যাত্রাৰ শেষত (২৩)
✍পৰিমিতা গোস্বামী
জীৱনৰ দীঘলীয়া বাটত অনেক খলা-বমা , উথ্থান-পতন অতিক্ৰম কৰি এক বিশেষ স্থানত উপনীত হ’বলৈ কঠোৰ শ্রম আৰু সাধনাত ব্ৰতী হ’ব লাগিব। সাধনাতহে সিদ্ধি লাভ হয়। কি পালে, কি হেৰুৱালে এই হিচাপবোৰে জীৱনৰ গতিত স্থবিৰতা অনাৰ বাদে একো সহায় নকৰে । অংশুৱে সংগী হিচাপে বাচি লোৱা কিতাপ বোৰ অধ্যয়ন কৰি যি অনিৰ্বচনীয় সুখ আৰু আনন্দ পাইছে সেইবোৰে জীৱনটোক এটা নিৰ্দিষ্ট গতিত আগবঢ়াই নিছে । বিশৃংখল মনটোলৈ স্থিৰতা আনিছে ।
সুখী হৈ থকাটোৱেই যদি জীৱনৰ একমাত্র লক্ষ্য হয় , তেনেহ’লে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰ মনোনিৱেশ লাগিব সেই কথা সি গভীৰভাৱে উপলব্ধি কৰিছে।। শাৰীৰিক বা মানসিক পৰিশ্ৰম কৰি পাব খোজা যিকোনো বস্তুকে পাবলৈ সক্ষম হ’লে তাতকৈ সুখ আৰু আনন্দ আন একো হ’ব নোৱাৰে । মানুহে কষ্টোপাৰ্জিত ধনেৰে জীৱনৰ অপৰিমেয় অভাৱ পূৰণ কৰি যি সুখ বা আনন্দ লাভ কৰে পিতৃ প্ৰদত্ত সা-সম্পত্তি বা ধনেৰে সেই একেখিনি অভাৱ পূৰণ কৰি সেই সুখ বা আনন্দ উপভোগ কৰিব নোৱাৰে । জীৱনৰ কঠিনতাবোৰ দূৰ কৰি সহজ সুখৰ মধুৰতা পাবলৈ কঠোৰ পৰিশ্ৰমৰ অধিক প্ৰয়োজন ।
অংশুৱেও ঘৰখন ঘৰ কৰি ৰখাৰ স্বাৰ্থত কঠোৰ শাৰীৰিক পৰিশ্রম কৰে , মনটোক সুখী কৰি ৰখাৰ স্বাৰ্থত মানসিক পৰিশ্ৰম কৰে । এইবোৰ কৰি থাকি সি সময়ক অপব্যয় কৰা নাই প্ৰতিটো মিনিটৰ সদ ব্যৱহাৰ কৰিছে । এতিয়া তাৰ ঘৰখন এটা চালুকীয়া ল’ৰাৰ ঘৰৰ দৰে হৈ থকা নাই । এজন পৰিপক্ক মগজুৰে চিন্তা-চৰ্চ্চা কৰি পৰিচালনা কৰা মানুহৰ ঘৰৰ দৰে কৰি ৰাখিছে । তাৰ এনে কৰ্মই আইতাকক শাৰীৰিক আৰু মানসিক ভাৱে সুখী আৰু সবল কৰি ৰাখিছে । বাহিৰৰ মানুহে বাগি কুঠাৰ মাৰিব পৰা হলা গছ নহয় সি , পোতন থকা পোন আৰু সবল গছ । আশ-পাশৰ মানুহে এতিয়া তাক দৰ কৰি চলে । জীৱনৰ কঠিন সময়ত তাৰ পৰা দিহা-পৰামৰ্শৰে উপকৃত হয়।
পেছা হিচাবে বাচি লোৱা বৃত্তিটোও এটা সন্মানীয় বৃত্তি । সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে শিক্ষকতা বৃত্তিটোক যথেষ্ট সন্মান দিয়ে । সকলো শ্ৰেণীৰ ব্যক্তিয়ে এই বৃত্তিত অধিস্থিত ব্যক্তিসকলক সমীহ কৰি চলে । অন্যহাতে সমাজৰ অন্যান্য বৃত্তিধাৰী ব্যক্তি সকলতকৈ এজন শিক্ষক সকলো বিষয়তে পাৰ্গত আৰু সকলো কথা জানে বুলি সৰ্বসাধাৰণৰ জ্ঞাত । সেয়ে সমাজৰ সৰু-ডাঙৰ সকলো মানুহৰ মাজতে শিক্ষক সকল বৰ আদৰৰ । অংশুৱেও সমাজে দিয়া সন্মান আদৰ ধৰি ৰাখিবলৈ যত্ন কৰিছে । সমাজৰ ভাল-বেয়া, বিপদ-আপদ সকলোতে সমাজৰে এজনহৈ সোমাই পৰে ।
সমাজত ঘটা সৰু-সুৰা ঘটনা , বাদ-বিবাদবোৰৰ মিমাংসাৰ বাবে আইন-আদালতৰ কাষ চপাৰ আগতে এজন শিক্ষকৰ কাষ চাপে । সমাজৰ সামাজিক সাংস্কৃতিক সকলো দিশতে শিক্ষকৰ স্থান সদায় আগত । এইটো সমাজৰ পুৰাতনীয়া ৰীতি । দৰখাস্ত এখন লিখিবলৈও , নজনা কথা এটা জানিবলৈও পোন প্ৰথমে শিক্ষকৰ ওচৰলৈকে আহে । সৰ্বসাধাৰণৰ মাজত শিক্ষক এজন টকা-পইচাৰে কিমান চহকী তালৈ লক্ষ্য নাই কিন্তু শিক্ষা-দিক্ষাৰে সকলোতকৈ যে উৰ্ধত সেই বিশ্বাস সমাজত অতীজৰে পৰা আছে। শিক্ষিত, সৎ আৰু আদৰ্শবান বুলিয়েই শিক্ষক বৃত্তিধাৰী লোক সকল সমাজত আজিও সন্মানীয় আৰু আদৰৰ ব্যক্তি । গতিকে সমাজৰ সেই বিশ্বাস আৰু আদৰক সন্মান জনায় শিক্ষক সকলেও সেই স্থানত উপবিষ্ট হ’বলৈ নিজকে উপযুক্ত কৰি তুলিব লাগে বুলি অংশুৱে ভাবে । সি তাৰ ত্ৰুটী কৰা নাই । সেই স্থানত উপবিষ্ট হ’বলৈ সি যত্নৱান ।
শিক্ষকতা বৃত্তিটোকলৈ সি এতিয়া যথেষ্ট সুখী । ভাল লগা বিষয়টোক মেজৰ হিচাপেলৈ বি.এছ.চি সম্পূৰ্ণ কৰাৰ পাছত এম.এছ.চি. , পি.এইচ.ডি. কৰাৰ সপোন আছিল । যদিও সেই সপোন বাস্তৱায়িত কৰাত সময় আৰু পৰিস্থিতিয়ে বাধা প্ৰদান কৰিলে । তথাপি বৰ্তমান সি তাতেই বিমল আনন্দ পাইছে । এই বৃত্তিটোৱে তাক কিছুমান অন্যান্য ভালপোৱা কাম কৰিবলৈ সুবিধা দিছে । শিক্ষকতাৰ বাহিৰে সি যদি অন্য বেলেগ কামত নিয়োজিত হ’ল হেঁতেন তেনেহ’লে সেই সুবিধা নাপালে হেঁতেন । বিদ্যালয়ৰ সুকুমাৰ কলাৰ প্ৰতিযোগিতা সমূহৰ পৰিচালনাৰ দায়িত্ব , বাৰ্ষিক আলোচনীখনৰ প্ৰকাশৰ দায়িত্ব, মাহে মাহে প্ৰকাশ হোৱা প্ৰাচীৰ পত্রিকাখনৰ চোৱা- চিতাৰ দায়িত্ব তাৰ ওপৰতেই বিদ্যালয় কতৃপক্ষই অৰ্পণ কৰিলে । এই কাম সমূহত লাগি থাকি সি মানসিক পৰিতৃপ্তি লাভ কৰিছে । সি ভালপোৱা সংগীত , নাটক আৰু সাহিত্য এই গোটেই দিশ কেইটাৰ লগত জড়িত হৈ থাকিব পাৰিছে । তাৰ মনত প্ৰায়ে এটা কথাই খুন্দিয়াই ,যদিও সি ভালপোৱা বিষয়টোত অধ্যয়ন কৰি বহুত ওপৰলৈকে আগবাঢ়ি গ’ল হেঁতেনো তেতিয়া সি আনুষঙ্গিক ভালপোৱা খিনি উপভোগ কৰাৰ পৰা বঞ্চিত হ’লহেঁতেন । সি যি ঠাইত উপবিষ্ট হ’ল বৰ্তমান তাতেই অপৰিমিত সুখ লাভ কৰিছে।
মনত যদি কেতিয়াবাই উদাসীনতাই বাহ লয় ঠিক তেনে সময়তে তাৰ “আত্মানুসন্ধান”ৰ কালজয়ী শাৰীকেইটালৈ বাৰে বাৰে মনত পৰে , “বেছিভাগ মানুহেই জীৱনত যিখিনি পালে তাৰ পৰা তৃপ্তি আহৰণ কৰাতকৈ যিখিনি নাপালে তাৰ কথা ভাবি অশান্তি পাই থাকিব খোজে । মই কেতিয়াও সেই ভুল কৰা নাই । মই জীৱনত যিখিনি পাইছোঁ সেই আনন্দৰ পাত্রত যিখিনি নাপালো তাৰ আক্ষেপৰ বিষ ঢালি দি আনন্দখিনি নষ্ট কৰিব নোখোজোঁ । মই সদায় নিজকে কৈ থাকোঁ—মই যিখিনি পাইছোঁ সেইখিনিকেই বা সংসাৰত কিমান মানুহে পাইছে ? মই এজন সুখী মানুহ, কাৰণ মই জীৱনত যিখিনি পাইছোঁ তাতকৈ বেছি মই একো বিচৰা নাই”। এই শাৰী কেইটাই তাৰ জীৱনত সকলো সময়তে সঞ্জীৱনী সুধাহৈ উপকৃত আৰু অনুপ্ৰাণিত কৰিছে । কিতাপ পঢ়ি ভালপোৱা মনটোক কিতাপৰ মাজত নিৱদ্ধ কৰি ৰাখিব পাৰিছে । স্কুলৰ বাৰ্ষিক সুকুমাৰ কলাৰ প্ৰতিযোগিতা পৰিচালনা কৰাৰ বেলিকা কেতিয়াবা সি গান এটা গায়ও নাইবা বাদ্য সংগত কৰিও সংগীতৰ লগত সোমায় পৰিব লগীয়া হৈছে । নাটকৰ কথা নকলোৱেই বা । প্ৰতি বছৰে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীতে একোখনকৈ নাটক পৰিচালনা কৰি বিদ্যালয় সপ্তাহত প্ৰদৰ্শন কৰিব লগীয়া হয় । এই ব্যস্ততাবোৰে তাৰ অতীতটোক সোঁৱৰাই উদাস হৈ থাকিবলৈ দিয়া নাই । সি এতিয়া নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহবোৰৰ ভিতৰৰ এজন বুলি ভাবে ।
(আগলৈ)
No comments