Breaking News

নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

 


ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰৰ লগতে প্ৰগতি দুৱাৰ আৰু মাৰ্কেটিং টাৰ্মিনেলৰ প্ৰবেশদ্বাৰ ঘেৰাও কৰি  প্ৰবেশদ্বাৰ সভাৰ জড়িয়তে শ্ৰমিক সংগঠনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভাৰত চৰকাৰ , শ্ৰম বিভাগ আৰু শ্ৰমিকৰ মাজত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত আখৰে আখৰে পালন কৰাৰ দাবী জনাইছে এন আৰ এল কৰ্তৃপক্ষক ৷ ইয়াৰ উপৰি এন আৰ এল সম্প্ৰসাৰণ প্ৰকল্পত নিয়োজিত প্ৰতিটো বহিৰাগত কোম্পানীত ষাঠি শতাংশ থলুৱা শ্ৰমিক কৰ্মচাৰী মকৰল, শ্ৰমিকৰ গ্ৰেচুইটি , বকেয়া শীঘ্ৰেই মুকলি কৰা, শ্ৰমিকৰ চাইকেল ষ্টেণ্ড নিৰ্মাণ আদি কৰি কেবাটাও দাবী পুৰণৰ বাবে এন আৰ এল কৰ্তৃপক্ষৰ বিৰুদ্ধে আজি পুৱাই হাজাৰ হাজাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দাবী সমুহ শীঘ্ৰেই কাৰ্যকৰী নকৰিলে সমুহ শ্ৰমিক একত্ৰিত হৈ শোধনাগাৰৰ কাম কাজ অচল কৰি দিয়াৰো হুংকাৰ দিয়ে ৷

No comments