Breaking News

সোণাৰিত নৱ-নিৰ্মিত প্ৰায় ৪ কোটি টকীয়া দলঙৰ পাৰ চপৰা চপৰে খহিল



মৃত্যুঞ্জয় দাস, সোনাৰীঃ চৰাইদেউ জিলাৰ সোণাৰিত ঠিকাদাৰৰ মইমতালিৰ বাবে এখন চাৰি কোটি টকীয়া নৱ নিৰ্মিত দলঙৰ পাৰ চপৰা চপৰে খহি পৰা বিষয়টোৱে জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।সোণাৰি নগৰৰ সমীপৱৰ্তী সেউজীয়া পাম অঞ্চলত বৃটিছ আমোলৰ ঐতিহাসিক টলি আলিত টিয়ক নদীৰ ওপৰত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত প্ৰায় চাৰিকোটি তিনি লাখ  টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলং খনত একমাত্ৰ ঠিকাদাৰৰ চৰম মইমতালিৰ বাবে ইয়াৰ উত্তৰ দিশৰ মুৰত পকী অংশ বহি গৈ এক বৃহৎ গাতঁৰ সৃষ্টি হৈছে। যাৰবাবে দলংখনত যিকোনো মূহুৰ্ততে ভয়াবহ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে। ইফালে শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ফেনে ফোটোকাৰে ওফন্দি উঠা টিয়ক নদীৰ বাঢ়নী পানীয়েও দলং খনৰ সংশ্লিষ্ট স্থান ডোখৰলৈ ভাবুকি কঢ়িয়াই আনিছে। দলংখনৰ পাৰৰ পথটো নিৰ্মাণ কৰা সময়ত স্থানীয় ৰাইজে বাৰম্বাৰ পথটো ভালকৈ বনাবলৈ ঠিকা কামত নিয়োজিত ঠিকাদাৰৰ লোকক অনুৰোধ জনাইছিল যদিও এনে অনুৰোধ উলংঘা কৰি চলাৰ বাবে  বৰ্তমান এই সমস্যা প্ৰকট হৈ পৰিছে।

No comments