জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ পঁচিশতম খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
ব’হাগৰ বতৰ। সৰুকালত ব’হাগ বিহু বুলি ক’লেই মনটো ভাল লাগি গৈছিল। বিহুৰ কেইদিনমান আগৰ পৰা বিহু নৃত্যৰ অনুশীলন আৰম্ভ কৰিছিলোঁ।কিমান যে বিহু নাচিছিলোঁ, কিমান যে ঘৰলৈ পুৰস্কাৰ আনিছিলো, এতিয়া কথাবোৰ মনত পৰিলে বৰ আচৰিত হে লাগে। শৰীৰত ইমান শক্তি আৰু মনত ইমান উদ্যম কৰ পৰা যে আহিছিল। তাৰ লগতে বিহুত নতুন বিহুৱান পোৱা, লাড়ু পিঠা খোৱাৰ প্ৰৱল আগ্ৰহে মনটো আপ্লুত কৰি থৈছিল। ডাঙৰ হোৱাৰ পৰা আগ্ৰহ আৰু উদ্যম সকলোবোৰ কমি আহিবলৈ ল’লে। যি অলপ বাকী আছিল সেইখিনিও ২০১৮ চনৰ ১ ব’হাগত হোৱা পিতাৰ মৃত্যুৱে প্ৰায় নোহোৱা কৰিলে। তথাপিও বহু বছৰৰ পৰা অসমৰ বাহিৰত থকা বাবেই কিজানি ঢোল পেঁপা গগনাৰ মাতত আজিও অতীতলৈ ঘুৰি যাও।
বৰ্ষপঞ্জী অনুসৰি অসমীয়া বছৰৰ প্ৰথমটো মাহ হ’ল ব’হাগ। পিছে ব’হাগ শব্দটোৰ অৰ্থ কেৱল ইমানতে সীমিত নহয়।ব’হাগ ঋতু বা মাহৰ সৈতে অসমীয়া জনজীৱনৰ প্ৰচণ্ড আৱেগ জড়িত হৈ আছে।ব’হাগ মানে অসমীয়া মানুহৰ অতিকৈ আপোন ব’হাগ বা ৰঙালী বিহুটি।ব’হাগ বুলি ক’লেই চকুৰ আগত ভাহি উঠে গছৰ ন কুঁহিপাত; ঢোল- পেঁপা- গগনাৰ মাত; ধুলীয়া আৰু নাচনীৰ জাক;কপৌ নাহৰ তগৰ ফুলৰ মন জুৰোৱা সুবাস; পাট মুগাৰ কাপোৰ আৰু ন বিহুৱান; কুলি কেতেকী চৰাইৰ কোমল সুৰীয়া মাত; জোনবিৰি, ঢোলবিৰি আৰু গামখাৰু; তিল নাৰিকলৰ পিঠা আৰু লাড়ু।
আগৰ কালত ব’হাগ মাহ আহি পালে মানেই গাৱৰ ঘৰে ঘৰে ডেকা গাভৰুৰ বিহু নৃত্য -গীতৰ, ঢোল-পেঁপা-গগনাৰ অনুশীলন আৰম্ভ হৈ যায়। ঘৰে ঘৰে মহিলাসকলৰ তাতশালত বিহুৱান বোৱা কামৰ লগতে লাড়ু পিঠা বনোৱাৰ প্ৰস্তুতি আৰম্ভ হয়। সেইদৰে পুৰুষসকলেও (কৃষক) খেতিপথাৰক উৰ্বৰা কৰিবলৈ, গোটেই বছৰটো জুৰি খেতি কৰিবলৈ নতুন উদ্যমৰে সাজু হয়। ব’হাগ বিহুত বিভিন্ন ৰীতি নীতি পৰম্পৰাৰে সাত দিনত, সাতটা বিহু উদযাপন কৰা হয়। এইবোৰ হৈছে~
১) গৰু বিহু,
২) মানুহ বিহু,
৩) গোঁসাই বিহু,
৪) তাঁতৰ বিহু,
৫) নাঙলৰ বিহু,
৬)জীয়ৰী বা চেনেহী বিহু আৰু
৭) চেৰা বিহু।
জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমৰ সকলো ধৰনৰ মানুহে পালন কৰা ব’হাগ বিহুৱে অসমীয়া জাতিৰ ঐক্যতাৰ পৰিচয় বহন কৰে।
আজিকালি পিছে এইবোৰৰ বহুত পৰিবৰ্তন ঘটিছে। এতিয়া সেই দিনো নাই, সেই পৰিবেশো নাই। ৰঙীন প্ৰকৃতিৰ সৈতে একাত্ম হৈ পালন কৰা ৰঙালী বা ব’হাগ বিহু এতিয়া অতীত হ’ল। সহজ সৰল ভাৱেৰে পালন কৰা বিহুৰ পৰিবৰ্তে এতিয়া আধুনিক জীৱনৰ কৃত্ৰিমতাৰ আৱৰনে ব’হাগ বিহুৰ আগৰ নিভাজ ৰূপ সলাই পেলাইছে। আজিকালি দুই-তিনি মাহলৈ ব’হাগ বিহু পাতি, সাংস্কৃতিক সন্ধিয়াৰ নামত জোৰ কৰি আদায় কৰা চান্দা আৰু অতপালিবোৰে বিহুৰ মৰ্য্যদা যথেষ্ট হ্ৰাস কৰি আনিছে। অনু্ভৱ হয় আগৰ সেই ৰঙালী বিহুৰ বাবে গোটেই বছৰটো কৰি থকা প্ৰতীক্ষাৰ বিপৰীতে আজিকালিৰ প্ৰতিটো কথাতে কৰা বিহু নৃত্য গীতৰ সাংস্কৃতিক পৰিবেশনে ইয়াৰ প্ৰতি মানুহৰ মনত থকা আগ্ৰহ আৰু আৱেগৰ লহৰক নিম্নগামী কৰিছে। পৰম্পৰা ৰক্ষা কৰি ব’হাগ বিহু পালন কৰাৰ নামত এচামে পঢ়া-শুনা বা আন দৰকাৰী কাম-বন বাদ দি সময় আৰু টকাৰ অপচয় কৰি আছে।(আগলৈ)
No comments