জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ষষ্ঠ খণ্ড
(মালবিকা শৰ্মা, ভুবনেশ্বৰ)
সমৰ্পণত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিয়ে তেওঁক দৰ্শন দিবলৈ ঘূৰি আহিল। সেইবাবে হেনো বিগ্ৰহ পশ্চিমমুখীকৈ স্থাপিত। যিয়েই নহওক, এই কেই চেকেণ্ডৰ দৰ্শনতে মন ভৰি উঠিছিল। এই মন্দিৰত হনুমানৰ মুৰ্তিও আছে, পূজা হয়। মনেৰে কিবা এটা মানস কৰি হনুমানৰ আগত পূজা দিলে হেনো সেয়া পূৰ্ণ হয়, পাইয়ে মোক ক’লে।
কিছুদিন আগতে শ্ৰীযুত পাইয়ে ফোন কৰি চহৰখন এপাক ফুৰাবলৈ নিয়াৰ কথা কৈছিল। কালি এই বিষয়ে পাইৰ সৈতে কথা হৈছিলো। সেই মতে আজি আবেলি তেওঁৰ লগত উড়ুপিৰ পিনে ওলাই গ’লোঁ। উড়ুপিৰ বিখ্যাত কৃষ্ণ মন্দিৰটো চোৱাৰ বহু দিনৰ পৰাই এটা ইচ্ছা আছিল। সঁচাকৈয়ে গৈ বৰ ভাল লাগিল। গধুলি সময়ত খুব বেছি ভিৰ হোৱা বাবে আমি আবেলি ৪ বজাতে গৈ পাইছিলো যদিও ইতিমধ্যেই দৰ্শকৰ লাইন বেছ দীঘল হৈ আহিছে। পাই মানুহজন খীন-মীন হোৱাত দৌৰি দৌৰি আগবাঢ়ি গ’ল। মইহে সোনকালে খোজ কাঢ়িবলৈ বৃথা চেষ্টা কৰি সেই সাধাৰন গতিৰেই যাব ধৰিলো। তাতে চেণ্ডেল নিপিন্ধাকৈ শিলগুটি থকা ৰাস্তাত খোজ কাঢ়াটো মোৰ নিচিনা মানুহৰ বাবে এক প্ৰত্যাহ্বানৰ দৰেই। যিয়েই নহওক দীঘলীয়া শাৰীটো অতিক্ৰম কৰি ভিতৰ সোমোৱাৰ লগেলগে মনটো কিবা এটা ভাল লাগি গ’ল। ভিতৰখন ইমান ধুনীয়া বুলি বাহিৰৰপৰা বুজা নাযায়। পৰিপাটি আৰু পৰিষ্কাৰকৈ ৰাখিছে ভিতৰখন।
দক্ষিণ ভাৰতৰ অন্যতম বিখ্যাত তীৰ্থস্থান হিচাপে গণ্য কৰা কৃষ্ণ মন্দিৰ বা উড়ুপি শ্ৰীকৃষ্ণ মঠ ভগৱান শ্ৰীকৃষ্ণক উৎসৰ্গিত অন্যতম শুভ মন্দিৰ। ৰত্ন আৰু সোণৰ ৰথৰে সজ্জিত কৃষ্ণৰ প্ৰতিমা। মন্দিৰটোক যিটোৱে অনন্য কৰি তুলিছে, সেয়া হৈছে ইয়াৰ পূজাৰ আৰ্হি। এই কৃষ্ণ মন্দিৰৰ বৈশিষ্ট্য হ’ল ইয়াত ভগৱানক প্ৰত্যক্ষভাৱে দেখা বা পূজা কৰা নহয়, বৰং নটা ফুটা থকা খিৰিকীৰে (নৱগ্ৰহ কিতিকি) চাব লাগে, তাকো কেই চেকেণ্ডৰ বাবেহে। গাৰ্ড এজনে থিয় দি থাকে আৰু খিৰিকখনৰ আগত থিয় হৈ ভগৱানক প্ৰত্যক্ষ কৰা হয় মানেই লগেলগে পিছৰ দৰ্শকক আগবাঢ়ি আহিব কয়। কিংবদন্তি আছে যে উড়ুপি শ্ৰীকৃষ্ণ মন্দিৰ আৰু ইয়াৰ চাৰিওপিনে থকা মঠবোৰ ত্ৰয়োদশ শতিকাৰ সময়ছোৱাত শ্ৰী মাধৱাচাৰ্য্যই প্ৰতিষ্ঠা কৰিছিল। তদুপৰি তেওঁ বেদান্তৰ দ্বৈত বিদ্যালয়ো প্ৰতিষ্ঠা কৰিছিল। মাধৱাচাৰ্য্যই গোপীচন্দন অৰ্থাৎ এক প্ৰকাৰৰ চন্দনৰ এটা ডাঙৰ বলত শ্ৰীকৃষ্ণৰ প্ৰতিমা বিচাৰি পাইছিল বুলি বিশ্বাস কৰা হয়। শ্ৰীমাধৱাচাৰ্য্যৰ তন্ত্ৰসাৰ সংগ্ৰহত কোৱাৰ দৰে বিগ্ৰহক পশ্চিমভিমুখ স্থাপন কৰা হৈছে, অৰ্থাৎ পশ্চিমমুখী।
ইয়াৰে স্থানীয় জনপ্ৰবাদ মতে এখন সৰু খিৰিকীৰে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ পৰম ভক্ত সাধু কনকদাসক দৰ্শন দিছিল। কনকদাস এজন নিম্ন জাতিৰ আছিল আৰু তেওঁক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু অতি ভক্তিৰ বাবে কনকদাসে মন্দিৰৰ পিছফালে গৈ দেৱালৰ সৰু ফাট এটাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছিল। সমৰ্পণত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিয়ে তেওঁক দৰ্শন দিবলৈ ঘূৰি আহিল। সেইবাবে হেনো বিগ্ৰহ পশ্চিমমুখীকৈ স্থাপিত। যিয়েই নহওক, এই কেই চেকেণ্ডৰ দৰ্শনতে মন ভৰি উঠিছিল। এই মন্দিৰত হনুমানৰ মুৰ্তিও আছে, পূজা হয়। মনেৰে কিবা এটা মানস কৰি হনুমানৰ আগত পূজা দিলে হেনো সেয়া পূৰ্ণ হয়, পাইয়ে মোক ক’লে। তাৰে আৰু এটি সৰু মন্দিৰত দেখিলো নাগ ফনাই ৰূপৰ আসন এখন সুৰক্ষা দি আছে। পাইয়ে ক’লে তাতে হেনো কেইবা কেজিও সোন আছে। এইপিনে ভক্তই মন্দিৰত সোন-ৰূপ দান কৰাটো তেনেই সাধাৰন কথা।
এই মন্দিৰত উদযাপিত উড়ুপি পৰ্যায় উৎসৱ ১২ বছৰৰ মুৰত এবাৰকৈ পালন কৰা এটা জনপ্ৰিয় উৎসৱ। এই উৎসৱ হৈছে উড়ুপি শ্ৰীকৃষ্ণ মন্দিৰৰ চাৰিওকাষে থকা ৮ টা মঠৰ ভিতৰত এটা মঠৰ পৰা আনটো মঠলৈ মন্দিৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰাৰ এক অনুষ্ঠান। হাজাৰ বছৰতকৈও অধিক পুৰণি শ্ৰীকৃষ্ণ মন্দিৰটোক আগুৰি থকা এই ৮ টা মঠ দৈনন্দিন ভক্তি আৰু জীৱন-যাপনৰ বাবে এক পবিত্ৰ স্থান। মন্দিৰৰ পৰা ওলাই আহি আমি মঠবোৰৰ কাষেৰে এপাক ঘুৰি আহিলোঁ। সন্মুখতে থকা শ্ৰীকৃষ্ণ মন্দিৰতকৈ বেছি পুৰণি শিৱ মন্দিৰ আৰু লক্ষ্মী মন্দিৰ দুটাও গৈ দৰ্শন কৰিলোঁ। মন্দিৰত ফটো তোলা নিষেধ বাবে তোলা নহ’ল যদিও দৃষ্টিৰে তোলা ফটো কেইখন মনৰ ভিতৰত সাঁচি থলো।
(আগলৈ)
No comments