পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পুনৰ এক্সনঃ ভগৱন্ত মানে নেতাৰ পৰা ধৰ্মীয় নেতালৈকে প্ৰায় ৪২৪ গৰাকী ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ
ভগৱন্ত মানৰ নেতৃত্বত পঞ্জাৱ চৰকাৰে শনিবাৰে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰায় ৪২৪ গৰাকী ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰে। শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে নিৰাপত্তা আঁতৰাই দিয়া লোকৰ ভিতৰত আছে ধৰ্মীয় নেতা, নেতা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল। নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে- জিয়ানী হৰপ্ৰীত সিং, অকাল তখত চাহিকৰ জাঠেদাৰ আৰু ৰাধাস্বামী ডেৰা বিয়াছৰ সঞ্চালককে ধৰি কেইবাজনো প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন আৰক্ষী বিষয়াৰ। যি সকল বন্দুকধাৰী আছিল পঞ্জাৱ সশস্ত্ৰ আৰক্ষীৰ কমাণ্ডো।
পঞ্জাৱত, ভগৱন্ত মান চৰকাৰে নেতাসকলক প্ৰদান কৰা নিৰাপত্তা নিৰন্তৰভাৱে কৰ্তন কৰা দেখা গৈছে । ইয়াৰ পূৰ্বেও, ভগৱন্ত চৰকাৰে ভিআইপিসকলৰ নিৰাপত্তা তিনিবাৰ হ্ৰাস কৰিছে। অকালি দলৰ সাংসদ হৰচিম্ৰত কৌৰ বাদল, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰজিন্দৰ কৌৰ ভট্টাল, পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰ আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অ' পি চোনিকে ধৰি আঠজন নেতাৰ নিৰাপত্তা হ্ৰাস কৰা হৈছিল। সেইসময়ত ১২৯ গৰাকী আৰক্ষী আৰু নখন পাইলট বাহন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ উপৰিও, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, কেপ্টেইন অমৰিন্দৰ সিঙৰ পুত্ৰ আৰু কংগ্ৰেছ বিধায়ক পাৰ্থপ সিং বাজৱাৰ পত্নীৰ নিৰাপত্তাও যোৱা মাহত প্ৰত্যাহাৰ কৰা হৈছিল।
কেৱল সেয়াই নহয় বিধায়কসকলৰো হ্ৰাস কৰিছে পেঞ্চন। পঞ্জাৱত আম আদমী পাৰ্টি চৰকাৰ গঠনহোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ আসন বহি মুখ্যমন্ত্ৰী ভগৱন্ত মানে এটাৰ পিছত আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত গৈছে।
No comments