কাজিৰঙাৰ এদল কন কন শিশুক ঢোল বাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ এদল কন কন শিশুক ঢোল বাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ। কাজিৰঙাৰ কহঁৰাত বৰ্ণিল কাজিৰঙা সাংস্কৃতিক গোষ্ঠী অসমৰ উদ্যোগত আৰু স্থানীয় যুৱক প্রশান্ত বৰাকে ধৰি কেইজনমান যুৱকৰ সহযোগত কাজিৰঙাৰ কহঁৰা নেচনেল পাৰ্ক হাই স্কুলত জুলাই মাহৰ পৰাই চলাই আহিছে ঢোল বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ। সপ্তাহৰ প্রতি শনিবাৰ আৰু দেওবাৰে কাজিৰঙাৰ অঞ্চলৰ বহুতো কনকন লৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছে এই ঢোল বাদন আৰু বিহু নাচৰ প্ৰক্ষিশনত। সকলোৰে পৰিচিত আৰু অভিজ্ঞ বৰ বিহুৱা, ঢুলীয়া লাচিত গগৈ আৰু বিহুৱতী প্রাৰ্থনা দত্ত আৰু জ্যোতিকা শইকীয়াই দি আহিছে ঢোল বজোৱা আৰু বিহুনাচৰ প্ৰশিক্ষণ।
Post Comment
No comments