জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~দ্বিতীয় খণ্ড
জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~দ্বিতীয় খণ্ড
মালবিকা শৰ্মা, ভুবনেশ্বৰ
কৰ্ণাটকৰ উপকূলীয় অঞ্চলত মাংগালুৰুৰ পৰা ৬২ কিলোমিটাৰ উত্তৰে আৰু আৰব সাগৰৰ পৰা ৮ কিলোমিটাৰ পূৰ্বে অৱস্থিত এই চহৰখন। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭৫ মিটাৰ উচ্চতাত অৱস্থিত মালভূমিৰ পৰা ইয়াৰ পৰা পশ্চিমে আৰব সাগৰ আৰু পূৰ্বে পশ্চিম ঘাটৰ এক বিশাল দৃশ্য দেখা যায়।
বৰষুণটো কমি অহা যেন লাগিছিল যদিও দুদিন মানৰ পৰা আকৌ গধূলি সময়ত কিনকিনাই দি থকা হৈছে। কি যে কথা, যাও বুলিও বাহিৰত এপাক মাৰি আহিবই পৰা নাই। ইয়াৰ মাজতে এদিন অলপ সময়ৰ বাবে শ্ৰীযুত পাই আহি আমাৰ খা খবৰ লৈ গৈছে। পাইক দুৰ্গা পূজাৰ বিষয়ে সোধাত তেওঁ জনালে এইপিনে দুৰ্গা পূজা তেনেদৰে উদযাপন কৰা নহয়। দেৱী মন্দিৰত হে হেনো নৱৰাত্ৰিৰ পূজা হয়। তেওঁ আগ্ৰহেৰে ইয়াৰ পূজা পদ্ধতিৰ বিষয়ে অলপ ক’ব খুজিছিল সম্ভৱ। কিন্তু ৰাজহুৱাকৈ পূজা নাপাতে বুলি শুনি মই সামান্য আনমনা হৈ পৰাত তেওঁ আৰু বেছি একো নক’লে। সৰুৰে পৰা পূজাৰ হুলস্থলীয়া পৰিবেশ দেখি ডাঙৰ হৈছো। ঢাক আৰু শংখৰ শব্দ শুনিলে এতিয়াও মনটো নাচি উঠে। ইতিমধ্যে বহু বছৰ দেশৰ বাহিৰত থাকি দুৰ্গা পূজা, কালী পূজা আদি বহুত মিচ কৰিছিলো। সৌভাগ্য বুলিয়ে কও বিহুৰ সময়ত কেইবাবাৰো অসমলৈ আহিছিলো আৰু আনন্দেৰে বিহু উদযাপন কৰিছিলো। মাত্ৰ পূজাহে চোৱা হোৱা নাছিল। দেশলৈ উভতি অহাৰ পিছত পূজাৰ সময়ত বিশেষকৈ অষ্টমীৰ দিনাখন ওলাই গৈ দেৱী দৰ্শন কৰোয়েই। এতিয়া দেশৰ ভিতৰতে থাকিও দেখা নাপালে কেনেকৈ ভাল লাগিব। কি যে চহৰ এইখন।
ইমান দেৰীৰ পৰা চহৰখনৰ বিষয়ে কৈ আছো যদিও নামটোৱে কোৱা নাই দেখোন এতিয়ালৈকে। শুনক তেনেহ’লে এই সৰু চহৰখনৰ নাম হ’ল মণিপাল চহৰ। মণিপাল ভাৰতৰ উপকূলীয় কৰ্ণাটকৰ উড়ুপিৰ ভিতৰত অৱস্থিত এখন উপকণ্ঠ অঞ্চল আৰু বিশ্ববিদ্যালয়ৰ চহৰ হিচাপে জনাজাত। উড়ুপি চহৰৰ মাজমজিয়াৰ পৰা পাঁচ কিলোমিটাৰ দূৰত, দক্ষিণ-পশ্চিম ভাৰতৰ কৰ্ণাটকৰ উড়ুপি জিলাত অৱস্থিত মণিপাল। এই চহৰখনৰ পৰিচালনা কৰে উড়ুপি নগৰ পৌৰসভাই।
কৰ্ণাটকৰ উপকূলীয় অঞ্চলত মাংগালুৰুৰ পৰা ৬২ কিলোমিটাৰ উত্তৰে আৰু আৰব সাগৰৰ পৰা ৮ কিলোমিটাৰ পূৰ্বে অৱস্থিত এই চহৰখন। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭৫ মিটাৰ উচ্চতাত অৱস্থিত মালভূমিৰ পৰা ইয়াৰ পৰা পশ্চিমে আৰব সাগৰ আৰু পূৰ্বে পশ্চিম ঘাটৰ এক বিশাল দৃশ্য দেখা যায়।
উপকণ্ঠ অঞ্চল বাবেই মণিপাল চহৰত স্থানীয় মাছ আৰু সীফুড প্ৰচুৰ মিলে। হোটেলত থকা কেইদিন তাৰে ৰেষ্টুৰেন্টৰপৰা অৰ্ডাৰ কৰি খুব খাইছিলো। ভাৰা ঘৰত অহাৰ পাছতো অনলাইন অৰ্ডাৰ কৰি মাছ কিনি বনাই খাও মাজে সময়ে। আৰব সাগৰত পোৱা জনপ্ৰিয় বিভিন্ন জাতৰ মাছ আৰু সীফুড উপকূলীয় কৰ্ণাটকৰ মাছৰ বজাৰত উপলব্ধ। আমি পিছে কাম্বডিয়াৰ দৰেই ইয়াতো পমফ্ৰেট, বাসা, স্কুইদ, চিংৰি আদিৰ ভালদৰে জুতি লৈছো। এনেই স্থানীয় মানুহ সকলে অতি ধাৰ্মিক হোৱা হেতুকে দিন বাৰ চাইহে মাছ-মাংস খায়। এনেও তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে দোসা, মচালা দোসা, ইডলি, বৰা আদি খাদ্যসমূহ। এদিন শ্ৰীযুত পাইয়ে তেওঁৰ পত্নীয়ে বনোৱা সুস্বাদু ইডলি আনিও খোৱাইছে।
কাম্বডিয়াৰ সুস্বাদু খাদ্যৰ কথা কওতে বহু স্মৃতি চকুৰ আগত ভাহি আহে। জীৱিকাৰ তাড়নাত শ্ৰীমান বিদেশত আছেগৈ। সময় সুবিধা উলিয়াই মাজে মাজে আহি থাকি যায়। আমিও মাজতে গৈ কিছুদিন থাকি আহিছো। আগতে আমি গোটেই পৰিয়ালটোৱে একেলগে বিদেশত বহু বছৰ কটালোঁ। পিছত সন্তানৰ উচ্চ শিক্ষাৰ কথা চিন্তা কৰি সন্তানৰ সৈতে মই দেশলৈ উভতি আহিলোঁ। বিদেশত কটোৱা সেই সময়ছোৱা জীৱনৰ সোনালী সময় বুলি ক’লেও যেন ভুল নহ’ব। এতিয়াও সেই সোনালী স্মৃতিয়ে মন কিছু আবেগিক কৰি তোলে। কেতিয়াবা মনলৈ আহে নিজৰ ইচ্ছা মতে সকলো কাম কৰিব পৰা হ’লে এই জীৱনটো কিমান যে সহজ আৰু সুন্দৰ হ’লহেতেন। অৱশ্যে কিজানি তেতিয়া বেছিকৈ মিঠা খাই খাই ডাইবেটিচ বেমাৰত ভোগাৰ দৰেই হ’লহেতেন। সেয়ে মিঠাৰ লগতে মাজে মাজে তিতা খোৱাটোও বহুত জৰুৰী।
(আগলৈ)
No comments