জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~চতুৰ্দশ খণ্ড
[মালবিকা শৰ্মা, ভুবনেশ্বৰ]
এই সৰু চহৰখনত মানুহো বৰ বেছি নাই যেন অনুভৱ হয়। এন্ধাৰ হৈ আহিল মানে গাড়ী মটৰৰ শব্দবোৰো কমি আহে। ৰাতি ৮ বাজিল মানে আৰম্ভ হ’ল এপাৰ্টমেন্টৰ তলত নাইট গাৰ্ডৰ হুইচেলৰ শব্দ। ১০ বজাৰ লগেলগে তলৰ মেইন গেটখন বন্ধ কৰা হয়। তাৰ পিছত আৰু বাহিৰৰ মানুহক ভিতৰলৈ সোমাব নিদিয়ে। কেতিয়াবা কোনোবা আহিলেও গৃহস্থই গৈ গেটৰ ওচৰত দেখা কৰিব লাগে। সুৰক্ষাৰ ফালৰপৰা অৱশ্যে ব্যৱস্থাটো ভালেই হৈছে।
আমাৰ এপাৰ্টমেন্টৰ কাষতেই এটা পুৰনা ধৰনৰ বেছ ডাঙৰ বিল্ডিং আছে। আমাৰ ড্ৰয়িংৰূমৰ বাৰাণ্ডা খনৰপৰা চালে বিল্ডিংটোৰ খিৰিকি কেইখনৰ অৱস্থা একেবাৰেই ৰক্ষণাবেক্ষণ নোহোৱা, একা বেকা। মাজে সময়ে বুঢ়া মানুহ এজনক ঘৰৰ মুধচত উঠি চাফ চাফাই কৰি থকা দেখা পাও। তেওঁৰ বাহিৰে আৰু কাকোৱেই ঘৰটোত দেখা নাপাও। গধূলি হ’ল মানে বিল্ডিংটো অন্ধকাৰ হৈ আহে। কম পাৱাৰৰ লাইট দুটামান জ্বলি থাকে আৰু কোনোমতে। কালি গধূলি সেইপিনে চাই চিন্তা কৰি আছিলো এনে ধৰনৰ বিল্ডিংবোৰক লৈ ধুনীয়া ভুতৰ গল্প সৃষ্টি কৰিব পাৰি দেখোন। চিন্তা মতেই কাম। মাজৰাতি বহি গ’লো ভুতৰ গল্প এটা লিখিবলৈ। আমাৰ ঘৰৰ কামত সহায় কৰিবলৈ অহা মানুহজনীৰ নামেৰেই গল্পটোৰ নায়িকাৰ নামটো দিলো শোভা।
-নতুন চহৰখনত থাকিবলৈ অহা শোভাহতৰ বেছি দিন হোৱা নাই। চিকিৎসক গিৰিয়েকৰ হস্পিটাললৈ অহা যোৱাৰ সুবিধাৰ বাবেই সিহতে নিজৰ হস্পিটালৰ পিছপিনৰ গলিটোতে পুৰনা এপাৰ্টমেন্টটোত থাকিবলৈ লৈছে। ইয়াৰপৰা জীয়েকৰ স্কুলখনো ওচৰ। জীয়েক ববী এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে। কেতিয়াবা এক্সট্ৰা ক্লাচ থাকিলে ববীৰ স্কুলৰপৰা আহোতে অলপ পলম হয়। গধূলিৰ লগলগে গলিটো নিমাওমাও হৈ পৰে দেখি শোভাই এপাৰ্টমেন্টৰ তলত গেটৰ কাষত আহি ৰৈ থাকে ববীক আগবঢ়াই আনিবলৈ। শোভাই প্ৰায়েই দেখে গেটৰ কাষতে বহিবলৈ বনাই থোৱা চিমেন্টৰ বেন্সখনত মেক্সি পিন্ধি বয়সীয়া মানুহ এজনী বহি থাকে। এদিন শোভাই মানুহজনীৰ ওচৰলৈ গৈ বহিলে চিনাকী হোৱাৰ উদ্দেশ্যৰে। শোভাই কথা আৰম্ভ কৰিলেও মানুহজনীয়ে কোনো ধৰনৰ উত্তৰ নিদি তাইৰ পিনে শুকান দৃষ্টিৰে চাই ৰ’ল। মানুহজনীৰ দৃষ্টি দেখি আৰু কথা সোধাৰ সাহস নহ’ল শোভাৰ।
ইতিমধ্যে জীয়েক ববীক দুৰৰপৰা আহি থকা দেখি শোভা আগবাঢ়ি গ’ল তাইৰ ওচৰলৈ। জীয়েকৰ লগত গেটৰ কাষলৈ আহি আৰু শোভাই বয়সীয়া মানুহজনীক দেখা নাপালে। কিছুদিনৰ পিছত আকৌ এটা গধূলিত শোভাই সেই মানুহজনী দেখা পালে বেন্সত বহি থকা। সিদিনা পিছে মানুজনীয়ে তাইলৈ চাই শুকান হাঁহি এটা মাৰিলে। নতুনকৈ কামত ৰখা কথকী বাইজনীৰো এই গলিতে কৰবাত ঘৰটো। এই এপাৰ্টমেন্টৰ সকলো কথা-বতৰা যেন তাইৰ নখৰ আগত। কিবা এটা কথা প্ৰসংগত বয়সীয়া মানুহজনীৰ বিষয়ে উলাওতে বাইজনীৰ মুখখন বিবৰ্ণ হৈ গ’ল। তাই শোভাক ক’লে সেই বয়সীয়া মানুহজনী কেইবছৰমান আগতে ঢুকোৱা বুলি। তাইৰ কথা শুনি শোভাৰ মুখৰ মাত নোহোৱা হ’ল। পিছে কি কৰা যায়, জীয়েক ববীক গধূলি আগবঢ়াই আনিবলৈ যাবই লাগিব। সিদিনা গধূলি হাতৰ মুঠিতে প্ৰাণটো লৈ কোনোমতে তাই গেটৰ ওচৰলৈ ওলাই গ’ল। আজি বয়সীয়া মানুহজনীয়ে বেন্সৰ পৰা উঠি তাইৰ পিনে আহি থকা দেখি শোভা ভয়তে পেপুৱা লাগিল। ভয়তে শুকাই যোৱা শোভাৰ মুখখন দেখি প্ৰথমবাৰৰ বাবে বয়সীয়া মানুহজনীয়ে লাহেকৈ শোভাক উদ্দশ্যি ক’লে - মোৰ ছোৱালীজনীয়ে তোমালোকক একো অনিষ্ট কৰা নাইতো? টান অষুখত পৰি তাই ঢুকোৱা কেইবা বছৰো হ’ল যদিও কাম কৰি ভাল পোৱা অভ্যাসৰ বাবেই কাম কৰিবলৈ এপাৰ্টমেন্টটোত সদায় আহি থাকে। ময়ো তাইৰ বাবেই ইয়ালৈ আহি বহি থাকো। (সমাপ্ত)
No comments