Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ সপ্তবিংশ খণ্ড



                                                                                                     মালবিকা শৰ্মা, ভুবনেশ্বৰ


এইটো জীৱনত বিভিন্ন ঠাইত বিভিন্ন ধৰনৰ মানুহ লগ পাই আহিছোঁ। তাৰে ভিতৰত কিছুমান চৰিত্ৰৰ জমনি কথা বা ব্যৱহাৰ কেতিয়াও পাহৰিব নোৱাৰি। মালতীও তেনে এটা চৰিত্ৰ। মোৰ প্ৰথমটো সন্তান হোৱাৰ দুমাহমান আগতে মৰমীয়াল শাহুৱে অবিবাহিত বয়সীয়াল মানুহ এজনী মোৰ ওচৰলৈ কাম কাজত সহায় হ’ব বুলি পঠিয়াই দিলে। নিৰ্দিষ্ট দিনত কাপোৰৰ টোপোলা এটা হাতত লৈ চুটি চাপৰ মানুহ এজনী মোৰ ঘৰত আহি উপস্থিত হ’ল। আহিয়েই তাই সামান্য বিৰক্তি ভাৱেৰে ঘৰৰ চাৰিওপিনে এবাৰ চকু ফুৰালে। মেক্সিটো পিন্ধি মস্ত পেটৰ সৈতে থিয় হৈ থকা মোক তাই বৰ এটা পচন্দ কৰা নাই যেন লাগিল। মই তাইক তাইৰ ৰূমটো দেখুৱাই দি আগতে অলপ খাই ল’ব ক’লো। অৱশ শৰীৰটোৰে কাম কৰিবলৈ অসুবিধা হৈ থকাৰ সময়তে মানুহজনী অহাত মোৰ মনটো বেছ ভাল লাগিল। তাইৰ ওচৰ চাপি সম্পৰ্কটো অকনমান সহজ কৰিবলৈ চেষ্টা কৰিলো যদিও তাই মোতকৈ মোৰ শ্ৰীমানৰ কথাবোৰতহে মনযোগ দিলে। 

   মালতীৰ লগত কথা কোৱা, তাইক বুজোৱা দায়িত্বটো শ্ৰীমানকে দিলো। কি কি কাম কৰিব লাগিব সেয়া  শ্ৰীমানে সংক্ষেপতে তাইক বুজাই দিলে। সিদিনাখন তাইক বিশ্ৰাম ল’বলৈ দিলোঁ। পিছদিনাৰ পৰা মোৰ কষ্ট দেখোন বাঢ়িলহে। মই কৰিব কোৱা কামবোৰ তাই কৰিব নোখোজে। সন্ধিয়া শ্ৰীমানক এই বিষয়ে কওতে তেওঁ তাইক মাতি ভালদৰে বুজালে যাতে মোৰ কথামতে কামবোৰ কৰে। এনেও মানুহক যি কোনো কথা সহজতে বুজোৱাত শ্ৰীমান সিদ্ধহস্ত। গতিকে তেওঁৰ বুজনিত তাই কিছু ৰাজি হোৱা যেন লাগিল। কামবোৰ কৰিব ধৰিলে যদিও অতি সীমিত। কোনোমতে পাল মাৰি ভাত দালি বা ভাত তৰকাৰী এখন বনাই থৈ দায়িত্ব শেষ কৰে। বুজালেও নুবুজে। কেতিয়াবা শ্ৰীমানে তাইক যিটো কাম নাজানে মোৰ পৰা শিকি ল’বলৈ ক’লে তাই কয়- চিখবা নি কি কৰবা নি। মানে নিশিকোও, নক’ৰোও। এনেদৰেই তাইৰ ইচ্ছামতে আমাৰ দিনবোৰ পাৰ হ’বলৈ ধৰিলে। কামৰ মাজতে কেতিয়াবা সময় উলিয়াই শ্ৰীমানে মই খাব খোজা দুই এটা ৰান্ধি খোৱায়। 

     দিনৰ দিনটো মোৰ কাৰ্য্য কলাপতহে তাই বেছি চকু দিয়ে। আবেলি মই মুৰটো আচুৰিব আৰম্ভ কৰোঁ মানে তাইৰ উপদেশ আৰম্ভ হয়েই। তাহাতৰ পিনে বোলে বোৱাৰীয়ে এনেকৈ আবেলি চুলি নাচোৰে। বোৱাৰীয়ে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায় ইত্যাদি ইত্যাদি। তাইৰ এনে ধৰনৰ বাক্যবানত মই খঙেই কৰিম নে হাঁহিমেই বুজি নাপাও। নাই মামাতকৈ কনা মামাই ভাল যিহেতু আন উপায়ো নাই। যথা সময়ত ঘৰত শাহু আইৰ পদাৰ্পন ঘটিল আৰু ময়ো শান্তিৰে উশাহ লোৱা হ’লো। সন্তান জন্ম হোৱাৰ তৃতীয় দিনা মাও অসমৰ পৰা আহি পালেহি। শাহু আৰু মাক দেখি তাই সন্তান জন্ম হোৱাৰ পিছত কি কি নীতি নিয়ম মানিব লাগে তাকে মাজে সময়ে গাই থকা হ’ল। অশৌচ নোযোৱালৈ তাই মোৰ সন্তানক নধৰে, আনকি আমাৰ কাপোৰ কানিও নোধোৱে। তাই এইবোৰ নকৰিলে কোনে কৰিব বুলি সোধাত তাই ক’লে এইবোৰ বোৱাৰীয়েকৰ মাকেহে কৰিব লাগে। এইবাৰ পিছে শ্ৰীমানে তাইৰ আগত ৰূদ্ৰ মুৰ্তি ধাৰন কৰাত তাই কিছু ভয় খোৱা যেন লাগিল। আৰু বেছি আপত্তি নকৰাকৈ এইবাৰ তাই কাম কৰাত লাগিল। 

    সন্তান জন্মৰ অশৌচ যোৱাৰ পাছত মা আৰু শাহু দুয়ো ঘৰাঘৰি গ’লগৈ। আকৌ অকলশৰীয়া হ’লো। এইবাৰ তাই বিশেষ অশান্তি নকৰাকৈয়ে কামবোৰ কৰা হ’ল, কেচুৱাটোকো কোলাত লোৱা হ’ল। তাইৰ পৰিবৰ্তন দেখি ভাল লাগিল যদিও আৰম্ভ হ’ল নহৈ আৰু এটা লেঠা। শ্ৰীমানে বিস্কুট খাবলৈ সৰহকৈ কিনি আনে যদিও দুদিনতে শেষ হৈ যায়। কি হয় কথাটো ধৰিব পৰা নাই। ময়ো ভালদৰে লক্ষ্য কৰিব পৰা অৱস্থাত নাই। মালতীক সুধিলেও তাই কয় যে ইমানকৈ খালেতো শেষ হ’বই। ইয়াৰ মাজতে আৰু এটা দুটাকৈ কিনি থোৱা বস্তুবোৰ কমি যাব ধৰিলে। ইতিমধ্যে আগতে হৈ থোৱা আলোচনা অনুসৰি শ্ৰীমানে মোক সন্তানটোৰ সৈতে মাৰ ঘৰলৈ দুমাহৰ বাবে থৈ আহিব ওলাইছে। পিছদিনা ৰাতিপুৱাই আমিও ঘৰৰপৰা ওলাই গৈ অসম অভিমুখী ট্ৰেইনত বহিম আৰু মালতীও তাইৰ ঘৰ অভিমুখে বাচত বহিব। আগদিনা লগত নিবলগীয়া কাপোৰ কানি সকলো ভৰাই বেগ ৰেডি কৰি থোৱা হৈছে। মালতীয়েও তাইক দিয়া বেগ এটাত তাইৰ কাপোৰ কানি ভৰাই লৈছে। ৰাতি শুৱাৰ সময়ত আমি তাইৰ বেগটো দেখি আচৰিত হ’লো। হেচি হেচি ভৰোৱা বস্তুৰ প্ৰতাপত বেগটোৰ অৱস্থা সাংঘাটিক হৈছে, চেইনদাল খুলি গৈছে। 

     বেগটোৰ একেবাৰে ওপৰত মোৰ অসমীয়া আলোচনীখন ওলাই থকা দেখি কৌতুহলবশত মই বেগটোৰ মুখখন ভালদৰে খুলি চালোঁ। চাৰি পাচখন অসমীয়া আলোচনী আৰু তাৰ তলত ঠাহ খাই আছে এইকেইদিনত হেৰোৱা নানান বস্তু। পিছদিনা আমি ৰাতিপুৱা যাবলৈ ৰেডি হৈ থকাৰ সময়ত তাইক ক’লো অসমীয়া আলোচনী কেইখন লৈছা কিয়? তাই মুখেৰে নমতাত তাইক বেগটো খুলিবলৈ দিলোঁ। শ্ৰীমানৰ ৰঙা চকু দেখি সেমেনা সেমেনিকৈ তাই উলিয়াই আনিলে কেইবা পেকেট বিস্কুট, বাদামৰ পেকেট, ৰিফাইন তেলৰ পেকেট, বাচন ধোৱা চাবোন, চাৰ্ফ, গা ধোৱা চাবোন। আচৰিত হ’লো যেতিয়া একেবাৰে তলৰপৰা উলিয়াই আনিলে শ্ৰীমানৰ আমেৰিকান সহকৰ্মীয়ে দি যোৱা চকলেটৰ ডাঙৰ পেকেটটো। আমাক পেকেটটো দেখুৱাই তাই ক’লে ঘৰৰ মানুহখিনিলৈ বজাৰৰ পৰা আনিছে বুলি। তাইৰ দুঃসাহস দেখি তবধ মানিলোঁ। অভাৱত থাকি স্বভাৱ নষ্ট হয় বুলি জানিয়েই বস্তুখিনি তাইক নিবলৈ দিলো যদিও আত্মীয় কুটুম্বক তাইৰ স্বভাৱৰ বিষয়ে সতৰ্ক কৰিলোঁ। (সমাপ্ত) 

No comments