Breaking News

এমাজন বৰ্ষাৰণ্যৰ সুৰক্ষা অভিযান


ডিজিটেল ডেস্ক: 
শনিবাৰে পৰিৱেশ সংস্থা ইবামাই কয় যে প্রবীণ বাওঁপন্থী লুইজ ইনাচিঅ' লুলা ডা  ছিতাই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা এমাজন বর্ষাৰণ্য ধ্বংসৰ বিৰুদ্ধে দেশখনে এই সপ্তাহত প্ৰথমটো অভিযান আৰম্ভ কৰে।অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনত জয়লাভ কৰাৰ আগতে প্ৰচাৰ অভিযান চলোৱাৰ সময়ত লুলাই ২০৩০ চনৰ ভিতৰত নিৰ্বননীকৰণৰ অন্ত  পেলোৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। জাইৰ বলছোনাৰো ৪ বছৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত এমাজন।বৰ্ষাৰণ্যত ব্যাপক ধ্বংস যজ্ঞ চলিছিল।তেওঁ এমাজন বৰ্ষাৰণ্যত কৃষিকৰ্ম আৰু খননৰ সপক্ষে বাৰম্বাৰ আইন প্ৰণয়ন কৰিছিল।  বনাঞ্চল ধ্বংস  হ'লে জলবায়ুৰ পৰিৱৰ্তনো মন্থৰ হ'ব। জলবায়ু আৰু পৰিৱেশৰ সুৰক্ষাত এমাজন বৰ্ষাৰণ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইবামাই কয় যে যোৱা ১৬ জানুৱাৰীত বৰ্ষাৰণ্যখনত পৰিদৰ্শন অভিযান আৰম্ভ হয়। ১ জানুৱাৰীত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপেকাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা ডি ছিভাই এমাজন বৰ্ষাৰণ্যৰ সুৰক্ষা সম্পৰ্কীয় ভালেমান ঘোষণা  জাৰি কৰিছে।

No comments