Breaking News

পাভ সংৰক্ষিত বনাঞ্চলত হালধীয়াকৈ ফুলি থকা সৰিয়হৰ খেতিসমূহ উচ্ছেদ

 


ডিজিটেল ডেস্ক: 
মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই দিয়া নিৰ্দেশ মানি   বৃহস্পতিবাৰে বেদখলকাৰীৰ সৰিয়হৰ খেতিৰে হালধীয়া হৈ থকা পাভ সংৰক্ষিত বনাঞ্চলত    তৃতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত আছে। যোৱা দুটা দিনত বনাঞ্চলখনলৈ যোৱা পথৰ লগতে বেদখলকাৰীৰ ঘৰ- দোকান, মীনপালন পুখুৰী, সৰিয়হ খেতি আদিত উচ্ছেদ চলোৱাৰ পিচত বৃহস্পতিবাৰে  ম’ইঘুলি অঞ্চলৰ এলেকাত থকা সৰিয়হৰ খেতিত - উচ্ছেদ চলোৱা হয়। লখিমপুৰ বন সংমণ্ডলৰ  বিষয়াই জনোৱামতে পাভ সংৰক্ষিত বনাঞ্চলত  হালধীয়াকৈ ফুলি থকা সৰিয়হৰ খেতিসমূহ  উচ্ছেদ কৰিবৰ বাবে  মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই দিয়া নিৰ্দেশ মানি   বৃহস্পতিবাৰে বনাঞ্চলখনৰ সৰিয়হ খেতি এক্সকেভেটর আৰু ট্ৰেক্টৰেৰে নষ্ট কৰা হয়। বৃহস্পতিবাৰৰ দিনটোলৈকে বনাঞ্চলখনৰ মুঠ ১,৩৫০ হেক্টৰ মাটি বেদখলমুক্ত কৰা হৈছে আৰু ইয়াৰে ৯ শ হেক্টৰেই সৰিয়হৰ খেতি কৰা মাটি বুলি বন বিভাগে জানিবলৈ দিছে।বৃহস্পতিবাৰে  ত্রিশখন এক্সকেভেটৰ আৰু বিশখন ট্ৰেক্টৰেৰে সৰিয়হ খেতিসমূহ বিনষ্ট কৰা হয়। বনাঞ্চলখন আকৌ পুনৰ বেদখলীৰ কবলত নপৰিবলে  তাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰয়োজনসাপেক্ষে নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থাপন কৰিব বুলি জানিব পৰা গৈছে।

No comments