Breaking News

কমতাপুৰ ৰাজ্য গঠনৰ প্ৰক্ৰিয়া বিলম্ব

 


ডিজিটেল ডেস্ক:
কেন্দ্ৰীয় চৰকাৰৰ প্ৰভাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ চৰ্ম উৎকণ্ঠা তথ্য ব্যাপক তৎপৰতা চলি থকাৰ মাজতে প্রস্তাৱিত নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়া কিছু বিলম্ব হ'ব বুলি জানিব পৰা গৈছে।অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসতে নতুন ৰাজ্য গঠনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা লৈছিল । কিন্তু কে এল অ ’ নেতৃত্বৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়াক লৈ অনুষ্ঠিত হোৱা আলাপ - আলোচনা প্রক্রিয়াটো দীঘলীয়া হোৱাৰ বাবে এতিয়া নতুন ৰাজ্য গঠন প্রক্রিয়াও কিছু বিলম্ব হ'ব বুলি এটা বিশেষ সূত্রই জনোৱা মতে কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অ’ৰ মাজত প্ৰথমে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হ'ব । এই যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিচতহে কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে গৃহ মন্ত্ৰালয়ৰ সৈতে প্রস্তাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ আনুষ্ঠানিকভাৱে প্রত্যক্ষ বৈঠকত বহিব । এই বৈঠকৰ পিচতহে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠন প্রক্রিয়াই গতি ল'ব বুলি সুত্ৰটোৱে সদৰী কৰে  নতুন দিল্লীত এই তৎপৰতা চলি থকাৰ মাজতে আজি কে এল অ'ৱে গঠন কৰি দিয়া শান্তি আলোচনাৰ মধ্যস্থতাকাৰীসকলে অসমত আহি উপস্থিত হৈছে ।কে এল অ'ৰ প্ৰাক্তন উপাধ্যক্ষ হর্ষবর্ধন বার্মা আৰু সংগঠনটোৰ প্ৰাক্তন উপ - সেনাধ্যক্ষ টম অধিকাৰীয়ে নতুন দিল্লীৰ পৰা অসমত আহি উপস্থিত হৈছে আৰু শান্তি আলোচনাৰ আন দুজন মধ্যস্থতাকারী বিশ্বজিৎ ৰায় আৰু প্ৰাক্তন আলফা নেতা দিলীপ নাৰায়ণ দেৱ ওৰফে দেৱজিৎ সিংহ ওৰফে মিষ্টাৰ ব্ৰাউনৰ সৈতে মিলিত হৈছে ।  জীৱন সিংহ কোচৰ অনুৰোধমৰ্মে আজি শান্তি আলোচনাৰ মধ্যস্থতাকাৰীকেইজনে একেলগে মিলিত হৈছে আৰু  গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰা হৈছে । পশ্চিমবংগৰ মালদহ কাৰাগাৰত বন্দী হৈ থকা শান্তি আলোচনাৰ অন্যতম মধ্যস্থতাকাৰী তথা কে এল অ'ৰ প্ৰাক্তন উপ - সেনাধ্যক্ষ মালখান সিংহ আৰু বংগ আৰক্ষীৰ জিম্মাত থকা কে এল অ'ৰ সাধাৰণ সম্পাদক কৈলাস কোচক মুক্তি দিয়াৰ সম্ভাবনাও প্ৰকট হৈছে । কাৰণ জীৱন সিংহংকোচে সংগঠনটোৰ এই দুই প্রাক্তন নেতাক শান্তি আলোচনা প্রক্রিয়াত অংশ লোৱাটো বিচাৰিছে । জীৱন সিংহই সংগঠনটোৰ প্ৰাক্তন নেতাদ্বয়ক শান্তি আলোচনাত বিচৰাৰ বাবেই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰক এই দুজন নেতাক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে... এইক্ষেত্ৰত পশ্চিমবংগ চৰকাৰে কি স্থিতি গ্ৰহণ কৰে তাৰ ওপৰত মালখান সিংহ আৰু কৈলাস কোচৰ মুক্তিৰ বিষয়টো নিৰ্ভৰ কৰিছে । জীৱন সিংহ কোচে অসম চৰকাৰৰ সহযোগত নতুন দিল্লীত গৈ উপস্থিত হোৱা বিষয়টোক লৈ পশ্চিমবংগ চৰকাৰ জীৱন সিংহৰ ওপৰত ভীষণভাৱে ক্ষুণ্ন হৈ পৰিছে । জীৱন সিংহৰ গতি - বিধিৰ ওপৰত নজৰ ৰখাৰ বাবে পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে বুলিও সংবাদ মাধ্যমত চৰ্চিত হৈছে । আনকি জীৱন সিংহই নাগালেণ্ডৰ মাটিত পদার্পণ কৰাৰ পিচৰে পৰাই বংগ আৰক্ষীয়ে অসম - বংগ সীমান্ত এলেকাত সষ্টম হৈ আছে । 

No comments