যাত্রাৰ শেষত(২৪)
✍ পৰিমিতা গোস্বামী
মাকৰ , অংশুৰ খবৰলৈ দিনটোত তিনিবাৰ ঘৰলৈ ফোন কৰা অভ্যাসটো নিকিতাৰ আজিও কমা নাই । বৌয়েকৰ মৃত্যুৰ পাছত শ্মশান সদৃশ হৈ পৰা ঘৰখনত এতিয়া সেই নিষ্প্ৰাণ যেন লগা অৱস্থাটো নাই। তথাপি ঘৰত থকা প্ৰাণী দুটাৰ খবৰ লোৱাটো তাইৰ দায়িত্ব আৰু কৰ্তব্য বুলি লোৱা ভাবটো এতিয়াও মনৰ পৰা আঁতৰা নাই । পুষ্টিহীনতাত ভোগা শিশু এটাৰ মুখলৈ ক্ৰমশঃ ৰস অহাৰ দৰে অংশুৱে চাকৰিটো পোৱাৰ পাছত ঘৰখনলৈ ৰস আহিল । যদিও ঘৰৰ প্ৰতি থকা তাইৰ টান কমা নাই । কাৰণ তাই ভাৱে টকা-পইচাই ঘৰ এখন ঘৰ কৰি নোতোলে । অংশুৱেও পেহীয়েকৰ ফোনটোৰ বাবে সদায় আশা কৰে । আজিকালি আৱশ্যে ঘৰৰ ভাল-বেয়া খবৰ লোৱাৰ লগতে অংশুক আন এটা প্ৰশ্ন সুধি সদায় বিৰক্ত কৰে । যিটোৰ উত্তৰ অংশুৰ ওচৰত আছে যদিও সি তেনে প্ৰশ্নৰ সমিধান দিয়া বা উলিওৱাৰ কথা ভৱা নাই । সেই একেটা প্ৰশ্নকে নয়ন বৰ্তাকেও দিনটোত যিমান বাৰ তাক লগ পায় সিমান বাৰ সোধে । ঘৰলৈ যিমান আলহী-অতিথি আহে সকলোৱে যোৱাৰ সময়ত একেটা কথাৰে অৱতাৰণা কৰি তাক ব্যতিব্যস্ত কৰি তোলে । আইতাকৰতো কথাই নাই ওলাওতে এবাৰ সোমাওতে এবাৰ সেই একেটাই কথা । একেবোৰ কথা সকলোৰে মুখত শুনি শুনি সি অস্বস্তি অনুভৱ কৰিছে । লাহে লাহে সি মানুহৰ মুখবোৰ বন্ধ কৰাৰ বাবে মনতে এটা সিদ্ধান্ত লৈছে ।
সমাজত প্ৰচলিত নিয়মবোৰ চেৰাই ব্যতিক্ৰম কিবা এটা কৰি দেখুওৱাৰ হেঁপাহ তাৰ নাই । সময় , সুযোগ , মানসিক প্ৰস্তুতিক প্ৰাধান্য দিয়াত মানুহৰ আপত্তি ক’ত ! তাকেই ভাবি সি আচৰিত হয় । মাকৰ মৃত্যুৰ পাছত মনটোক বহুত বুজাই সজাই সি ঘৰখন আগবঢ়াই নিলে । সমান্তৰালকৈ তাৰ পঢ়াটোও চলাই নিলে । বহুত যত্ন কৰি চাকৰিটো যোগাৰ কৰি ল’লে । এতিয়া সি নিজৰ পচন্দৰ মতে , ৰুচি মতে কিছুদিন কটাব খোজে । তাতো মানুহবোৰৰ একেটা কথাকলৈ ইমান হেঁচা । তাৰ কেতিয়াবা মানুহবোৰলৈ খঙো উঠে । তাৰ জীৱন তাৰ কথা । তাকলৈ মানুহবোৰৰ ইমান সৰ্বগ্ৰাসী ৰূপ কিয় ? “বিয়াহে” ! পাতিব এদিন । কিন্তু ! কিন্তু মানুহবোৰৰ তাকলৈ ইমান চৰ্চ্চা , ইমান চিন্তা কিয় ? সমাজৰ পৰম্পৰা সি অক্ষুণ্ণ ৰাখিব । কিছুদিন সি অকলশৰে থাকিব খোজে । সি পঢ়া কিতাপ বোৰৰ পাতত ক’ৰবাত পাইছিল তোমাৰ যদি বেগাই খোজ কাঢ়িবলৈ ইচ্ছা আছে তেনেহ’লে অকলে খোজ কাঢ়া । তুমি যদি বহু দূৰ খোজ কাঢ়িবলৈ ইচ্ছা কৰা তেনেহ’লে এগৰাকী সংগী বাছি লোৱা । “এতিয়া যি দেখিছোঁ মানুহৰ প্ৰতাপত মোৰ বেগাই খোজ কঢ়া্ৰ আশাটো তল পৰিব বহু দূৰ খোজ কঢ়াটোহে হ’বগৈ”। সি ভাবে…
সি এতিয়ালৈকৈ নিজৰ আশা-আকাংক্ষা বোৰকে পূৰাব পৰা নাই তেনেস্থলত আনৰ ইচ্ছা-আকাংক্ষা পূৰাব পাৰিবনে ? সি নিজকে সিমানখিনিৰ উপযুক্ত বুলি ভবা নাই সেইবাবেই তাৰ বিয়াৰ প্ৰতি আপত্তি আছে । তথাপি মানুহৰ মুখ বন্ধ কৰিবৰ বাবে, আইতাকৰ আশা পূৰণ কৰিবৰ বাবে সি বিয়া পতাৰ সন্মতি দিব ।
ৰাতিপুৱাৰ প্ৰথম ফোনটো নিকিতাৰ পৰা আহিল ।
:: অংশু... কি কৰিছ ?
:: কি কৰিবা আৰু ? গতানুগতিক । স্কুললৈ যাবলৈ ৰেদি হৈছোঁ। তুমি ?
:: ময়ো অফিচলৈ ওলায় ঘৰৰ খবৰ এটা লওঁ বুলি ফোনটো কৰি ললোঁ।
:: ভাল কৰিলা । মই তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁ। এতিয়া তোমাৰ অসুবিধা হয় নেকি? গধূলিয়েই কৰিম দিয়া !
:: কথা দীঘলীয়া হয় যদি গধূলি পাতিম । এতিয়া দেৰি হ’ব । মাৰ ভাল নহয় ?
:: উম … হ’ব দিয়া গধূলি ফোন কৰিম । আইতাৰো ভালেই । এতিয়া ফোন থওঁ ।
অংশুৱে ফোনটো কাটি দিলে । ৰাতিপুৱাৰ সময়টো ঘৰৰ সৰু-সুৰা কামবোৰ সামৰি, নিজৰ কৰিব লগীয়া কাম খিনি কৰি স্কুললৈ ওলায় যোৱা সময়টো বৰ লৰা-লৰি হয় । সেইখিনি সময়ত কোনোবা আহিলে বা ফোনটো বাজিলেও বৰ দিগদাৰ হয় । কিন্তু পেহীয়েকৰ সেইখিনি সময়ৰ ফোনটো এদিনৰ নহয় মাক থাকোতেও সদায় আহে । পেহীয়েকৰো সেইখিনি সময় বৰ লৰা-লৰি গতিকে মোটা-মুটি ভাল-বেয়া খবৰটোলৈ ফোন কাটি দিয়ে ।
সেই দিনা সন্ধিয়াৰ ফোনটো পেহীয়েকৰ পৰা আন-কালতকৈ সোনকালে আহিল । অংশুৰনো কি ক’ব লগীয়া আছে সেই কথাটো জানিবৰ বাবে দিনটো মনটো খূ-দুৱাই আছিল । সেই বাবেই ফোনটো আনকালতকৈ কিছু সোনকালে কৰিলে । ফোন এঠাইত মানুহ এঠাইত সেয়ে প্ৰথমবাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিলে দ্বিতীয় বাৰতহে ফোনটো ৰিচিভ কৰি কথা পাতিলে।
:: হেল্ল… পেহী কোৱা ?
:: কোৱা মানে !!! তয়ে ক’ চোন কি ক’ম বুলি কৈছিলি ৰাতিপুৱা । মই দিনটো চাচপেঞ্চত আছোঁ।
:: নাই মানে তেনে জটিল কথাও নহয় । তোমালোকে সদায় কামোৰ দি থকা কথাটোকে ক’ব খুজিছিলোঁ।
:: অ’… ক’চোন তই ক’ৰবাত ঠিক ঠাক কৰি থৈছ নেকি ? কৰি থৈছ যদি ক’ । আমাৰ সুবিধা হ’ব ।
:: মই… আৰু ছোৱালী ঠিক কৰিম নে ? কি কোৱা তুমি ? মই ক’ব খুজিছোঁ তোমালোকে যদি মোক লোকৰ ঘৰৰ এজনী ছোৱালী আনি সুখী কৰি ৰাখিব পৰাৰ ইমান উপযুক্ত বুলি ভাবিছাই তেনেহ’লে ছোৱালী এজনী চোৱা । চাবা যাতে ছোৱালীজনীয়ে মোৰ সা-সমস্যাবোৰ বুজি পায় । মোৰ দৰে এটা অগতানুগতিক ল’ৰাৰ লগত জীৱনটো কটাব পাৰিবনে নোৱাৰে ? আইতাক যাতে সমস্যা বুলি নাভাৱে । যেতিয়াই তেতিয়াই আলহী আহে বুলি আপত্তি নকৰে । বাচন দুটা বেছিকৈ ধুবলৈ পালে, চাহ দুকাপ বেছিকৈ বাকিব লগীয়া হ’লেই খঙ নুঠে । তেনে এজনী বুজা-বুজি থকা ছোৱালী পালে মোৰ সংগী কৰি লোৱাত আপত্তি নাই । সংগী কাক কয় ? সুখ-দুখ, হাঁহি-কান্দোন, সুবিধা-অসুবিধা সকলোতে একাকাৰ হৈ পৰিব পৰা জনক হে প্ৰকৃততে সংগী বুলিব পাৰি । যদি মোৰ বেয়া সময়বোৰত পলাব খোজে , দুখৰ দিনত গা এৰা দিব খোজে তেনে সংগী মোক গোটাই নিদিবা পেহী । আৰু মই এইটো ক’ব খোজা নাই যে মই কেৱল আনে ভালপোৱাটোক সদায় বাধা দি যাম । আনৰ কথাত মই কোনো দিন গুৰুত্ব নিদিম । মোকহে বুজিব লাগিব মই কাৰো লগত বুজা-বুজিৰে আগনাবাঢ়িম । তেনেও নহয় । সংসাৰ এখন আগবাঢ়িবলৈ ইজনে-সিজনৰ লগত যিমান খিনি সমিল-মিলৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ থাকিলেহে সংসাৰ এখন সংসাৰ হ’ব । তেনে এখন সংসাৰ মোৰ কাম্য । তেনে ছোৱালী যদি পোৱা তেনেহ’লে তোমালোকে সদায় কৈ থকা কথাটো, আইতাই সদায় মনত পুহি ৰখা আশাটো মই পূৰ কৰিবলৈ আগবাঢ়িব পাৰোঁ । মই কোৱা এই কথাখিনি তুমি নয়ন বৰ্তাকো কৈ দিবা । কাৰণ তোমাক মই কিবা এটা খোলা-খুলিকৈ ক’ব পাৰোঁ , তুমি মোৰ বন্ধুৰ দৰে কিন্তু বৰ্তাক মই ক’ব নোৱাৰোঁ । বৰ্তাইও তোমাৰ দৰে সদায় একেখিনি কথাকে কৈ থাকে , “ তই বিয়া নাপাত নেকি? ছোৱালী ঠিক কৰি থৈছ নেকি ? আমি ছোৱালী চাম নেকি ?” এই কথাবোৰৰ উত্তৰ মই তেখেতক দিব নোৱাৰো । তুমিয়েই কৈ দিবা । বেয়া নাপাবা । তোমালোকে সদায় কৈ থাকা বাবে মনৰ কথাখিনি কৈ দিলোঁ।
ইমানপৰে অংশুৱে কৈ থকা কথাবোৰ নিকিতাই একান্ত মনেৰে শুনি আছিল । সি কোৱা কথাবোৰৰ যুক্তি আছে । না বুলি ক’ব পৰা তাইহে নালাগে কাৰো সাধ্য নাই । সমস্যা আৰু সংঘাতৰ সৈতে মুখামুখী হৈ নোপোৱা ছোৱালীয়ে হঠাৎ আহি সমস্যাৰে জৰ্জ্জৰ ঘৰ এখনত সোমায় পৰিব নোৱাৰে । সি সঠিক কথাকে কৈছে ।
:: মই তোৰ কথাখিনি বুজি পাইছোঁ । তই ঠিক কথাই কৈছ । তোৰ দৰে সমস্যাৰ মুখামুখি হোৱা ছোৱালী এজনী পাইছোঁ । কথাও পাতিছোঁ । তোৰ বিষয়েও সকলো কৈছোঁ । তাই তই কোৱাৰ দৰে সমস্যা দেখি পলোৱা ছোৱালী নহয় । মই ভাবোঁ তয়ো ছোৱালীজনী বেয়া নাপাবি । ছোৱালীজনী মোৰ সহকৰ্মী এজনৰ ছোৱালী । এজনী ছোৱালী । সৰুতেই মাক ঢুকাইছে । সংঘাত আৰু সমস্যাক ওচৰৰ পৰা পাইছে । তাইক আৰু সংঘাতৰ মাজলৈ থেলি দিব নিবিছৰাৰ বাবেই দেউতাকে দ্বিতীয় বিবাহো কৰোৱা নাই । মোৰ ওচৰতে থাকে । সৰুৰে পৰা দেখি আহিছোঁ । এতিয়া তাইৰ বিয়াৰ উপযুক্ত বয়স হৈছে । দেউতাকেও আশা কৰিছে ভাল ল’ৰা এটাৰ হাতত গটাই দিবলৈ । মই তোৰ বিষয়ে তেখেতৰ আগতো কৈছোঁ। কোনো আপত্তি কৰা নাই । বৰঞ্চ মোক কথা আগবঢ়াবলৈ কৈছে । সেয়ে তোৰ মতামত জানিব বিচাৰিছোঁ । তোৰ কথাখিনি জানি মোৰো আগবাঢ়িবলৈ সুবিধা হ’ল । এদিন তই মোৰ ঘৰলৈ আহিবি । তাইৰ লগত চিনাকি হ’বি আৰু নিজে কথা পাতি ল’বি । তই কথা পাতি ছোৱালীজনী তই ভৱাৰ দৰে উপযুক্ত বুলি যদি ভাব তেতিয়াহে আমি ডাঙৰবোৰে আগবাঢ়িম । তই চিন্তা নকৰিবি । তই কোৱাৰ দৰে সমস্যা দেখি পলাব খোজা, দুখৰ দিনত গা এৰা দিয়া ছোৱালী এজনী গোটাই দি তোক আন এটা সমস্যা চপাই নিদিওঁ।
:: এটা কথা পেহী , মহানগৰীত ডাঙৰ হোৱা ছোৱালী । তাৰ সমাজ আৰু আমাৰ সমাজৰ মাজত যথেষ্ট পাৰ্থক্য আছে । আমাৰ ইয়াত খাপ খাৱ পাৰিব জানো !
:: পাৰিব । তাই তেনেবোৰ কথাত গুৰুত্ব দিয়া ছোৱালী নহয় । আৰু এটা কথা , আজি-কালি দেখোন গাঁও আৰু নগৰৰ পাৰ্থক্য প্ৰায় নাইকিয়া হৈছে । ঘৰুৱা সা-সুবিধাবোৰ , বজাৰ-সমাৰৰ সুবিধাবোৰত বৰ বিশেষ পাৰ্থক্য নাই। সকলোতে অন লাইন ডেলিভাৰীৰ পয়োভৰো বাঢ়িছে । মই আশা কৰো সেইবোৰত অসুবিধা নাপাব । তথাপি তই মুকলিকৈ সকলো কথা পাতি ল’বি । তাৰ পাছতহে আমি আগবাঢ়িম ।
:: হ’ব , তোমালোকে যদি ভাৱিছা ছোৱালীজনী মোৰ বাবে আৰু ময়ো ছোৱালীজনীৰ বাবে উপযুক্ত তেনেহ’লে দুয়ো ঘৰৰ সহমতত আগবাঢ়া । তুমিতো জানায় মই সামাজিক, সাংস্কৃতিক ভাৱেও বহুত ব্যস্ত। মোক বুজি পোৱা এজনী ছোৱালী পালে মোৰ এই ক্ষেত্ৰ খনত আগবাঢ়িবলৈও সংগী এগৰাকী পাম ।
:: ঠিক আছে অংশু । আজিৰ কথাবোৰ মোৰ সহকৰ্মী জনৰ লগত আলোচনা কৰিম । তেখেতৰ সন্মতি পালে সোনকালেই পৰৱৰ্তী পৰ্য্যায়লৈ আগবাঢ়িম । এতিয়া ফোন ৰাখোঁ ।
::হ’ব পেহী ৰাখা । গুড নাইট ।
:: গুড নাইট ।
ফোনটো কাটি দিয়াত দীঘলীয়া কথোপকথনৰ অন্ত পৰিল ।
অংশুৱে মনৰ কথা খিনি পেহীয়েকৰ আগত দ্বিধাহীন ভাৱে ক’ব পাৰি ভাল লাগিল । ইমান দিনে সকলোৱে বিয়া , বিয়া কৰি চিঞৰি থকা শব্দটোৰ এটা মোৰ ওলাল ।
(আগলৈ)
No comments