যাত্রাৰ শেষত (২২)
✍পৰিমিতা গোস্বামী
কামবোৰ ভবাৰ ধৰণেৰে হৈ গ’লে মনটো পৰম সন্তুষ্টিৰে ভৰি পৰে । অংশুৰ জীৱনৰ প্ৰথম পৰিকল্পনাটো সি ভবা মতেই হৈ উঠাত তাৰ মনটো গভীৰ আনন্দৰে ভৰি পৰিছে । খুৱাই-বুৱাই মানুহক সি কিমান সন্তুষ্ট কৰিব পাৰিলে নাজানে । নিমন্ত্ৰণ কৰাৰ ধৰণৰেই মানুহখিনি আহি তাৰ কামটোত সহায় – সহযোগিতা সহৃদয়তাৰে সফল কৰি তুলিলে তাতেই সি পৰম সুখ পালে । বহুত টকা-পইচাই , বহুত বিলাসী সা-সামগ্ৰীয়েও মানুহক সুখ দিব নোৱাৰে কিন্তু কিছুমান সৰু সৰু কামে মানুহৰ মনত পাৰ ভঙা সুখৰ জোৱাৰ তোলে ।
দিনৰ ভাগত আইতাকৰ লগত কোনো দিনেই বিশেষ সময় দিব নোৱাৰে। তাৰ স্কুল আৰু নিজাববীয়া কিছুমান কাম থাকে । গধূলি সি কিছু সময় আইতাকৰ লগত সদায় কটায় । আইতাকৰ স্বাস্থ্য-পাতিৰ বুজ লোৱাৰ পৰা ঘৰুৱা কাম কাজৰ আলোচনা কৰা লৈকে সকলো কথা পাতে । আইতাকৰ লগত অকণমান সময় তেনেকৈ লাগি থাকিলে তেওঁ বৰ ভাল পায় । তেওঁ যেন সেই সময়কণলৈ বাট চাই থাকে । আজিৰ দিনটো ব্যস্ততাৰ কাৰণ সুকীয়া । আজি আইতাকৰ লগত কথা পাতিবলৈ সমূলি সুযোগ পোৱা নাই । সকলো কাম সামৰি একেবাৰে আজৰি হৈ বিচনালৈ আহিহে আইতাকৰ লগত কথা পাতিছে। হৈযোৱা কামবোৰ আইতাকে কেনে পালে ? সি ভাল কাম কৰিলেনে ? সেই কথাখিনিকে আইতাকৰ পৰা জানিবলৈ বৰ মন গৈ আছিল । আইতাকে তাৰ কামবোৰত বৰ সন্তোষ পালে । এনে কাম সকলোৱে কৰিব নোৱাৰে । বহুতে এইবোৰৰ প্ৰতি আগ্ৰহো নেদেখুৱাই । তই যে ইমান আস্থাসহকাৰে ইমান ডাঙৰ কাম এটা কৰিলি মই বৰ ভাল পালোঁ । আইতাকৰ মনৰ কথা জানি সি সুখী হ’ল । কথাৰ লাচতে আইতাকে তাক বেলেগ এটা কথাও কৈ পেলালে ।
:: এতিয়া তোক লগৰী এজনী গোটায় দিব পাৰিলেই মই নিচিন্ত মনে চকু মুদিব পাৰিম ।
সুযোগ বুজি আইতাকে তাক যিটো কথা ক’লে সি একেবাৰে হতভম্ব হৈ গ’ল ,
:: এহ… আইতা কি কথা কোৱা তুমি । মই এতিয়া লগৰী-চগৰীৰ চিন্তাত নাই দেই । তাতকৈ বহুত দৰকাৰী কাম কৰিবলৈ আছে মোৰ । সেইবোৰ কথা এতিয়া মনলৈ নানিবা ।
:: মোৰ গাটো ভাল হৈ নাথাকে অ’… বাবা । বয়সো হৈছে । কোন দিনা সিফলীয়া হওঁ কি ঠিক । মই সিফলীয়া হ’লেটো তোৰ মাতলে বোললেও কোনো নাথাকিব । তোৰ চাকৰি হ’ল , ঘৰ-দুৱাৰো পৰ্যাপ্ত পৰিমাণে আছে, ছোৱালী এজনী পোহপাল দিব পৰা সামৰ্থ হ’ল যেতিয়া মই ভাবিছোঁ ভাল ছোৱালী এজনী চায় তোৰ বিয়াখন পাতি দিওঁ । দুই একে ছোৱালীৰ কথাও নোকোৱা নহয় । নিকিয়েও কৈছে তোৰ বিয়াখন পাতিব লাগে ।
:: কি ?? পেহীয়েও কৈছে নে ? ৰ’বা এতিয়াই সেইবোৰ নাভাবিবা । তোমাৰ যদি গা বেছিকৈ বেয়া হৈছে মই সোনকালে ডাক্তৰক দেখুৱাই আনিম । তথাপি সেই অমূলক চিন্তাবোৰ নকৰিবা । মই যেতিয়া সেইবোৰৰ প্ৰয়োজন বোধ কৰিম তেতিয়া নিজেই ক’ম । শুই থাকা এতিয়া।
সিও বাগৰ সলায় বেৰৰ ফালে মূৰ কৰি শুই থাকিল ।
°°°°°°°°°°°°°°
কিতাপ পঢ়াটো অংশুৰ একপ্ৰকাৰ হবি । বয়স অনুসৰি মানুহৰ ৰুচিবোধ সলনি হৈ থাকে । সৰুতে যিবোৰ কাম কৰি ভাল লাগে অলপ ডাঙৰ হৈ আহিলে সেই একেবোৰ কামকে ভাল নলগা হৈ আহে । সৰুতে কিবা এটা দেখিলেই আঁকিবলৈ মন যোৱা, অকণমান সময় পালেই গান এটা গোৱা, যেতিয়াই তেতিয়াই তবলাযোৰ উলিয়াই পগলাৰ দৰে বজোৱা আদি কামবোৰ আজিকালি তাৰ কৰিবলৈ মন নোযোৱা হ’ল । আজিকালি আজৰি সময় বুলি যিকণেই পায় সেইকণ সময় সি কিতাপ এখন মেলিলৈয়ে ভালপোৱা হ’ল । মাকৰ কিতাপ কেইখন প্ৰকাশ কৰাৰ পাছত তাৰ কিতাপৰ প্ৰতি আকৰ্ষণ আৰু বাঢ়িল । বুজি পোৱা হ’ল বহুটো মহান ব্যক্তিয়ে কিতাপক কিয় সংগী কৰি লয় । জ্ঞান, বুদ্ধি-বৃত্তিৰ উপৰীও অকলশৰীয়া মুহূৰ্তত একান্ত অন্তৰংগ বন্ধুৰ দৰে সংগ দিয়ে কিতাপে। বৰ্তমান তাৰ হবি কিতাপ পঢ়া ।
কাব্য , গদ্য সকলো সাহিত্যৰে স্বাদ লৈছে সি । প্ৰখ্যাত অসমীয়া সাহিত্যিক সকলৰ আত্মজীৱনী সমূহ পঢ়িছে । জীৱন বৃত্ত, আত্মানুসন্ধান, কাল বলুকাত খোজ, জীৱন জীৱন বৰ অনুপম আদি আত্ম জীৱনীমূলক গ্ৰন্থবোৰ পঢ়িছে। গল্প, কবিতা , উপন্যাস , ভ্ৰমন কাহিনী আদি ভিন্ন স্বাদৰ কিতাপ পঢ়িছে। এইবোৰে এতিয়া তাক একাকী হ’বলৈ দিয়া নাই । আত্মজীৱনী সমূহ অধ্যয়ন কৰি তেওঁলোকৰ জীৱন-দৰ্শন সম্পৰ্কে জানিছে । আত্মানুসন্ধানৰ প্ৰতিটো শাৰীয়ে বৰকৈ আকৰ্ষণ কৰিছে । এটা এটা শাৰী এবাৰ পঢ়ি তৃপ্ত হোৱা নাই বাৰে বাৰে পঢ়িছে । তাৰ কাষত কোনোবা আছেনে নাই , অকলশৰীয়া , শূন্যতা , দুখ বোধ তাৰ মনৰ পৰা ধুই পেলাইছে “আত্মানুসন্ধানে” । বিষন্ন আৰু নিৰাশাবাদী হৈ জীয়াবলৈ শিকোৱা নাই পৰম আনন্দ আৰু আশাবাদী হৈ জীৱনৰ বিপদ সংকুল পথ অগ্ৰসৰ হ’বলৈ শিকাইছে । শংকৰদেৱ মাধৱদেৱৰ মহান সৃষ্টিৰাজী পঢ়িছে । মহাপুৰুষ দুজনাক আধাৰ হিচাপে লৈ অসমীয়া প্ৰখ্যাত লেখক সকলে লিখা গ্ৰন্থসমূহ পঢ়িছে । সেইবোৰৰ পৰা যি অমিয়া ৰস আস্বাদন কৰিছে সেই ৰসে তাৰ মনত বিৰাজ কৰা বিশাল নিৰ্জনতা দূৰ কৰি পৰিপূৰ্ণ কৰি ৰাখিছে । মহান গ্ৰন্থ শ্রীমদ্ভগৱদগীতা অধ্যয়ন কৰিছে। ইয়াৰ পৰম ৰহস্য আৰু সাৰমৰ্ম্ম প্ৰতি খোজত উপলব্ধি কৰিছে । বিয়া-বাৰু , সংসাৰ এই গতানুগতিক চিন্তাবোৰৰ পৰা সি বহুত আঁতৰত আছে ।
(আগলৈ)
বৰ ভাল হৈছে। লিখি থাকক ।
ReplyDelete