ছটা বিষয়ত লেটাৰ নম্বৰ সহ সুদৰ্শনাৰ কৃতিত্ব।
ডিজিটেল সংবাদ, গোলাঘাটঃ ছটা বিষয়ত লেটাৰ নম্বৰ সহ সুদৰ্শনাৰ কৃতিত্ব।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শ্ৰীমতী সুদৰ্শনা দাসে ছটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্ট্ৰিংছন লৈ উত্তীৰ্ণ হয় । উল্লেখযোগ্য যে এওঁয়েই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্ট্ৰিংছন লৈ উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ প্ৰথম গৰাকী ছাত্ৰী । এওঁ সেই বিদ্যালয়ৰে প্ৰধান শিক্ষক শ্ৰীযোগেশ্বৰ দাস আৰু শ্ৰীমতী নিজৰা দাসৰ কন্যা । উল্লেখ্য যে যিসময়ত অভিভাবক সকলে চৰকাৰী বিদ্যালয়ৰ পৰিবৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ সন্তানক শিক্ষা গ্ৰহণ ব্যবস্থা কৰিছে। তেনে সময়ত এইজন প্ৰধান শিক্ষকে নিজৰ কন্যাক চৰকাৰী তথা ভিতৰুৱা অঞ্চলত অবস্থিত বিদ্যালয়খনত নাম ভৰ্তি কৰাই এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে ভাল ফলাফল প্ৰদান কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাত স্হানীয় লোকসকলে একে মূখে প্ৰসংশা কৰে । লগতে ছাত্ৰী গৰাকীৰ উজ্জ্বল ভবিষ্যত কামনা কৰে । তদুপৰি এইজন শিক্ষকৰ দৰে আন শিক্ষক শিক্ষয়িত্ৰী সকলেও নিজৰ সন্তানক চৰকাৰী বিদ্যালয় নাম ভৰ্তি কৰাই চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহক আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।
No comments