Breaking News

গৰঙা চাহ বাগিচাত শ্ৰী শ্ৰী মা কালী মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ

 


ডিজিটেল সংবাদ, গোলাঘাটঃগৰঙা চাহ বাগিচাত শ্ৰী শ্ৰী মা কালী মন্দিৰত  প্ৰাণ প্ৰতিষ্ঠা  সমাৰোহ:- উৎসৱ মুখৰ গৰচা চাহ বাগিছা । গৰঙা চাহ বাগিচাত তিনিদিনীয়া কাৰ্যসূচীৰে  গৰঙা চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত , গৰঙা চাহ বাগিচা কতৃপক্ষ অসম চাহ জনজাতি ছাত্ৰ সন্থা শাওঁতলী শাখা সমিতিৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মা কালীৰ স্থায়ী প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা তথা স্থাপনা উৎসৱ অনুষ্ঠিত হৈছে । শ্ৰী শ্ৰী মা কালী পূজা উপলক্ষে এইবাৰ বাগিচাৰ ৰাইজে প্ৰায় ২৫ বছৰীয়া দীৰ্ঘদিনীয়া পৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰি মা কালীৰ স্থায়ী প্ৰতিমা মন্দিৰত স্থাপনৰ বাবে এই সমাৰোহৰ আয়োজন কৰিছে । আটকধুনীয়াকৈ মন্দিৰৰ প্ৰাঙ্গণ সজাই পৰাই তোলা হৈছে । বেনাৰসৰ পৰা আমন্ত্ৰিত পূজাৰীৰ দ্বাৰা পূজা তথা অভিষেকেৰে মা কালীৰ স্থায়ী প্ৰতিমা বিধিগতভাৱে মন্দিৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰাছে । সুসজ্জিত ৰথেৰে মা কালীৰ স্থায়ী প্ৰতিমা ধৰ্মীয় শোভাযাত্ৰাৰে পৰিক্ৰমা কৰাই মন্দিৰৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব । এই মন্দিৰৰ সমীপতে ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ আৰ্হিত প্ৰায় পঁচিশ ফুট উচ্চতাৰ এক শিৱ লিংগ স্থাপন কৰা হৈছে । যি ভাগ শিৱলিঙ্গ দ্বিতীয় সৰ্ববৃহৎ লিঙ্গ বুলি ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমত চৰ্চিত হৈছে  ।

No comments