ভয়াৱহ প্ৰদূষণৰ কবলত ঐতিহাসিক শিৱসাগৰ পুখুৰীঃঅস্বাভাৱিক গতিত হ্ৰাস পাইছে পুখুৰীৰ পানী
অসমৰ এক ঐতিহাসিক সম্পদ শিৱসাগৰ পুখুৰীৰ অস্তিত্ব আজি বিপদাপন্ন। শিৱসাগৰ পুখুৰীয়ে বৈশিষ্ট্য হেৰুওৱাৰ উপক্ৰম হৈছে। অস্বাভাৱিক গতিত পানী হ্ৰাস পাইছে কেইবাশ বছৰৰ পূৰ্বে খন্দোৱা এই পুখুৰীৰ। ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে শিৱসাগৰ পুখুৰীৰ পানী। পুখুৰীৰ পানীত জলকেলিৰে নান্দনিক পৰিবেশৰ সৃষ্টি কৰা হাঁহ জাকে জাকে মৰিছে যদিও ইয়াৰ প্ৰকৃত কাৰণ উদ্ঘাটন হোৱা নাই। বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত সগৌৰৱেৰে উজলি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই বৃহৎ আৰু ওখ সোণৰ কলচীযুক্ত শিৱদ'লৰ কাষতে থকা শিৱসাগৰ বৰপুখুৰী ভাৰতীয় পুৰাতত্ত্ব সংৰক্ষণ বিভাগ, প্রত্নতত্ত্ব বিভাগ, চৰকাৰ, প্ৰশাসন তথা জনপ্রতিনিধিৰ অমনোযোগিতা, অৱহেলা আৰু পৰিচৰ্যাৰ অভাৱত জহি-খহি গৈছে। ছশ বছৰীয়া আহোম ৰাজশাসনৰ সোণালী অধ্যায়ৰ সৈতে সম্পৃক্ত হৈ থকা ঐতিহাসিক বৰপুখুৰীটোৰ এনে চূড়ান্ত দুৰৱস্থাক লৈ ইতিহাস চেতনাৰে সমৃদ্ধ লোকসকল চিন্তিত হৈ পৰিছে। সাম্প্ৰতিক সময়তে এই পুখুৰী সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বিজ্ঞানসম্মত ব্যৱস্থা গ্ৰহণ নকৰিলে আন বহু পুখুৰীৰ দৰে এই পুখুৰীও ধ্বংসমুখত পৰাৰ আশংকা নুই কৰিব নোৱাৰি। উল্লেখ্য যে যোৱা আঢ়ৈটা শতিকাৰো অধিক কাল ধৰি দেশী-বিদেশী পৰ্যটকৰ দৃষ্টি আকর্ষণ কৰি অহা শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত 'বৰৰজা'ৰ ছত্ৰ-দণ্ড লাভ কৰা ৰাণী দৌপদীয়ে প্রায় ১৭৩৪ খ্ৰীষ্টাব্দত কলৰূপৰীয়া গোহাঁই গাঁৱৰ দাঁতিত খন্দোৱাইছিল। ৰাণী দৌপদীয়ে স্বামীৰ নাম অনুসৰি বৃহৎ আকাৰৰ পুখুৰীটোৰ নাম শিৱসাগৰ ৰাখে। ১৯৪ পূৰা ২ বিঘা ২ কঠা ৫ লেচা মাটিত থকা এই পুখুৰীটো বৰপুখুৰী নামেৰেও জনাজাত। বিশ্বৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ শিৱসাগৰ বৰপুখুৰীটোৰ পাৰতেই সোণৰ কলচীযুক্ত শিৱদৌলৰ উপৰিও দুৰ্গা দেৱী দ'ল আৰু বিষ্ণু দ'ল অৱস্থিত। প্রতিদিনেই দেশী-বিদেশী পর্যটকে এই পুখুৰীটোৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহে। এই পুখুৰীটোৰ অন্যতম বৈশিষ্ট্য হ'ল ই সমতলতকৈ উচ্চ স্থানত থকা সত্ত্বেও ইয়াৰ পানী কোনোদিনে হ্ৰাস পোৱা নাছিল। একেদৰে শিৱসাগৰ পুখুৰীৰ পানী অতিমাত্ৰা বৃদ্ধি হৈ চহৰখন বুৰাই পেলোৱাৰ দৃষ্টান্তও বিৰল। আহোম যুগত অত্যন্ত বিজ্ঞানসম্মতভাৱে পুখুৰী খন্দোৱা হৈছিল। বৃহৎ ভূমিখণ্ডৰ কোন স্থানত পানীৰ উঁহ আছে তাক বিচাৰি উলিয়াই থলুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰী ঢালি নাদৰ সৃষ্টি কৰা হৈছিল। ভূ-গৰ্ভৰ তলৰ পৰা অতিমাত্ৰা পানী যাতে ওলাই আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সেই যুগতেই শাল কাঠেৰে নিৰ্মাণ কৰোৱা নাগমাৰিৰ ব্যৱস্থা কৰা হৈছিল যি নাগমাৰিৰ যোগেদি নিৰ্দিষ্ট পৰিমাণৰ পানীহে ভূ-গৰ্ভৰ পৰা নিৰ্গত হৈছিল। তাৰ পৰৱৰ্তী সময়ত নাদৰ চৌকাষে পাৰ বন্ধা হৈছিল। যাৰ ফলস্বৰূপে সমতলতকৈ ওখ স্থানত থকা সত্ত্বেও এই পুখুৰীৰ পানী হ্ৰাস পোৱা নাছিল। অতিৰিক্ত পানী বিশেষ পদ্ধতিৰে পুখুৰীৰ চৌকাষে থকা যমুনালৈ নির্দিষ্ট পৰিমাণেহে প্ৰবাহিত কৰাৰ ব্যৱস্থা আছিল। কিন্তু শেহতীয়াভাৱে শিৱসাগৰ পুখুৰীৰ পানী অস্বাভাবিক গতিত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। পূৰ্বতে শিৱসাগৰ কাৰাগাৰৰ কাষেদি এটা নলাৰে অতিৰিক্ত পানী যমুনালৈ প্ৰবাহিত হৈছিল। উক্ত নলাৰে অধিকভাবে পানী প্ৰবাহিত হৈছে নে আন কিবা কাৰণত পানী হ্ৰাস পাইছে এই কথা বর্তমানেও স্পষ্ট হোৱা নাই। চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা আবাসগৃহলৈ ভালেসংখ্যক বিদ্যুৎচালিত মটৰেৰে পুখুৰীটোৰ পৰা পানী উত্তোলন কৰাৰ কথা জানিব পৰা গৈছে। আনহাতে একাংশ অদূৰদৰ্শী লোকৰ বাবেই শিৱসাগৰ পুখুৰীৰ অস্তিত্ব আজি বিপদাপন্ন। পুখুৰীটো চৌদিশৰ পৰা তৰাং হোৱা পৰিলক্ষিত হৈছে৷ কাৰাগাৰৰ সন্মুখৰ পাৰটো পুনৰ নিৰ্মাণৰ নামত কিছুবছৰ পূৰ্বে ঠিকাদাৰে শতাধিক গাড়ী পলস মাটি পেলাই দিয়াত বৰষুণে উক্ত পলস মাটি উটুৱাই নি পুখুৰীটোৰ ভিতৰভাগত পেলায়। তদুপৰি যোৱা কেইবাটাও দশক ধৰি শিৱদ'লৰ পিচফালৰ পাৰত অনুষ্ঠিত কৰা শিৱৰাত্ৰি মেলাৰ সময়ত ব্যবসায়ীসকলে দোকানৰ বা জাবৰ-জোঁথৰৰ পৰা আৰম্ভ কৰি পলিথিন, প্লাষ্টিকৰ বটল পর্যন্ত দলিয়াই পুখুৰীটো সম্পূৰ্ণৰূপে প্ৰদূষিত কৰে। যোৱা দুটা বছৰ অৱশ্যে দ'ল উন্নয়ন পৰিষদে শিৱৰাত্ৰিৰ সময়ত জাবৰ পেলাব নোৱৰাকৈ পুখুৰীটোৰ সংশ্লিষ্ট পাৰটো ওখ কৰিবৈ ওখ পলিথিনৰ বেৰ দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে শিবাত্রিৰ সময়ত হেজাৰ হেজাৰ লোকে ঐতিহাসিক শিৱদ'লত শিৱ পূজা সম্পন্ন কৰাৰ বিপৰীতে একাংশ লোকে পুখুৰীটোৰ জলৰাশিতো পূজা কৰে। অনেক লোকে পূজাৰ নৈবেদ্য কঢ়িয়াই নিয়া পলিথিন, প্লাষ্টিকৰ বটল আদি পুখুৰীটোতেই পেলাই দিয়াৰ বাবে আন এক ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে। ইমানেই নহয়, একাংশ লোকে পুখুৰীটোৰ জলৰাশিত মাটিৰ চাকি নিক্ষেপ কৰাত দৌলটোৰ ঠিক পিচফালৰ পুখুৰীটোৰ ওপৰত থকা পকী শ্লেৱখনৰ কাষত হেজাৰ হেজাৰ মাটিৰ চাকি তৰপে তৰপে পৰি থকা পৰিলক্ষিত হৈছে। একাংশ লোকে অসাবধানবশতঃ পুখুৰীটোত পেলাই দিয়া মাটিৰ চাকিয়ে পুখুৰীটো তৰাং কৰাত আন এক ভূমিকা গ্ৰহণ কৰিছে। দ'ল উন্নয়ন পৰিষদৰ লগতে জিলা প্ৰশাসনে পুখুৰীটোত পলিথিন, প্লাষ্টিকৰ বটল আৰু মাটিৰ চাকি নিক্ষেপ কৰা কাৰ্য বন্ধ কৰিব নোৱাৰিলে অতি কম সময়ৰ ভিতৰতে আন এক ভয়াৱহ সমস্যাৰ সৃষ্টি হ'ব। উল্লেখ্য যে শিৱসাগৰ পুখুৰীৰ জলৰাশি ভয়াবহ প্ৰদূষণৰ কৱলত পৰিছে। যোৱা দুটা দশকৰ পূৰ্বে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ শিৱসাগৰত থকা এটা আঞ্চলিক কার্যালয় আৰু শিৱসাগৰ কলেজ, জয়সাগৰৰ সহযোগী অধ্যাপকে শিৱসাগৰ পুখুৰীৰ পানী পৰীক্ষা কৰাত ভয়াবহ প্ৰদূষণৰ দৈমা দিশটো পোহৰলৈ আহিছিল। উক্ত প্ৰতিবেদনত এই পুখুৰীৰ পানী খালে কলেৰাৰ ঠাকু দৰে ভয়াৱহ ৰোগৰ কবলত পৰিব বুলি স্পষ্ট কৰি দিছিল। পুখুৰীৰ পানীত এচিড লগতে বেক্টেৰিয়াৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ কথাও প্রতিবেদনত উল্লেখ পাইছিল। তাৰ পিচতো কিন্তু পুখুৰীৰ প্ৰদূষিত পানী বিশুদ্ধ কৰাৰ বাবে চৰকা কোনো পক্ষই ব্যৱস্থা হাতত নল'লে। আচৰিত যেন লাগিলেও সত্য যে ইতিহাসৰ অনেক তথ্য সামৰি ৰখা এই পুখুৰীটো ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণ কিম্বা তেওঁ প্ৰত্নতত্ত্ব বিভাগৰ কোনোটোৰ অধীনতেই নাই। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভাগ দুটাৰ কাৰ্যালয় শিৱসাগৰ পুখুৰী আৰু ন-পুখুৰীৰ পাৰত অৱস্থিত যদিও শিক্ষা কোনো বিভাগেই শিৱসাগৰ পুখুৰীৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে কোনোধৰণৰ দিনে কাম কৰা নাই। দুয়োটা বিভাগে শিৱসাগৰ বৰপুখুৰী আৰু জয়সাগৰ পুখুৰী কাইট তেওঁলোকৰ অধীনস্থ নহয় বুলি কোৱাৰ লগতে তেওঁলোকৰ ইয়াত কোনো কৰণীয় নাই বুলি স্পষ্ট কৰি দিয়াৰ পিচতেই পোহৰলৈ আহিছে প্ৰকৃততে এই দাবী। পুখুৰী দুটা সংৰক্ষণ, সংবৰ্ষনৰ নামত কি চলি আহিছে। আনহাতে বন বিভাগৰ দি অ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যালয় এই পুখুৰীৰ পাৰতেই অবস্থিত যদিও বিভাগটোৱে ইজোপাৰ পিচত সিজোপাকৈ গছ পুখুৰীত বাগৰি পৰাৰ পিচতো গাছসমূহ পুখুৰীৰ পৰা উঠোৱা বা বাকী গছসমূহ কটাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে, চৰকাৰী অনীহা, অৱহেলা আৰু কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক পুৰাতত্ত্ব এতি বিভাগৰ দায়িত্বৰ প্ৰতি গা এৰা দিয়া এনে মনোভাবৰ মাজতেই ভূমিভাগ কোমল আলে হৈ পৰা আৰু প্ৰকাণ্ড প্রকাণ্ড গছবোৰৰ ভাৰসাম্যহীনতাৰ বাবেই ক্ৰমান্বয়ে পুখুৰীটোৰ পাৰৰ বহুকেইজোপা গছ পকী দেৱাল ভাঙি পুখুৰীৰ বুকুলৈ খহি পৰিছে। সকলোৰে চকুৰ সন্মুখতেই জহি-খহি যোৱা ইতিহাসপ্রসিদ্ধ শিৱসাগৰ কথা। বৰপুখুৰীৰ সৌন্দৰ্য ঘূৰাই আনিবৰ বাবে জাতীয় জনগোষ্ঠীয় দল-সংগঠন আৰু প্রশাসনে কেনে তৎপৰতা প্ৰদৰ্শন কৰে সেয়া সময়তহে লক্ষণীয় হ'ব।
No comments