Breaking News

যাত্রাৰ শেষত (১৯)



          ✍পৰিমিতা গোস্বামী 


          অংশুৰ বি. এছ.চি .ৰ ৰিজাল্টটোৱে নিকিতাক বুজাব নোৱৰাৰ ধৰণে সুখী কৰিলে। তাইৰ একমাত্র ভতিজাক অংশু । তাৰ প্ৰতিটো ভাল খবৰে নিকিতাক আপ্লুত কৰি তোলে।   সকলো দুখ মুহূৰ্ততে  নিঃশেষ কৰি দিয়ে । ককায়েক বৌ্য়েকক হেৰুওৱাই ভাগি যোৱা হৃদয়খনে সুখৰ ৰেঙণি দেখা যেন লাগে। সকলো হেৰুৱাৰ পিছতো বহুত কিবা পোৱা যেন লাগে। ৰিজাল্টটো গ’ম পোৱাৰ পাছতে তাইৰ সকলো সহকৰ্মীকে মনৰ জোখাৰে চাহ মিঠাই খুৱালে । বহু দিনৰ মূৰত নিকিতাৰ মুখত হাঁহি দেখি সকলোৱে বৰ ভাল পালে । তাই অফিচৰ বচক দুদিনৰ চুটি বিচাৰি আবেদন জনালে । বচেও লগে লগেই চুটি মঞ্জুৰ কৰিলে । সেইদিনা ৰাতিৰ গাড়ীতে তাই ঘৰলৈ অহাটো খাটাং কৰিলে। গিৰীয়েকেও কোনো আপত্তি নকৰিলে । বহু দিনৰ মূৰত নিকিতাক আনন্দত থকা দেখি তেওঁ বহুত সুখী হ’ল । তাই ৰাতিৰ গাড়ীত ঘৰলৈ বুলি যাত্রা আৰম্ভ কৰিলে । আজি তাইৰ মনত কোনো বেজাৰ নাই। এসাগৰ সুখলৈ তাই মাকৰ ঘৰলৈ যাত্রা কৰিছে । ইয়াৰ আগৰবাৰ মাকৰ ঘৰলৈ দুখ-বেজাৰেৰে ভাৰাক্ৰান্ত এটা মনলৈ আহিছিল । এইবাৰ তাৰ সম্পূৰ্ণ ওলোটা । তাই আহি ঘৰ পোৱাৰ লগে লগে ঘৰখন আনন্দ উছাহে ভৰি পৰিল । আজিৰ পৰা প্ৰায় দহমাহৰ আগতে আহি তাই যিখন ঘৰ এৰি থৈ গৈছিল । সেইখন ঘৰ আজি সম্পূৰ্ণ বিপৰীত । গল্প-গুচ্ছ, হাঁহি-তামাচাৰ মজেৰেই পাৰ হৈছে সময়বোৰ । ওচৰ-চুবুৰীয়া সকলোকে মাতি মনৰ জোখাৰে এসাজ খুৱালে । সকলোকে এনেকৈ ফূৰ্তি কৰা দেখি অংশুৰো বৰ ভাল লাগিল । সিহঁত সকলো বহুত সুখী।


          নিকিতাই অংশুৰ মাকৰ মৃত্যুৰ পিছত পাব লগীয়া সকলো পইচা অলপ দিনৰ ভিতৰতে পাব বুলি জনালে । কৰিব লগীয়া সকলো কাম হৈ যোৱাৰ পাছত ট্ৰেজাৰি আফিচলৈ কাগজ পত্রৰ সকলো ফাইল পঠালে । অলপ দিনৰ ভিতৰতে অংশুৰ একাউণ্টত সকলো পইচা সোমায় যাব । সেইখিনি পইচা নোহোৱাকৈও অংশুৱে ঘৰখন ভাল দৰেই চলায় আছিল । সেইখিনি পইচা মাকৰ যিহেতু প্ৰাপ্য যেতিয়া পালে ভাল হ’ব । মনে মনে সি তাকেই ভাবিলে । 


              নিকিতায়ো অংশুক এম.এছ.চি পঢ়াৰ কথা কৈছিল ।  অংশুয়ে পঢ়াতকৈ চাকৰিৰ কথাতহে অধিক গুৰুত্ব দিলে । নিকিতায়ো জোৰ নিদিলে । তাৰ ইচ্ছা মতেই আগবাঢ়িবলৈ ক’লে । আৰু তায়ো যিমান পাৰে সহায় কৰিব বুলি আশ্বাস দিলে । দুদিন থাকি নিকিতা ঘৰলৈ উভতি গ’লগৈ।


           ৰিজাল্টৰ পাছত ধনশিৰী পাৰ আদৰ্শ শিশু সদনলৈ  অহা-যোৱা , টিউচন সকলো নিয়মিয়াকৈ চলি থাকিল অংশুৰ । ৰাতিপুৱা টিউচন, আবেলি টিউচন , সময় মতে স্কুলত উপস্থিত হোৱা আদি কামবোৰ গতানুগতিকতাৰ মাজেৰে চলি থাকিল । সমান্তৰালকৈ অ’ত ত’ত চাকৰিৰ বাবে আবেদন কৰা , সাক্ষাৎকাৰ দিয়া আদি কামবোৰো চলি থাকিল । সেই অঞ্চলৰ কেইজনমান সচেতন ব্যক্তিয়ে  তাৰ চাকৰিৰ বাবে লাগি-ভাগিও দিলে। তাৰদৰে চোকা ল’ৰা এটাই যিকোনো বিভাগতে এটা ভাল চাকৰি পাব । তাৰবাবে সি বাহিৰলৈ ওলায় যাব লাগিব । তেনে এটা সৰ্বগুণাকৰ ল’ৰা বাহিৰলৈ ওলায় গ’লে অঞ্চলটোৰে ক্ষতি হ’ব । সেই স্বাৰ্থতে তাক যাতে ধনশিৰী পৰীয়া গাঁওখনতে ৰাখিব পাৰে তাৰবাবে লাগি দিলে । স্থানীয় স্কুল কেইবাখনটো শিক্ষকৰ  পদ খালি আছে । তদুপৰি মাকে শিক্ষকতা কৰা স্কুলখনটো খালি পদ আছে । তাৰে যিকোনো এখন স্কুলত তাক নিযুক্তি দিবৰ বাবে তেওঁলোকে শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত উঠি-পৰি লাগিল । কমপেঞ্চেচন গ্ৰাউণ্ডত মাকে কৰা স্কুল খনতে চাকৰি এটা পোৱাটো সহজ হ’ব । সেইবাবে স্কুল  কৰ্তৃপক্ষক আবেদন কৰাৰ লগতে স্কুল পৰিদৰ্শকৰ কাৰ্য্যালয়তো আবেদন কৰিলে । গুৱাহাটীত কৰিব লগীয়া কামখিনি নিকিতাই কৰি দিলে । বিশেষকৈ স্থানীয় বিধায়ক জনক লগ কৰি তেখেতৰ পৰা একলম লিখাও আনি দিলে । মুঠৰ ওপৰত অংশুৰ চাকৰিৰ বাবে সকলোৱে পাৰ্য্যমানে চেষ্টা কৰিলে । বহুত কষ্ট আৰু যত্নৰ বিনিময়ত অংশুৰ মাকৰ স্কুল খনতে মাকৰ পদটোতে তাৰ নিযুক্তি হ’ল ।  নিযুক্তি পত্রখন হাততলৈ এফালে তাৰ ভাল লাগিল  আনফালে অন্য এটা ভাবে মনত দোলা দি গ’ল । মাক থকা হ’লে অনায়াসে সি উচ্চ শিক্ষাৰ বাবে ওলায় যাব পাৰিলে হেঁতেন আৰু বাহিৰলৈ নিচিন্তমনে ওলায়গৈ  ভাল চকৰি এটা কৰিব পাৰিলে হেঁতেন । এতিয়াৰ দৰে সি মাকৰ স্কুলখনতে মাকৰ আসনখনতে বহি চাকৰি কৰিব লগীয়া নহ’ল হেঁতেন । যি কি নহওক আশা কৰা মতেই তাৰ এটা চৰকাৰী চাকৰিৰ যোগাৰ হ’ল।


          ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ পৰা সি এদিন বিদায় ল’ব লগা হ’ল । সেই দিনটো ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ লগত জড়িত প্ৰত্যেক জন ব্যক্তিৰ বাবে দুখৰ দিন হ’ল। কি শিক্ষক , কি অভিভাৱক , কি শিক্ষাৰ্থী  সকলোৰে বাবে এটা অতি বেজাৰৰ দিন হ’ল সেই দিনটো । অংশুৰো বৰ বেয়া লাগিল সেই দিনা । যিখন বিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলিছিল , যিবোৰ ছাত্র-ছাত্রীৰ লগত অন্তঃকৰণৰে সোমায় পৰিছিল সেই ছাত্র-ছাত্রী সকলৰ পৰা সেই সহকৰ্মী সকলৰ মাজৰ পৰা সি আঁতৰি আহিব লগীয়া হ’ল । সেইটোৱে তাক যথেষ্ট বেজাৰ দিলে । তথ‍াপি সি বাধ্য  । সি বিচৰা মতে এটা চৰকাৰী চাকৰি পাইছে । তাক চেৰাই সি কোনো কাৰণত ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকক সন্তুষ্ট কৰি সোমায় থাকিব নোৱাৰে । তাৰ ভৱিষ্যতৰ কথা আছে । অনেক আকাংক্ষা অনেক পৰিকল্পনা  আছে। সেইবোৰ পৰিপূৰ্ণ কৰিব লাগিব । সেই সকলো ভাবি সি ধনশিৰী পাৰ আদৰ্শ শিশু সদনৰ পৰা বিদায় ল’লে । 


          চাকৰিত যোগদান কৰাৰ পাছত টিউচনৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ চলোৱা, নিজে চলা আদিৰ পৰা সকাহ পালে । টিউচনবোৰ লাহে লাহে কমাই দিলে । আগৰ দৰে ৰাতি ন বজালৈকে বাহিৰতে কটাব লগীয়া  নোহোৱা হ’ল । নিজৰ বাবে কিছু সময় ব্যয় কৰিব পৰা হ’ল । ঘৰুৱা কাম-কাজৰ লগতে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ থকা মনটোক কামত লগাব পৰা হ’ল । সময়বোৰ নিজৰ মতে খৰচ কৰিব পৰা হ’ল । 



          মাক ঢুকুৱাৰ এবছৰ সম্পূৰ্ণ হ’বৰ হ’ল । এই এটা বছৰৰ ভিতৰতে তাৰ জীৱনলৈ বহুত পৰিবৰ্তন আহিল। যিবোৰ পৰিবৰ্তন মাক থাকোতে ভুলতো কল্পনা কৰা নাছিল । তাৰ কল্পনা আছিল সি ভালপোৱা বিষয়টোত বহু দূৰ আগবাঢ়ি যোৱা । ভবা নাছিল ইমান সোনকালে পঢ়া সামৰি বৃত্তিমুখী হৈ পৰিব লাগিব বুলি । সময়ে সকলো সলনি কৰি দিলে । পৰিস্থিতিয়ে তাক কাবু কৰি পেলালে । যিটোৱে তাক বৃত্তিমুখী হৈ পৰিবলৈ বাধ্য কৰিলে । এতিয়া তাৰ সন্মুখত এটাই চিন্তা আহি পৰিল কেনেকৈ এজন সৎ মানুহ হৈ সমাজৰ হিতৰ কাম কৰি জীয়াই থাকিব পাৰে । এই এটা বছৰৰ ভিতৰতে মাকৰ পাব লগীয়া পইচাবোৰো এটা এটাকৈ সকলো পালে । মাকৰ পোষ্টতে চাকৰিটোও পালে । সি আৰ্থিকভাবে স্বচ্ছল লৈ পৰিল । এতিয়া সি কৰিম বুলি ভাবি থকা কামবোৰ কৰিবলৈ সুবিধা হ’ল । 


          ঘৰৰ ওচৰতে চাকৰিটো হোৱাৰ বাবে আইতাকে বৰ ভাল পালে । তেওঁনো তাক কিমান দিন ধৰি ৰাখিব পাৰিব  । বয়সে, বেমাৰে লাহে লাহে তেওঁক  কোঙা কৰি আনিছে । তেওঁৰ কিবা এটা হ’লেও ল’ৰাটোৱে অন্ততঃ পৰিয়ালৰ মানুহবোৰ পাই থাকিব । তেওঁ মনে মনে আন এটা কথাও ভাবিলে।  চাকৰিটো হ’ল যেতিয়া তাক লগ এটা গোটাই দিয়াৰ চিন্তা কৰিব পৰা হ’ল । তেওঁলোকৰ দুজনীয়া সংসাৰ খন স্বচ্ছলতাৰে  কোঁহ্কাল নোহোৱাকৈ চলি আছে । ভৱিষ্যতে যাতে সুখে শান্তিৰে কটাব পাৰে তাৰ বাবে এগৰাকী সংগী গোটাই দিব পাৰিলে তেওঁ নিশ্চিন্ত হ’ব পাৰিব । আজীৱন দুখৰ বোজা বুকুত ভাৰবৈ জীয়াই থকা মানুহ গৰাকীৰ এয়া জীৱনৰ শেষ আশা।

      ( আগলৈ )

No comments