যাত্রাৰ শেষত (১৬)
✍পৰিমিতা গোস্বামী
জীৱনটো সজাবলৈ বহুত কিবা-কিবি প্ৰয়োজন নাই । প্ৰয়োজন মাথোঁ আত্মীয়-স্বজনৰ মৰম, ভালপোৱা, দিহা-পৰামৰ্শ আৰু বন্ধু-বান্ধৱৰ অন্তৰংগতা , আলাপ-আলোচনা । এইবোৰে জীৱনটোক সুন্দৰ আৰু সফল কৰাত সহায় কৰে । জীৱনটোক চালিকা শক্তিহৈ গতি প্ৰদান কৰে । জীৱনৰ উথ্থান-পতন, হৰ্ষ-বিষাদ , ঘাত-প্ৰতিঘাত সকলোতে একাকী হোৱাৰ পৰা বিৰত ৰাখে । “ জীৱন জীৱন বৰ অনুপম” কথাষাৰৰ সত্যতা উপলব্ধি কৰিব পাৰে । জীৱনটোক সজাই তুলিব পাৰে অনুপম কৰি ।
বাহিৰৰ মানুহে সংগীহীন, অকলশৰীয়া বুলি ভবা অংশুৱে কিন্তু নিজকে কেতিয়াও অকলশৰীয়া, অসংগ বুলি ভবা নাই । কাৰণ তাক তেনে অনুভৱ কৰিবলৈ সুযোগ দিয়া নাই তাৰ পেহাক-পেহীয়েক , নয়ন বৰ্তা-বৰমাক আৰু পৰিয়ালৰ খুৰাক-খুৰীয়েক সকলোৱে । বন্ধু-বান্ধৱো তাৰ অংশীদাৰ । তেওঁলোকৰ ছত্রছায়াৰে আৱৰি ৰাখিছে তাক । নিৰহংকাৰী, অমায়িক স্বভাৱটোৱেই তাৰ প্ৰধান মূলধন । তাৰ বয়সৰ আন আন ল’ৰা-ছোৱালীবোৰৰ উচ্ছৃংখল গুৰু-গোসাঁই নমনা স্বভাৱটোৰ বাবেই ওচৰ চুবুৰীয়া, পৰিয়ালৰ আন সদস্যবোৰহে নালাগে নিজৰ মাক-দেউতাকৰো অপ্ৰিয় হৈ পৰে। সেইবোৰৰ তুলনাত অংশুৰ তেনে কোনো বদ-স্বভাৱ বা অভ্যাস নাই যাৰ বাবে সি সকলোৰে প্ৰিয় । তেনে উচ্ছৃংখল ল’ৰা-ছোৱালীবোৰৰ পিতৃ-মাতৃয়ে অংশুক উদাহৰণ হিচাবে লৈ তেওঁলোকৰ ল’ৰা-ছোৱালীক তেনে হ’বলৈ শিকায়। বন্ধু-বান্ধৱ তাৰো আছে । যথেষ্ট আছে । কিছুমান ভাল , কিছুমান তথাকথিত উচ্ছৃংখল । সি তেনে উচ্ছৃংখল বন্ধুৰ লগত হাড়ে-হিমজুৱে একাকাৰ হৈ যোৱা নাই। তেনে হোৱাৰ পৰা সি নিজকে আঁতৰাই ৰাখিছে । সি জানে জীৱন বাটত অগ্ৰসৰ হোৱাত বন্ধুৰ প্ৰয়োজন আছে কিন্তু যি বন্ধুৰ সান্নিধ্যই লোক চক্ষুত হেয় জ্ঞান কৰে তেনে বন্ধুৰ সান্নিধ্যৰ পৰা নিজকে আঁতৰত ৰাখে ।
অংশুৰ জীৱন পৰিক্ৰমা ক্ৰমশঃ আগবাঢ়িছে উথ্থানৰ দিশে । টিউচন, ঘৰুৱা কাম-কাজ, নিজৰ পঢ়া আদিয়ে তাক অন্য কথা ভাবিবলৈ সময় দিয়া নাই। লাহে লাহে তাৰ ফাইনেল পৰীক্ষাৰ ওচৰ চাপি আহিছে । ইফালে তাৰ টিউচনৰ সংখ্যাও দিনক দিনে বাঢ়ি আহিছে। সকলোবোৰ ৰাখিবলৈহে সি অপাৰগ হৈছে। যিহেতু তাৰ সন্মুখত বি.এছ.চি ফাইনেল পৰীক্ষা আহি পৰিছে। সি যিসকল অভিভাৱকে তাক টিউচনৰ বাবে খাটনি ধৰিছে সেইসকলক অনুৰোধৰ সুৰেৰে বুজাই দিছে তাৰ ফাইনেল পৰীক্ষাৰ পাছতহে তেখেতলোকৰ কথা ৰাখিব পাৰিব । তেওঁলোকেও কোনো আপত্তি নকৰি বাট চাইছে তাৰ পৰীক্ষাৰ শেষলৈ।
তাৰ কষ্ট হৈছে সঁচা । কিন্তু তাক এই টিউচনবোৰে মানসিক শান্তি দিছে , জীৱন যাত্রাৰ পথ সুচল কৰিছে। টিউচনৰ পইচাৰে তাৰ ঘৰখন সুন্দৰকৈ চলাই নিব পাৰিছে । আইতাকৰ ঔষধ-পাতিৰ নিয়মিত যোগাৰ দিব পাৰিছে । তাৰ পঢ়াৰ খৰচ উলিয়াব পাৰিছে। তাতকৈ আৰু তাক কি লাগিছে । এই ব্যস্ততাই তাৰ অতীতটোক মনত পেলাবলৈ দিয়া নাই । ঘটি যোৱা ঘটনাবোৰে চকুৰ আগত অগা-ডেৱা কৰিবলৈ সুযোগ দিয়া নাই। তাৰ সন্তুষ্টিয়ে আইতাককো জীপাল কৰি ৰাখিছে ।
যৰে পৰাই নাহক , আহিয়েই আইতাকক প্ৰফুল্ল চিত্তে চিঞৰ এটা মাৰে । কেৱল আইতা বুলিয়েই যে মাতে তেনে নহয় । কেতিয়াবা সি আইতাকক হেল্ল ডাৰ্লিং , হাই… চুয়ীট-হাৰ্ট , মোৰ কলিজাজনী ক’ত আছা তুমি ? মুখত যি আহে তাৰেই সি আইতাকক চিঞৰ এটা মাৰে । সি যি বুলিয়েই নামাতক আইতাকে জানে সি তেওঁকেই যে মাতিছে । য’তেই নাথাকক তাৰে পৰাই সহাৰি জনায় । সি যিমান স্ফূৰ্তিত থাকে তেওঁৰ মনটো সিমান আনন্দত ভৰি থাকে ।
পেহীয়েকে কোৱাৰ দৰে বৰষুণৰ পিছত ৰ’দৰ দৰে দুখৰ পিছত সুখ থাকে। সেই সুখ আঁজুৰি আনিব লাগিব। সিওঁ আঁজুৰি আনিব পাৰিছে তাৰ দুটীয়া সংসাৰ খনলৈ সুখ। তাৰ জীৱনটোও এছেৰেঙা মিঠা ৰ’দে ঢৌৱাই নিছে । পোহৰৰ সমাৱেশ ঘটিছে । এই পোহৰে তাৰ বুকুৰ ভিতৰত খোপনি পুতি লোৱা আন্ধাৰবোৰ দূৰ কৰিছে ৰঙৰ সমাৱেশ ঘটাইছে । ভিতৰৰ ৰঙে বাহিৰৰ পৰিবেশটোও ৰঙীন কৰি তুলিছে ।
( আগলৈ )
No comments