Breaking News

প্রধানমন্ত্ৰীৰ বিষয়ে বি বি চিৰ সম্প্ৰচাৰ


 ডিজিটেল ডেস্ক:ইণ্ডিয়াঃ দ্য মোদী কুৱেশ্যন' নামৰ বি বি চিৰ দুটা খণ্ডৰ ছিৰিজটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিদেশ মন্ত্ৰালয়ৰ মুখ্যপাত্র অন্দিম বাগচিয়ে প্ৰকাশ কৰে যে, “এইখন তথ্যচিত্ৰ  নিৰ্মাণ কৰাতো সংস্থাটোৰ এটা প্রতিফলন হে মাত্ৰ। আমি ভাবোঁ যে এইখন এটা নিৰ্দিষ্ট বদনামী আখ্যান দাঙি ধৰিবলৈ চলোৱা এটা উদ্দেশ্যধৰ্মী প্ৰচাৰ । পক্ষপাতিত্ব, নিৰপেক্ষতাৰ অভাৱ আৰু সাম্ৰাজ্যবাদী মনোভাব বর্তি থকাটো সঠিককৈ ওলাই পৰিছে। এনেকুৱা এখন চিনেমাক মর্যাদাপূর্ণ বুলি ক'ব নোৱাৰি।'এই ছিৰিজটোৰ বৰ্ণনা দিওঁতাজনে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় মুছলমান সংখ্যালঘুৰ মাজৰ উত্তেজনা, এহেজাৰৰো অধিক লোক নিহত হোৱা ২০০২ চনৰ হিংসাত্মক ঘটনা হোৱাৰ তেওঁৰ ভূমিকাৰ বিষয়ে কৰা দাবীৰ অনুসন্ধানত এভুমুকি।' উল্লেখযোগ্য যে ২০০২ চনত হিংসাত্মক ঘটনা ঘটাৰ সময়খিনিত গুজৰাটৰ মুখ্যমন্ত্ৰী পদত থকা নৰেন্দ্ৰ মোদীৰ কোনো ভুল কৰাৰ তথ্য  উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এটা তদন্তও পোৱা নাছিল। হিংসাত্মক ঘটনাবোৰৰ এটা দশকৰ পাছত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনত ‘গোচৰ চলাব পৰা কোনো তথ্য নাই' বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক দোষমুক্ত কৰিছিল। বি বি চিৰ তথ্যচিত্ৰখন ভাৰতত চাব নোৱাৰি। বিদেশ মন্ত্ৰালয়ে কয়, ‘ইয়াৰ আঁৰত কি এজেণ্ডা আছে আমি চিন্তা কৰিছোঁ।”

No comments