যাত্রাৰ শেষত- ২১
পৰিমিতা গোস্বামী
মাকৰ মৃত্যুৰ আগলৈকে নিচেই অকণমানি ল’ৰা এটাৰ দৰে মাকৰ আঁচলৰ আঁৰত থকা ল’ৰাটো কেনেকৈনো ইমান দায়িত্বশীল , নিষ্ঠাৱান ল’ৰা এটালৈ ৰূপান্তৰ হ’ল ! মাক থকালৈকে কি কৰিব ? কি খাব ? ক’লৈ যাব ? এই সকলোবোৰ মাকে নক’লে একোৱেই নাজানিছিল । এতিয়া কথাত , কামত , চিন্তাত , স্বভাৱ-চৰিত্ৰ সকলোতে গম্ভীৰ্ৰতাৰে সমৃদ্ধ এটা ল’ৰাত পৰিণত হ’ল । তাৰ এনে পৰিবৰ্তনৰ মূলতে হ’ল তাৰ জীৱনলৈ হঠাতে অহা প্ৰচণ্ড ধুমুহাজাক । যি জাক ধুমুহাই বুকুত এসাগৰ দুখৰ বোজা দি যোৱাৰ লগতে নিজৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ শিকালে । অপৰিসীম দুখৰ বোজা বৈও জীৱন যাত্রাত নিৰ্ভয়ে অগ্ৰসৰ হ’বলৈ শিকালে । তাৰ অকলশৰীয়া জীৱন যাত্রা আৰম্ভ হ’ল । দেৱ শিশু এটাই প্ৰথম খোজ চলাবলৈ আৰম্ভ কৰাৰ দৰে এখোজ আগলৈ দুখোজ পিছলৈ । লাহে লাহে খোজৰ স্থিৰতা বাঢ়িল । এই যাত্রাৰ সহচৰ হ’ল সাহস, ধৈৰ্য আৰু একাগ্ৰতা। এই তিনিটা মহৎ গুণক সাৰথি কৰি লোৱাৰ বাবেই সি এতিয়া এটা সফল ল’ৰা । “পুৰিলেহে সোণ জিলিকে” । সকলোৰে দৃষ্টিত সি জুয়ে পোৰা সোণ । “অংশুমান” প্ৰকৃতাৰ্থত অংশুমানৰ দৰে জিলিকিল ।
আজি মাকৰ দ্বিতীয় মৃত্যু তিথি । দুখে সাগৰৰ দৰে ঢৌৱাইছে বুকু । তাৰ সমান্তৰালকৈ তৃপ্তিৰ আনন্দয়ো ভৰাই তুলিছে । আজি সি মাক-দেউতাকক চিৰ-দিন জীয়াই ৰাখিব বুলি লোৱা সংকলপটোৱে পূৰ্ণতা পাব । মৃত ব্যক্তি জীয়াই ৰখাৰ এইবোৰেই প্ৰধান তৰিকা । বহুতে মৃত পিতৃ-মাতৃক জীয়াই ৰাখিবলৈ মাক-দেউতাকৰ নাম খোদিত কৰি তোৰণ সাঁজে , ভৱন নিৰ্মান কৰে , স্মৃতিগ্ৰন্থ উলিয়াই , সামৰ্থ্য থকা সকলে আনকি চিনেমাও বনায় । সি তাৰ সামৰ্থ্যৰে সামান্যকৈ হ’লেও মাক-দেউতাকক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে । সেই প্ৰয়াসে আজি সাৰ্থকতাৰ ৰূপ ল’ব । তৃপ্তিত তাৰ মন ভৰি গৈছে ।
যথা সময়ত পুৰোহিত আহি পালে । পুৰোহিতক আগতীয়াকৈ কৈ থৈছে । শ্ৰাদ্ধৰ কামখিনি সোনকালে কৰি আজৰি হৈ স্মৃতি-চাৰণ সভাখনত যোগ দিব লাগিব । পুৰোহিত জনেও নিয়মৰ কামখিনিৰ ত্রুটী নোহোৱাকৈ সোনকালেই শ্ৰাদ্ধৰ কাম সম্পূৰ্ণ কৰিলে । শ্ৰাদ্ধৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত নিমন্ত্রিত সকলোকে সাধ্যানুসৰি খোৱা-বোৱাৰ ব্যৱস্থা কৰিলে । এইবোৰত বিশেষকৈ নজৰ দিলে নয়ন বৰ্তাক আৰু নিকি পেহীয়েকে । তেওঁলোক থাকিলে অংশুৱে কোনো কামৰে চিন্তা আৰু ভয় নকৰে । তেওঁলোকৰ বাবেই সি যিকোনো কাম কৰিবলৈ সাহসেৰে আগবাঢ়িব পাৰে । নিমন্ত্রিত সকলোৰে খোৱা-বোৱা শেষ হোৱাৰ পাছত স্মৃতি-চাৰণ সভাখনত বহিবলৈ অনুৰোধ জনালে। তাৰ অনুৰোধ মৰ্মে উপস্থিত সকলো নিৰ্দিষ্ট স্থানত বহিল গৈ । নিমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথি সকলক বহুৱাবৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিলে । সকলো যথা স্থানত বহিল আৰু সভাৰ কাম আৰম্ভ হ’ল ।
স্মৃতি-চাৰণ সভাখনৰ কাম আগবঢ়াই নিবলৈ সি শাখা সাহিত্য সভাৰ সম্পাদক জনকে দায়িত্ব দিলে । তেওঁ সুন্দৰকৈ সভাৰ কাম আগবঢ়াই নিলে। প্ৰথমে নিমন্ত্রিত বিশিষ্ট অতিথি এজনৰ হতুৱাই মাক আৰু দেউতাকৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰালে । তাৰ পাছত সমবেত সকলোৱে ফটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলী জনালে। নিমন্ত্রিত অতিথি সকলক একোখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনালে। এনেকৈয়ে সভাৰ কাম আৰম্ভ হ’ল । সভাৰ উদ্দেশ্য ব্যাখ্যাত সম্পাদকজনে ক’লে।
:: আজি আমি ইয়াত এনেদৰে সমবেত হৈছোঁ এক মহৎ উদ্দেশ্য আগত লৈ । আমাৰ সকলোৰে মৰমৰ, আদৰৰ অংশুমান কাশ্যপৰ পিতৃ-মাতৃৰ স্মৃতি যোগমীয়া কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এখন ভিছিডি আৰু তেখেতৰ মাতৃয়ে জীৱিত কালত লেখা গল্প, কবিতা, নাটক সমূহ সংগ্ৰহ কৰি কিতাপ আকাৰে প্ৰকাশ কৰা তিনিখন কিতাপ উন্মোচন কৰিবৰ বাবে । মই এইখিনিতে ভিছিডি আৰু কিতাপ কেইখনৰ নাম উল্লেখ কৰিব খুজিছোঁ। ভিছিডিখনৰ নাম “এৰি অহা সোণোৱালী দিন” , কাব্য গ্ৰন্থখনৰ নাম “অনুভৱৰ প্ৰথম পট” , গল্প সংকলনখনৰ নাম “গল্প-গুচ্ছ” আৰু নাটকৰ সংকলনখনৰ নাম “যাত্রাৰ শেষত” । অংশুমান ডাঙৰীয়াৰ এনে মহান কামৰ শলাগ লৈ আমি কিতাপ কেইখন আৰু ভিছিডিখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ।
উদ্দেশ্য ব্যাখ্যা সামৰি তিনিওখন কিতাপ আৰু ভিছিডিখন নিমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বেলেগে বেলেগে উন্মোচন কৰালে । উন্মোচন কৰাৰ পাছত প্ৰত্যেকখন কিতাপ আৰু ভিছিডিখনৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিলে । প্ৰত্যেকজন নিমন্ত্রিত অতিথিৰ ভাষণৰ শেষত সকলোৱে অংশুৰ এই মহানতাৰ ভূয়সী প্ৰশংসা কৰিলে । আৰু তাৰ এনে আদৰ্শ সকলোৰে অনুকৰণৰ যোগ্য বুলিও ক’লে। সদৌ শেষত শলাগৰ শৰাইৰে স্মৃতি-চাৰণ সভা খনৰ সামৰণি মাৰে । সভাৰ অন্তত নিমন্ত্রিত সকলো অংশুৰ পৰা বিদায়লৈ এজন দুজনকৈ গ’ল গৈ। বংশ-পৰিয়ালৰ মানুহখিনিৰ বাদে শ্ৰাদ্ধ থলী প্ৰায় উকা হৈ পৰিল ।
অংশুৱে সকলোৰে হাতত এখন এখন কিতাপৰ কপি তুলি দিলে । পৰিয়ালৰ মানুহে অংশুৰ মাকে লেখা-মেলা কৰিছিল বুলি জানিছিল কিন্তু কিতাপ উলিয়াব পৰাকৈ লেখি সংৰক্ষণ কৰি ৰাখিছিল বুলি জনা নাছিল । তেওঁৰো নিশ্চয় কিতাপ আকাৰে প্ৰকাশৰ পৰিকল্পনা আছিল কিন্তু তেওঁৰ অকাল মৃত্যুৱে বাস্তৱত ৰূপ দিয়াত বাধা প্ৰদান কৰিলে । তেওঁলোকে এনে এটা হীৰাৰ টুকুৰা জন্ম দিলে যি পিতৃ-মাতৃৰ অবৰ্তমানতো তেওঁলোকৰ আত্মাৰ তৃপ্তিৰ বাবে , স্মৃতি জীয়াই ৰাখিবৰ বাবে অহো-পুৰুষাৰ্থ কৰিব পাৰে । তাৰ বয়সৰ বহু ল’ৰাৰ বাবে পিতৃ-মাতৃয়ে জীৱিত কালতে চকুৰ পানী টুকি টুকি মৃত্যুৰ ক্ষণ গণিব লগীয়া হয়। অংশু এই সকলোবোৰৰে পৰা ব্যতিক্ৰম । পিতৃ-মাতৃৰ অবিহনে ঘৰখন ঘৰ কৰি ৰখা, আইতাকৰ পৰিচৰ্য্যা কৰাৰ বাবে নিজৰ আশা-আকাঙ্ক্ষাকো একাষৰীয়া কৰি জীৱনটোক ন’কৈ সজাবলৈ যত্ন কৰিছে । সময়ে তাক যেনেকৈয়ে নিছে য’লৈকে নিছে সি তেনেকৈয়ে খোজ দি গৈছে।
(আগলৈ)
No comments