাডাখত বাৰম্বাৰ চীনে ভাবুকিৰ সৃষ্টি কৰি আহিছে বুলিও উল্লেখ কৰি তেওঁলোকে আৰু কয় যে, তিব্বতীসকলৰ আৰাধ্য দেৱতা মহাদেৱৰ মন্দিৰো বৰ্তমান চীনৰ দখলত। ইয়াৰ বাবেই আজি পদযাত্ৰা কৰা মুক্তি আন্দোলনৰ নেতাকৰ্মীসকলে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে আৰু চীনক তিব্বতৰ পৰা উৎখাত কৰাৰ পণ লয়। এইক্ষেত্ৰত দেশৰ কেন্দ্ৰীয় তথা তিব্বতীয় চৰকাৰে বিশেষ ভূমিকা লোৱাৰো প্ৰয়োজনীয়তা দোহাৰে এইসকল তিব্বত মুক্তি আন্দোলনকাৰীয়ে। অসম তিব্বত সমন্বয় সমিতিৰ উদ্যোগত তেজপুৰলৈ পদব্ৰজে অহা এই দলটোৰ মুল লক্ষ্য হৈছে তিব্বতক চীনৰ হাতোৰাৰ পৰা মুক্ত কৰি তিব্বতৰ ৰাইজৰ স্বাধীনতা ঘূৰাই অনা। এটা সময়ত ধৰ্মগুৰু ডালাই লামা অৰুণাচলৰ মাজেৰে আহি তেজপুৰত প্ৰৱেশ কৰি চীনৰ এই আগ্ৰাসনৰ বিষয়ে তেজপুৰতে জনগণক সদৰি কৰিছিল আৰু সেইবাবেই তেজপুৰত আহি এইদৰে দলটোৱে পদাৰ্পন কৰা বুলি উল্লেখ কৰে। অহা ২৩ মে' পর্যন্ত এইসকল তিব্বতীয়ে তেজপুৰতেই বিভিন্ন স্থানত তেওঁলোকৰ যাত্ৰাৰ উদ্দেশ্য সম্পৰ্কত ৰাইজক অৱগত কৰিব বুলিও সদৰি কৰে। 

No comments