জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~দ্বাদশ খণ্ড
(মালবিকা শৰ্মা,ভুবনেশ্বৰ)
মণিপালখন গৰম গৰম বুলি বদনাম কৰি থাকোতে অলপ অলপ ঠাণ্ডা আৰম্ভ হৈছে। দুপৰীয়া গৰম হ’লেও মাজ ৰাতিৰ পৰা ঠাণ্ডা হৈ আহে বতৰটো। তাতে দুদিন মানৰ পৰা কিনকিনিয়া বৰষুন এটা দি থকাৰ বাবেও বতৰটো কিছু সেমেকি আছে। পাতল কম্বল একোখন উলিয়াই লৈছো যদিও এতিয়ালৈকে অৱশ্যে ল’বলৈ দৰকাৰ পৰা নাই।
যিয়েই নহওক, আজি দুপৰীয়া মা’ৰ সৈতে ওচৰ পাজৰৰ ঠাই চাবলৈ ওলাই গৈছিলোঁ। মণিপালৰপৰা উড়ুপীলৈ অহা যোৱা কৰাৰ ৰাস্তাত এটা বেছ ধুনীয়া গীৰ্জাঘৰ চকুত পৰে। আজি তালৈকে গ’লো। কৰ্ণাটক ৰাজ্যৰ উপকূলীয় উড়ুপি জিলাত অৱস্থিত আৱাৰ লেডী অৱ ফাতিমা চাৰ্চ (Our Lady Of Fatima Church), পেৰাম্পালি গীৰ্জাঘৰটো জিলা সদৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ আৰু মূল চহৰ উড়ুপিৰ পৰা সাত কিলোমিটাৰ দূৰত্বত আছে। ১৯৫৮ চনত স্বতন্ত্ৰ পাৰিছ হোৱাৰ আগতে পেৰাম্পলি মিলগ্ৰেছ গীৰ্জা, কল্যাণপুৰ আৰু পিছলৈ কোলালগিৰি গীৰ্জাৰ অধীনত আছিল। পেৰাম্পালী আৰু ইয়াৰ আশে-পাশে বাস কৰা কেথলিক বিশ্বাসীসকলে নিজৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ বাবে পাৰিছ গীৰ্জাৰ ওচৰলৈ যাবলৈ আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ অতি কষ্ট কৰিবলগীয়া হৈছিল। বাৰিষাৰ সময়ত পৰিস্থিতি অধিক বেয়া হোৱাৰ লগে লগে চাৰিওফালৰ নিম্ন অঞ্চলবোৰ বানপানীত বুৰ গৈছিল, যাৰ ফলত মানুহে ঘৰৰ পৰা ওলাই যোৱাত অসুবিধা হৈছিল। স্বাভাৱিক পৰিস্থিতিত তেওঁলোকে গীৰ্জালৈ যাবলৈ এখন নদী পাৰ হ’বলগীয়া হৈছিল। নদীত উটি যোৱাৰ আশংকা সদায় আছিল।
গীৰ্জাৰ কাৰ্যসূচীৰ উপস্থিতিৰ পৰা আৰম্ভ কৰি পেৰাম্পালিত এখন প্ৰাথমিক বিদ্যালয় নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পিছত গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সময়ত কোলালগিৰি গীৰ্জাৰ পাৰিছ পুৰোহিতে পবিত্ৰ উপাসনা কৰিবলৈ আহিছিল। কেথলিক বিশ্বাসীসকলৰ মাজত এটা স্বতন্ত্ৰ গীৰ্জা আৰু পাৰিছৰ প্ৰতি এক প্ৰবল ইচ্ছা গঢ় লৈ উঠিল। হয়তো সেই বাবেই ১৯৫৪ চনত ৰেভাৰেণ্ড ফ্ৰা হেৰীৰ নেতৃত্বত তেওঁলোকে পেৰাম্পালীত এটা স্বতন্ত্ৰ পাৰিছৰ বাবে মাংগালোৰ ডাইচৰ বিচপ বি এছ পাৰিছৰ ওচৰত আবেদন জনায়। ১৯৫৮ চনৰ ৭ অক্টোবৰত বিচপে পেৰাম্পলিত এটা স্বতন্ত্ৰ গীৰ্জা আৰু পাৰিছৰ অনুমতি দিয়ে। একে তাৰিখে প্ৰাৰ্থনা আৰু অন্যান্য বিশ্বাসী প্ৰয়োজনীয়তাৰ বাবে এটা সৰু চেপেলৰ সৈতে পাৰিছখন উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে, খ্ৰীষ্টান গীৰ্জাত পাৰিছ (The Parish) মানে সাধাৰণতে নিজা গীৰ্জা আৰু এজন পুৰোহিত বা পাষ্টৰ থকা সৰু প্ৰশাসনিক জিলাক বুজায়।
সঁচাকৈয়ে, জীৱনত প্ৰথমবাৰৰ বাবে ইমান ধুনীয়া এটা গীৰ্জাঘৰ দেখি মনটো বৰ ভাল লাগিল।ইমান বেছি চাফ-চিকুনকৈ সুন্দৰ এটা পৰিবেশৰ মাজত গীৰ্জাঘৰটো বনাইছে, নিসন্দেহে এইটো মণিপাল আৰু উড়ুপীৰ মাজত থকা এটা অন্যতম আকৰ্ষণীয় পৰ্য্যটক কেন্দ্ৰ। (আগলৈ)
No comments