Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ত্ৰয়োদশ খণ্ড


                                                                                                                          

                                                                                                   [মালবিকা শৰ্মা, ভুবনেশ্বৰ]

               আগৰ কালৰ মানুহবোৰৰ বেছিভাগৰে সংস্কাৰ আছিল -মা দেউতাই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে যেতিয়া আমিও তেওঁলোকৰ বুঢ়াকালত ভালদৰে যত্ন ল’ব লাগিব। তেওঁলোকে বেয়া পোৱা কাম আমি কেতিয়াও নকৰোঁ বা কৰাটো উচিত নহয়। তাৰ পিছত আহিল আমাৰ প্ৰজন্মটো। আমাৰ সময়ছোৱাত ভাল-বেয়াৰ মাজতে আমাৰ চিন্তা-ধাৰাবোৰ আছিল। ভাল কামৰ লগতে বেয়া কামো নকৰা নহয়। বেয়া কাম কৰিবলৈ কিন্তু বেছি ভাগৰে দুঃসাহস নাছিল আৰু কোনোবাই কৰিলেও পিছত অনুতাপ কৰিছিল, ক্ষমা মাগিছিল। আজিকালি কিন্তু যুৱ-প্ৰজন্মৰ বেছিভাগৰে (সকলোৰে নহয়) এক ধৰনৰ বেখাতিৰ, উদণ্ড মনোভাৱ দেখা গৈছে। এওঁলোকৰ প্ৰায়ভাগৰে মাক বাপেকৰ প্ৰতি মানসিকতা এনে ধৰনৰ-জন্ম দিব আমি কৈছিলো নেকি? জন্ম দিছে যেতিয়া দেখ ভালৰো দায়িত্বখিনি তাহাতৰ।জীৱনটো নিজৰ ইচ্ছা অনুসাৰে, নিজৰ মৰ্জিৰে চলাই লৈ যোৱাতে এই প্ৰজন্ম বিশ্বাসী। তাৰবাবে মাক-দেউতাকে বেয়া পোৱা বা তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ কথা ইয়াত নাহে। 

    ভিডিও গেমত অত্যধিক ভাৱে আসক্ত ল’ৰা এজনক মাকে দিনে ৰাতিয়ে এনেদৰে খেলি থকাটো ভাল নহয় বুলি বুজাব বিচাৰোতে “মোৰ জীৱনটো বিশ্লেষণ কৰি আছ যে? তই কোন?” বুলি মোৰ সন্মুখতে ডেকা ল’ৰা জনে মাকক কৈছিল। বেদনাত সেমেকি যোৱা মা’কৰ মুখখনে বহুত দেৰীলৈকে মোক আমনি কৰি আছিল। এদিন আবেলি মই এপাৰ্টমেন্টৰ সন্মুখৰ ৰাস্তাটোত খোজ কাঢ়ি থকাৰ সময়ত অত্যাধুনিক মটৰ-চাইকেলত বহি দুজন যুৱকে সাংঘাটিক জোৰে আহি থকাৰ সময়ত ভাৰসাম্য হেৰুৱাই ৰৈ থকা গাড়ী এখন খুন্দিয়াই থেতেলা কৰিছিল। কাষতে ৰৈ থকা গাড়ীৰ মালিক-মালিকনীয়ে তাকে দেখি মুৰে কপালে হাত দিছিল। আমি ৰাস্তাত থকা মানুহখিনি কাষ চাপি যোৱাত তেওঁলোক দুয়োজনে সৰু সৰুকৈ আমাৰ পিনে চাই কৈছিল- দেখিছেনে আজিকালিৰ ল’ৰাবোৰ। একেবাৰে উদণ্ড। মাক-দেউতাকে টকা খৰচ কৰি ইয়াত পঢ়াবলৈ পঠাইছে আৰু ইহতবোৰে এনেকৈ বদমাছি কৰি টকা উৰুৱাই আছে। 

        নিজৰ গাড়ীখন থেতেলা কৰা দেখিও আদহীয়া পতি পত্নীহালে উদণ্ড ল’ৰা দুটাক কোনো ধৰনৰ ধমকি দিবলৈ সাহস কৰা নাছিল। গাড়ীত খুন্দিয়াৰ পাছতো তাতে থিয় হৈ থকা ডেকা ল’ৰা দুটাৰ মুখত অলপো অনুতাপৰ চিন দেখা পোৱা নাছিলোঁ। কেইদিনমান আগতে টিভি বাতৰিত দেখিছিলো মটৰ চাইকেলত ষ্টান্ট কৰি ৰাস্তাত উভণ্ডালি কৰি ফুৰা দল এটাই মটৰ চাইকেলেৰে খুন্দিয়াই বুঢ়ী মানুহ এজনীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া খবৰটো। পুলিছে ধৰি লৈ যোৱাৰ দহ মিনিটৰ পিছতে মুকলি হৈ অহা বুলি সামাজিক মাধ্যমত গৰ্বেৰে সিহতে ভিডিও পোষ্ট কৰিছিল। কোনো ধৰনৰ লাজ বা অনুতাপ তেওঁলোকৰ নাছিল। নিজৰ জীৱনটো উপভোগ কৰাৰ বাবে দৰকাৰ হ’লে বেয়া কাম বা পাপ কৰিবলৈকো আজিকালি বহুতে কুণ্ঠাবোধ নকৰে। ইমান বেছি সলনি হৈছে যুৱ প্ৰজন্মৰ মানসিকতা। ইয়াৰ বাবে মাক-দেউতাকক সম্পূৰ্ন দোষী বুলিও ক’ব নোৱাৰি। কিয়নো মাক-বাপেকে ঘৰত কেৱল শিকাব আৰু বুজাবহে পাৰে। শিকা বা নিশিকাটো, বুজা বা নুবুজাটো  সম্পূৰ্ণৰূপে সন্তানৰ মানসিকতা আৰু স্বভাৱৰ ওপৰতে নিৰ্ভৰ কৰে। এইবোৰ দেখি কেৱল এটা কথাই মনলৈ আহি আছে- মানুহবোৰ ৰসাতলে গ’ল।   (আগলৈ)                  


No comments