জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ ঊনৈশতম খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
পুনৰ মণিপাললৈ উভতি আহিলোঁ। এতিয়া ইয়াত গৰম দিন পৰা বুলিয়ে ক’ব পাৰি, ফেন নোলোৱাকৈ থাকিব নোৱাৰি। পুৱা ৰাতিৰ পিনেহে সামান্য ঠাণ্ডা যেন অনুভৱ হয়। মণিপাল আহি পালো মানেই ল’ৰাৰ আকৌ কাহ স্বৰ্দি আৰম্ভ হ’ল। দিনৰ ভাগত কিছু কম হৈ থাকে যদিও ৰাতি হৈ আহে মানে কাহৰ অত্যাচাৰো বাঢ়ি আহে। ভুবনেশ্বৰ আৰু মুম্বাইত থকা সময়খিনি তাৰ কাহ স্বৰ্দি একো নাছিল বুলিয়ে ক’ব পাৰি। হয়তে মণিপালৰ জলবায়ুই সম্ভৱ তাক ভালদৰে গ্ৰহন কৰা নাই।
এবাৰ গোটেই ৰাতি কাহি কাহি কাহিল হৈ পৰাত ৰাতিপুৱাই তাক কস্তুৰবা মেডিকেল কলেজলৈ লৈ গ’লো। আগৰবাৰ দেখুৱাওতে মেডিচিনৰ ডাক্টৰে তাক ই এন টিৰ ডাক্টৰক দেখাবলৈ কৈছিল। এইবাৰ এন টিৰ ডাক্টৰে তাক চাই মেলি কেইবাটাও পৰীক্ষা কৰিবলৈ লিখি দিলে। ডাক্টৰক দেখুৱাব যোৱা মানেই হাতত এটা দিন লৈ যাব লাগে। গতিকে পুৰা দিনটো পৰীক্ষাবোৰ কৰি ইফালে সিফালে দৌৰি থাকোতেই গ’ল। অৱশ্যে ভালো হ’ল। ইয়াৰ চিকিৎসা পদ্ধতি বৰ শৃঙ্খলাবদ্ধ। সকলোবোৰ চালি জাৰি বেমাৰৰ মূল কাৰণটো কি বুজি লৈ ডাক্টৰে ঔষধ লিখি দিলে। পিচ দিনাখন মায়ে নতুনকৈ লোৱা চচমাযোৰৰ পাৱাৰৰ অসুবিধা হৈ থকাত আকৌ এবাৰ হস্পিতাললৈ যাবলগীয়া হ’ল। হস্পিতালত যোৱা কামটো সঁচাকৈয়ে বেছ আমনিদায়ক। হ’লেও আন ঠাইৰ তুলনাত কিজানি আমাৰ তাতে যোৱাই বেছি হয়।
আজি পিছে মা আৰু মই কিছু দিনৰপৰা শুনি থকা আৰু যাবলৈ মন গৈ থকা ঠাই এডোখৰলৈ ওলালো। আজি দুয়ো সাইবাবাৰ দৰ্শন কৰিবলৈ গ’লো। মোৰ মা সাইবাবাৰ খুব ভক্ত। সাইবাবাক দৰ্শন কৰিবলৈ আৰু সাইবাবাৰ বিষয়ে আলোচনা কৰিবলৈ সদায় আগ্ৰহী। প্ৰত্যেক সন্ধিয়া দূৰদৰ্শনত প্ৰচাৰ কৰা সাইবাবাৰ ধাৰাবাহিকখন যিকোনো প্ৰকাৰে তেওঁ চাবই। আজি শান্ত ঠাইখনত থকা অতি সুন্দৰ মন্দিৰটোলৈ গৈ সাইবাবাৰ দৰ্শন কৰি মা’ৰ মুখখন উজ্বলি উঠা দেখি মোৰো মনটো বৰ ভাল লাগিল। উড়ুপীৰ পৰা পাঁচ কিলোমিটাৰ দুৰত্বত থকা কোদাভূৰ গাওঁত মালপে বিচৰ কাষতে শ্ৰী শিৰডী সাইবাবাৰ এই সুন্দৰ মন্দিৰটো অৱস্থাত।
১৯৯৮ চনত নিৰ্মিত এই মন্দিৰটো ২ একৰ মাটিত বিস্তৃত আৰু এইয়া শ্ৰী শিৰদী চাইবাবা, স্বামী শ্ৰী ৰাঘবেন্দ্ৰ স্বামী আৰু স্বামী শ্ৰী নিত্যানন্দৰ নামত উৎসৰ্গা কৰা হৈছে। কোদাভূৰ গাওঁত আজি সাইবাবাৰ মন্দিৰলৈ গৈ মনটো শান্ত হৈ আহিল। মা’ৰ মুখত সাইবাবাৰ বহুত কাহিনী শুনিবলৈ পাও। মায়ে কোৱা কাহিনী এটা এনে ধৰনৰ- কাশীৰাম নামৰ ভক্ত এজনে চহৰে নগৰে কাপোৰ বেছি ফুৰিছিল। এদিন কাপোৰ বেছি অকলশৰে উভতি অহাৰ সময়ত জংঘলত ডকাইটে ধৰি কাশীৰামক মাৰি পিটি লগত থকা সকলো বস্তু কাঢ়ি লৈ গ’ল। বহুত দেৰীৰ মূৰত জ্ঞান পাই কাশীৰামে আকুল হৈ সাইবাবাক মনেৰে মাতিব ধৰিলে। ভক্তৰ বিপদ হোৱা বুলি জানিব পাৰি সাইবাবা অত্যন্ত ব্যস্ত হৈ পৰিল। সাইবাবাৰ আশীৰ্বাদতে জংঘলৰে পাৰ হৈ যোৱা এজন ব্যক্তিয়ে আহত ভক্তজনক তেনে অৱস্থাত দেখি সাইবাবাৰ আশ্ৰমলৈ লৈ আহিল। সাইবাবাই ভক্তৰ দুৰ্গতি দেখি কান্দি দিলে আৰু বিভূতি সানি ভক্তক আৰোগ্য কৰি তুলিলে।
(আগলৈ)
No comments