Breaking News

লামডিং ৰেল ষ্টেচনত বৃহত পৰিমাণৰ টকা উদ্ধাৰ

 

ডিজিটেল সংবাদ,লামডিংঃ লামডিং ৰেল ষ্টেচনত বৃহত পৰিমাণৰ টকা উদ্ধাৰ। লামডিং R P F আৰু G R P ৰ যৌথ অভিযানত টকাখিনি উদ্ধাৰ। নামনিমুৱা জন শতাব্দী এক্সপ্ৰেছৰ পৰা উদ্ধাৰ টকাখিনি।লামডিং ৰেল আৰক্ষীৰ এক গোপন সুত্ৰৰ পম খেদি নামনিমুৱা জন শতাব্দী এক্সপ্ৰেছত এগৰাকী মহিলাই টকাখিনি কঢ়িয়াই গুৱাহাটী অভিমুখী গৈ থকাৰ সময়ত ৰেল আৰক্ষীয়ে লক্ষ্যাধিক টকা সহ এগৰাকী মহিলাক আটক কৰে।লামডিঙ ৰেল আৰক্ষীয়ে প্ৰায় ৩৩ লাখ ৭০ হেজাৰ টকা উদ্ধাৰ কৰে।লামডিঙ ৰেল আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

No comments