বিশ্বাস-অন্ধবিশ্বাসৰ দোমোজাত বিশ্ব সৰ্প দিৱস আৰু সৰ্প সংৰক্ষণ
১৬ জুলাই সৰ্প দিৱস উপলক্ষে:
বিশ্বাস-অন্ধবিশ্বাসৰ দোমোজাত বিশ্ব সৰ্প দিৱস আৰু সৰ্প সংৰক্ষণ
মানস প্রতিম দত্ত
প্রাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ বুকুত সেউজীয়া সোপান গঢ়াৰ সবাতোকৈ শক্তিশালী সমলকেইবিধেই হ’ল উদ্ভিদ আৰু প্রাণী। উদ্ভিদ আৰু প্রাণীৰ অৱদানৰ ইতিবাচক পৰিণতিয়েই হ’ল মানুহ জীয়াই থকাৰ প্রধান উৎস। সাধাৰণতে আমি ভাবি লওঁ যে প্রকৃতিৰ সমলসমূহৰ ওপৰত হুকুম দিয়া, শাসন চলোৱাৰ অধিকাৰ কেৱল আমাৰ। সেয়েহে আমি মন গ’লেই গছ কাটো, প্রজননৰ সময়ছোৱাতো মাছ ধৰো, চৰাই মাৰো নহয়নে? আমি ইচ্ছানুসৰি যিকোনো কাম কৰি নিজকে পৰম শক্তিশালী বুলি ভাবি থমথম মদন গোপাল হৈ থাকো। প্রকৃতিৰ কথা ভাবিনো কি হ’ব , সেইবোৰ ভাবি সময় নষ্ট নকৰি গপতে গঙ্গাটোপটো হৈ থাকিহে বেছি সুখ পাওঁ। এই যে আমি ভাবোঁ, সেই ভবা কথাবোৰ আমি নিৰপেক্ষ দৃষ্টিভংগীৰে, যুক্তিযুক্তভাৱে বিশ্লেষণ কৰিব জানানে? তাৰবাবে আমি এটা উদাহৰণেৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰো। গৰমৰ দিনত আমি সন্মুখীন হোৱা এটা সমস্যা হ’ল সাপৰ সমস্যা। এই সময়ছোৱাত আমাৰ সন্মুখেৰে বিভিন্ন সময়ত বিভিন্ন প্রজাতিৰ সাপে অগা-দেৱা কৰা দেখা যায়। হঠাত গৈ থাকোতে এই সাপবোৰ দেখিলেই আমি ভয়ত উচপ খাই উঠো নহয়নে? আৰু বহু মানুহে সাপ দেখিলে হাতত জাঠি-জোং লৈ সাপ মাৰিবলৈ উদ্যত হোৱাও দেখা যায়। কিন্তু ইয়াৰ বাবে কাৰোবাৰ লাভ হয় নে? লোকচান? এই কথাবোৰ আমি প্রায়ে নাভাবোঁ। ইয়াৰ মূলতে হ’ল আমাৰ আত্মঅহংকাৰ বা জ্ঞানৰ অভাৱ। আমি দেখা পোৱা সকলো সাপেই বিষাক্ত নহয়। সমগ্র বিশ্বত প্রায় দুহেজাৰৰো অধিক সাপ পোৱা যায়। ইয়াৰে প্রায় ২১৬ বিধ সাপ ভাৰতবর্ষত পোৱা যায়। এই ২১৬বিধৰ মাত্র ৫২ বিধ সাপহে বিষাক্ত হিচাপে চিহ্নিত হৈছে।সর্প বিষয়ক আমাৰ পর্যাপ্ত জ্ঞান নথকাৰ বাবেই আমি সাপ দেখিলেই ভয় খাওঁ, মাৰিবলৈ যাওঁ। ইয়াৰ বিপৰীতে সর্পবিষয়ক অধ্যয়নৰ বিষয়ে আমি কোনোদিনেই চেষ্টা কৰা নাই। সাপে বিভিন্ন পোক পতংগ ভক্ষণ কৰাৰ উপৰিও এন্দুৰ আৰু অন্যান্য খেতিৰ অনিষ্টকাৰী জীৱ ভক্ষণ কৰি খেতিয়কক সহায় কৰিছে। ইয়াৰ উপৰিও বিষসম্পর্কীয় চিকিত্সাজনিত অধ্যয়ন আৰু ঔষধ প্রস্তুত কৰিবলৈ সাপে সৃষ্টি কৰা বিভিন্নধৰণৰ বিষ আৰু অন্যান্য যৌগিক পদার্থ প্রয়োজন হয়। বিখ্যাত পক্ষীবিদ চেলিম আলীয়ে কৈছিল যে ভাৰতবর্ষৰ শতকৰা কুৰিভাগ খাদ্য শস্য এন্দুৰ-নিগনিয়ে নষ্ট কৰি খেতিয়কৰ সপোনক চূৰমাৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু সাপে এনে অপকাৰী এন্দুৰবোৰক ভক্ষণ কৰি খেতিয়ক বন্ধু হিচাপে ঠিয় দিয়ে । ভাৰতবর্ষত পোৱা বিষাক্ত সাপ সমূহৰ ভিতৰত চকৰী ফেঁটীসাপ(নাজা নাজা) , গুৱালা সাপ (বাঙ্গাৰুচ ফেচ্ছিয়েটাছ), নাগ-সাপ (বাঙ্গাৰুচ চিৰুলিয়াছ), ৰজা ফেঁটী , ৰাচেলচ্ ভাইপাৰ, বাঁকৰাজ , পিট ভাইপাৰ আদি অন্যতম। ভাৰতত পোৱা বিষহীন সাপৰ ভিতৰত শ্বিল্ড টেইল সাপ, ভাৰতীয় শিল অজগৰ, সাধাৰণ বালি ব’ৱা, কুকুৰনেচীয়া সাপ, কিলবেক সাপ, পানীসাপ , ট্রিংকেট সাপ আদি অন্যতম। আমি এই কথাও শুনা নাই যে য’ত আজি আমি বাস কৰি আছো সেই ঠাইবোৰত এসময়ত সাপৰ বাসস্থান আছিল। অত্যাধিক জনবিস্ফোৰণৰ কবলত পৰি মানুহে হাবি ভাঙি ঘৰ পাতি থকা আৰম্ভ কৰিলে। এইক্ষেত্রত সহানুভূতি দেখুৱালে প্রকৃতিয়ে। প্রকৃতিয়েই মানুহক প্রয়োজনীয় সকলো বস্তুৰ যোগান ধৰিবলৈ আৰম্ভ কৰিলে । কিন্তু চল পাই গললৈ জঁপিওৱাৰ দৰে মানুহে অধিক লাভৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। মানুহক জীৱন দিয়া প্রকৃতিকে ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে। ফলত বনভূমি সংকুচিত হৈ আহিলে। খাদ্য আৰু বাসস্থানৰ অভাৱৰ সন্মুখীন হ’বলৈ ধৰিলে বন্যপ্রাণীসমূহ। সেয়েহে পূর্বে মানুহক দয়া কৰি দি যোৱা আবাসভূমিলৈ য’ত সেই বন্যপ্রাণীসমূহৰ খাদ্য পোৱাৰ লগতে বসবাসৰ অনুকূল তেনে স্থানলৈ প্রত্যাৱর্তন কৰিবলৈ আৰম্ভ কৰিছে আৰু আমি চিঞৰিছো যে বন্যপ্রাণীসমূহ আমাৰ বাসস্থানলৈ আহি আমাক অপকাৰ কৰিছে। আচলতে কথাটো এনে হয় জানো? নিশ্চয় নহয়। সাপৰ কথাই যদি চাওঁ, আমি সাপৰ বিষয়ে কেৱল পঢ়িলেই সাপবোৰ চিনাক্ত কৰিব নোৱাৰিব পাৰোঁ। আমি সাধাৰণতে অৱসৰৰ সময় উপভোগ কৰিবলৈ প্রায়ে ৰাষ্ট্রীয় উদ্যান , পক্ষী উদ্যান , অভয়াৰণ্যসমূহ দর্শনৰ পৰিকল্পনা কৰোঁ আৰু পৰিকল্পনা অনুসৰি সেই ঠাই ভ্রমণ কৰি উদ্ভিদ আৰু প্রাণীকূল দর্শন কৰোঁ যদিও সচৰাচৰ সাপ চাবলৈ কোনোদিন পৰিকল্পনাও নকৰো। আমি বহুতেই হয়তো ভাৰতবর্ষৰ সর্প উদ্যান ক’ত ক’ত আছে সেয়াও নাজানো, নহয়নে? তামিলনাডুৰ ‘চেন্নাই স্নেক পার্ক’, ‘গুইণ্ডি ৰাষ্ট্রীয় উদ্যান’, কেৰালাৰ ‘পাৰাচ্চিনিক্কাদাভু স্নেক পার্ক’, ‘কাটৰাজ স্নেক পার্ক’, পুনে, মহাৰাষ্ট্রৰ ‘ৰাজীৱ গান্ধী জুলজিকেল পার্ক’ সর্প অধ্যয়নৰ বাবে অন্যতম। গতিকে প্রত্যেক জীৱসম্প্রদায়ৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাটো আমাৰ প্রত্যেকৰে কর্তব্য।
সাপক লৈ কিদৰে অন্ধবিশ্বাসে গা কৰি উঠে তাৰ বাবে এটি সহজলভ্য দৃশ্যকে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। বিভিন্ন ঠাইত সহজতে সাপ নচোৱাই থকা কিছু মানুহ দেখা পোৱা যায়। আমি সততে ভাবো যে, সাপ নচোৱা ব্যক্তিজনৰ পেপাঁৰ মাতৰ লগে লগে সাপে নাচিছে। কিন্তু এনে নহয়। আচলতে সাপৰ কাণ নাই, গতিকে শ্ৰৱণ শক্তিও নাই। গতিকে সাপে পেঁপাৰ সুৰে সুৰে নচাৰ পৰিৱৰ্তে পেপাঁৰ তালত নিজৰ দেহটোহে সঞ্চালন কৰে।
আচলতে সাপক লৈ অন্ধবিশ্বাস বিয়পোৱাৰ মূলতে বহু বোলছবি, ধাৰাবাহিকৰো অৱদান আছে। সাপৰ মূৰত থকা খহু অংশক সাপৰ মণি ৰূপে অদ্ভুত উজ্বল ৰূপ দি চিনেমাত উপস্থাপন কৰি মানুহৰ মনত ভ্ৰান্ত ধাৰণা সৃষ্টি কৰে। আনহাতেদি, সৰ্পদংশনক লৈ আজিও আমাৰ সমাজ অন্ধবিশ্বাসৰ পৰা মুক্ত হ'ব পৰা নাই। চিকিৎসক আৰু এণ্টিভেনমতকৈ বেজৰ প্ৰতিহে বহু পৰিমাণে আকৰ্ষিত হোৱা কথা জনা যায়। অৱশ্যে সম্প্ৰতি চিকিৎসক ডা: সুৰজিত গিৰি , প্ৰসন্ন কলিতা, সৌৰভ বৰকটকীকে আদি কৰি বহু কেইজন পৰিৱেশকৰ্মী নিৰবিচ্ছিন্নভাৱে সৰ্প সজাগতামূলক কাম-কাজত নিয়োজিত হৈ জনসজাগতা বৃদ্ধিৰ উদ্যোগৱলোৱা দেখা গৈছে।
প্ৰত্যেক বছৰে ১৬ জুলাই তাৰিখটোত সৰ্প দিৱস হিচাপে পালন কৰি সাপ সম্পৰ্কীয় অন্ধবিশ্বাস দূৰীকৰণ আৰু সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকৃতিকৰ্মীয়ে আগভাগ লোৱা দেখা গৈছে।
No comments