জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ ছাব্বিশতম খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
অতি আকাঙ্ক্ষিত দিন তিনিটা মুহূৰ্ততে কেনেকৈ যে পাৰ হৈ গ’ল, গমেই নাপালোঁ। আমাৰ লগত আৰু তিনিটা দিন থকাৰ কথা আছিল যদিও হঠাতে শাহু আই অতি অসুস্থ হৈ পৰা বুলি শুনি শ্ৰীমানে দৌৰাদৌৰিকৈ টিকট কৰি শাহুৰ ওচৰলৈ যাবলগীয়া হ’ল। মোৰো তেওঁৰ লগত যাবলৈ খুব মন গৈ আছিল যদিও ল’ৰাৰ পৰীক্ষা আৰম্ভ হ’বলগীয়া হোৱাত যাব নোৱাৰিলোঁ। অৱশ্যে ভালো হ’ল একপ্ৰকাৰ। অকলে যোৱা বাবে শ্ৰীমানে মাকৰ ওচৰতে হস্পিতালৰ ডিলাক্স ৰূমত একেলগে থাকি গ’ল। বয়স বেছি আৰু গাটো খুব দুৰ্বল হৈ থকাত তেখেতক এনেদৰে হস্পিতালত ভৰ্তি কৰিবলগীয়া হৈছিল। চাকৰিৰ খাতিৰত ভিন্ন ঠাইত বসবাস কৰা ল’ৰা ছোৱালী চাৰিটাক বেমাৰৰ সময়ত একেলগে ওচৰত পাই শাহু আইৰ নিশ্চয়কৈ মুখখন উজলি উঠিছে।
পৰিস্থিতিয়ে কেতিয়া কাক কেনেকৈ থাকিবলৈ বাধ্য কৰে সেয়া কোনেও ক’ব নোৱাৰে। প্ৰথমৰ পৰাই সদায় একেলগ হৈ থকা সৰু পৰিয়ালটো পিছলৈ কেতিয়াবা ভাগ ভাগ হ’ব বুলি চিন্তাই কৰা নাছিলোঁ। সন্তানৰ পঢ়াশুনাৰ খাতিৰত মই ভাৰতলৈ ঘুৰি আহিবলগীয়া হ’লো আৰু শ্ৰীমানে সংসাৰখন ভালদৰে চলাবলৈ দৰকাৰ হোৱা উপাৰ্জনৰ খাতিৰত বিদেশতে অকলশৰে থাকিবলগীয়া হ’ল। পৰিয়ালৰ আটাই কেইজন একেলগে থকাৰ যি আমেজ বা সুখ সেয়া যেন হেৰাই গ’ল। এতিয়া খুব কমেইহে আমি চাৰিও একেলগ হ’ব পাৰো। কাৰো সময়বোৰ নিমিলেই দেখোন।
তথাপিও মাজে সময়ে চিন্তা কৰোঁ, ইয়াত আমি আৰামতেই আছোঁ। পৰিয়ালক এৰি বিদেশত অকলে অকলে থকাটো দুখদায়ক। গোটেই দিনটো চাকৰি কৰি সন্ধিয়া উভতি আহি খালি ঘৰ এটাত থাকিবলৈ মন যায় জানো। এখন সংসাৰৰ আৰ্থিক উপাৰ্জনৰ দায়িত্বত থকা মানুহবোৰ স্বভাৱতেই যথেষ্ট কৰ্মব্যস্ত হয়। জীৱনৰ দায়িত্ব আৰু বোজবোৰ কঢ়িয়াই ফুৰোতে কৰ্মব্যস্ত মানুহবোৰে এটা সময়ত সপোন দেখিবলৈ পাহৰি যায়। ঘৰৰ সদস্যসকলৰ সপোন আৰু আশা পুৰন কৰিবলৈ যাওতে তেওঁলোকে পাহৰি যায় যে তেওঁলোকৰো নিজৰ কিছু আশা আৰু সপোন থাকে। অৰ্থ উপাৰ্জনৰ বিষয়ে ব্যস্ত হৈ থাকোতে কঠোৰ বাস্তৱৰ আগত কেতিয়া যে তেওঁলোকৰ মনৰ কোমলতা মৰহি যায়, নিজেও গম নাপায়।
আচলতে জীৱনৰ দাগা-পাল্লাত আশা আৰু সপোনৰ তুলনাত কঠোৰ বাস্তৱৰেই ওজন বেছি হয়। প্ৰকৃত অৰ্থত এওঁলোকেই আমাৰ জীৱনৰ আশা আৰু সপোন পুৰন কৰা একো একোজন যাদুগৰ। আমাৰ পৰিয়ালৰ যাদুগৰজনৰ কোনো ধৰনৰ যত্ন ল’ব নোৱাৰি মনটো প্ৰায়েই অশান্তি লাগি আহে।(আগলৈ)
No comments