Breaking News

যাত্রাৰ শেষত (১৭)




✍ পৰিমিতা গোস্বামী 


       চাওঁতে চাওঁতে অংশুৰ পৰীক্ষা শেষ হ’ল । পৰীক্ষা শেষ হ’ল যদিও ৰাতি বাৰ-এক বজালৈকে পঢ়াৰ অভ্যাসটো নগ’ল । কিতাপ এখন নেমেলিলে তাৰ টোপনিয়েই নহা হ’ল । সি মাকৰ আলমাৰিৰ পৰা এখন এখনকৈ বাহিৰা কিতাপ উলিয়াই পঢ়াৰ আভ্যাস অটুট ৰাখিলে । অসমীয়া সাহিত্যৰ মহান মনীষী সকলৰ আত্মজীৱনী বোৰৰ উপৰিও  প্ৰখ্যাত লেখক সকলৰ উপন্যাস , গল্প, প্ৰৱন্ধ আদি সংকলন সমূহ এফালৰ পৰা পঢ়ি যাবলৈ ধৰিলে ।  কিতাপ পঢ়াৰ অভ্যাসটোৱে তাৰ মনটোক আৰু সবল কৰি তুলিলে । কিছুমান কিতাপৰ এটা এটা শাৰী ইমানেই সোৱাদ লগা যে সি বহুবাৰ পঢ়ি তাক হৃদয়ঙ্গম কৰি লয় । এনে  একোটা শাৰীয়ে মনত ইমানেই ক্ৰিয়া কৰে যিটোৱে জীৱনটো যিমানেই দুৰ্বিসহ নহওক , যিমানেই জটিল নহওক কিয়  সহজকৈ জীয়াবলৈ সাহস দিয়ে । সি মনতে ভাৱে ইমান ব্যস্ততাৰ মজতো মাকে ৰাতি ৰাতি এনেই এই কিতাপবোৰ পঢ়ি নাথাকে । এইবোৰে মাকক পাটিৰ লগৰী হেৰুৱাই অকলশৰীয়া হোৱা জীৱনটোক জীয়াই থাকিবলৈ ধৈৰ্য আৰু সাহস দিছিল । মনক সুস্থ আৰু সবল কৰাত এই কিতাপবোৰ মহৌষধ স্বৰূপ আছিল। 


       অংশুৰ পৰীক্ষা শেষ হ’ল বুলি খবৰ পাই আগতে টিউচনৰ বাবে কৈ থোৱা অভিভাৱক কেইজনে পুনৰ তাক অনুৰোধ কৰিলে । সি এইবাৰ তেওঁলোকক নিৰাশ কৰিব নোৱাৰিলে । সময় মিলায় তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিলে । ৰাতিপুৱা পাঁচ বজাৰ পৰা তিনিটা মান আৰু আবেলি চাৰি বজাৰ পৰা গধূলি ন বজালৈকে চাৰি / পাঁচটা মান টিউচন কৰি ঘৰ সোমায়হি । এক মিনিট সময়ো অপব্যয় নকৰি সময়বোৰ গণি গণি খৰচ কৰিবলৈ ল’লে । সময়ৰ মূল্যক সি অধিক প্ৰাধান্য দিবলৈ শিকিলে । টিউচন ঘৰুৱা কাম-কাজবোৰ সুচাৰু ৰূপে চলি থকাৰ মাজতে এদিন তালৈ এটা ডাঙৰ প্ৰস্তাৱ আহিল । ঘৰৰ পৰা দুই-তিনি কি: মি:ৰ মান দূৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয় খনৰ প্ৰধান শিক্ষক জন আহি সেই বিদ্যালয়ত পাঠদান কৰিবৰ বাবে তাক আমন্ত্ৰণ জনালে । প্ৰস্তাৱটো পায় প্ৰথমে সি অলপ ইতস্ততঃ বোধ কৰিলে । সি নিজেই এজন ছাত্রই হৈ আছে হঠাৎ কেনেকৈ শিক্ষক হ’বগৈ । শিক্ষকৰ শাৰীত নিজকে এবাৰ ৰাখি সি শংকা বোধ কৰিলে । পাৰিব জানো তেনে এটা মহান আৰু পৱিত্র বৃত্তিত নিজকে নিয়োজিত কৰিব ! প্ৰথমে সি নাকচ কৰিছিল । প্ৰধান শিক্ষক জনক সি কৈছিল ,

:: মই নোৱাৰিম ছাৰ । তেনে এটা পৱিত্ৰ বৃত্তিৰ যোগ্য মই হোৱা নাই । মই নিজেই এতিয়াও ছাত্র হৈয়ে আছোঁ । তেনেস্থলত এয়া সম্ভৱ নহ’ব ।

তাৰ কথা শুনি প্ৰধান শিক্ষক জনে ,

:: কিয় নোৱাৰিবা । পাৰিবা । যোগ্য অযোগ্য তোমাৰ কাৰ্যয়হে নিৰূপণ কৰিব বয়সে নকৰে নহয় । তুমি কোৱালিটি থকা ল’ৰা । তুমি পাৰিবা । মই আশা আৰু কামনা কৰোঁ তুমি মোৰ অনুৰোধ উপেক্ষা নকৰিবা । 

কথাৰ চলেৰে প্ৰধান শিক্ষকজনে তাক বান্ধি পেলালে । সিও উপায়হীন হ’ল । 

     প্ৰধান শিক্ষক জন গ’লগৈ । তেখেত যোৱাৰ পাছত কথাবোৰ তাৰ প্ৰধান পৰামৰ্শদাতা পেহীয়েক আৰু বৰ্তাকক জনালে । তেওঁলোকেও তাক কামটোত যোগদান কৰিবলৈ ক’লে । এনেই থকাতকৈ শিক্ষকতাৰ দৰে বৃত্তি এটাত নিয়োগ কৰি ৰাখিলে মগজুৰ কচৰৎ হৈও থাকিব আৰু নজনা বহু কথা শিকিবলৈও সুযোগ পাব । সকলোয়ে সন্মতি জনোৱাত সি সেই বিদ্যালয়ত যোগ দিবলৈ মান্তি হ’ল । 


       সি ধনশিৰীপাৰ আদৰ্শ শিশু সদনৰ লগত সংযুক্ত হৈ পৰিল । প্ৰথমে সি বিদ্যালয় খনৰ ভিতৰৰ পৰিৱেশটোত নিজকে খাপ খুৱাবলৈ অসুবিধা পাইছিল । বিদ্যালয়লৈ সোমই যোৱাৰ লগে লগে ছাত্র-ছাত্রীসকলে নমস্কাৰ জনায় সুপ্ৰভাত ছাৰ বুলি স্বাগতম জনায় । তাৰ পাছত ছাত্র-ছাত্রী শিক্ষক সকলো প্ৰাৰ্থনা কক্ষত সোমায় প্ৰথমে দীপ মন্ত্ৰ গায় বন্তি জ্বলায়  প্ৰাৰ্থনা আৰম্ভ কৰে । প্ৰাৰ্থনা কক্ষত সোমোৱাৰ লগে লগে আধ্যাত্মিক ভাৱ এটা মনত আপোনা-আপুনি জাগ্ৰত হয় । প্ৰাৰ্থনাৰ অন্তত মহৎলোকৰ বাণী, অমৃৎ বচন, নীতি জ্ঞান আদিৰে প্ৰাৰ্থনা শেষ কৰি প্ৰাৰ্থনা কক্ষৰ পৰা ওলায় আহে এক সু-শৃংখলিত পৰিৱেশৰ মাজেৰে । প্ৰতিজন ছাত্র-ছাত্রীয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি নিজৰ নিজৰ শ্ৰেণী কোঠাত সোমায় । সম্পূৰ্ণ এটা শৃংখলিত , সুন্দৰ আৰু সুস্থ পৰিৱেশৰ মাজত দিনটো পাৰ হয় । সি নিজে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়া ল’ৰা । সি পঢ়া বিদ্যালয়খনো যথেষ্ট নীতি নিয়মৰ মাজেৰে চলিছিল। যদিও শিক্ষক শ্ৰেণীকোঠাৰ পৰা ওলায় যোৱা মাত্রকে হাই-উৰুমি , হুলস্থূলে শ্ৰেণী কোঠাৰ পৰিৱেশ বিনষ্ট কৰে । এই বিদ্যালয়ত পাঠদান শেষ কৰি ওলায় যোৱা শিক্ষকজনে কৈ যায় পৰবৰ্তী শিক্ষক অহালৈকে শ্ৰেণী কোঠাৰ নিয়ম মানি মৌন হৈ বহি থাকা । সেইমতে ছাত্র-ছাত্রীসকলেও পৰিৱেশ বিনষ্ট হোৱাকৈ হাই-উৰুমি নকৰাকৈ নিৰলে বহি থাকে । এনে সুন্দৰ পৰিৱেশ দেখি অংশু প্ৰথমে আচৰিত হৈছিল । পিছলৈ এনে সুন্দৰ পৰিৱেশৰ মাজত সি অভ্যস্ত হৈ পৰিল । তাৰ ভাল লগা হ’ল ।


       অংশু প্ৰধানকৈ অংক আৰু বিজ্ঞানৰ শিক্ষক হিচাবে সেই বিদ্যালয়ত যোগদান কৰিছিল। পিছলৈ সি কোনো কোনো শ্ৰেণীত ইংৰাজী , হিন্দীও পঢ়াব লগীয়া হ’ল । অসমীয়া মাধ্যমৰ ছাত্র আছিল যদিও সকলো ভাষা অতি সুন্দৰকৈ আয়ত্ত কৰি লৈছিল । সুন্দৰকৈ ক’ব পাৰিছিল সুন্দৰকৈ লিখিব পাৰিছিল। ইংৰাজীৰ ক্লাছত সোমায় সি ছাত্র-ছাত্রীসকলক প্ৰথমতেই কৈ দিছিল আমি ইংৰাজী শিকিছোঁ যেতিয়া কোৱা আৰু লিখা দুয়োটা সমানেই পাৰিব লাগিব। গতিকে ইংৰাজীৰ ক্লাছত কিবা জানিব লগীয়া বা সুধিব লগীয়া থাকিলে ইংৰাজীতেই ক’বলৈ অভ্যাস কৰিবা তেতিয়া ভৱিষ্যতে ইংৰাজী কোৱাৰ ভয়তো নাথাকিব । সঁচাকৈ তাৰ এই বুদ্ধিটোৱে ছাত্র-ছাত্রী সকলক যথেষ্ট উপকৃত কৰিলে । ইংৰাজীত টকিং কৰাৰ ভয়টো আঁতৰিল ।  


       বিদ্যালয় খনৰ নাম ধনশিৰী পাৰ আদৰ্শ শিশু সদন হোৱাৰ মূলতে হ’ল এই বিদ্যালয়ৰ শিক্ষা দানৰ মাধ্যম অন্যান্য অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহতকৈ অলপ বেলেগ । ইয়াত অকল পাঠ্য-পুথিৰ শিক্ষাই যে দিয়ে তেনে নহয় । শাৰীৰিক শিক্ষা, সুকুমাৰ কলাৰ বিশেষকৈ সংগীত , নৃত্য , বাদ্য , নাট , আবৃত্তি , কুইজ ,তৰ্ক ,আকস্মিক বক্তৃতা আদি সকলোৰে শিক্ষা দিয়া হয় । সেই বাবেই এই বিদ্যালয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু । এই বিদ্যালয়ত ছাত্র-ছাত্রীয়ে শিশু অৱস্থাৰ পৰা পাব লগীয়া সকলো শিক্ষাই পায় । ছাত্র-ছাত্রী সকল সকলো বিষয়তে সমানে আগবঢ়া । আঞ্চলটোৰ ভিতৰতে এখন নামজলা বিদ্যালয় ।অভিভাৱক সকলেও নিজৰ শিশুটোক এই বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা বুলি ভাৱে। সেই বাবেই এই বিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা যথেষ্ট বেছি ।  প্ৰতিদিনে শেষৰ ক্লাছটো এই বিষয়বোৰৰ পাঠদান কৰা হ’য় আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি বিদ্যালয় ছুটী দিয়া হয় । 


       অংশুৰ স্কুল , টিউচন, ঘৰৰ কাম-কাজ সকলো সমানে চলি গৈ থাকিল । ৰাতিপুৱাই চাইকেলখন লৈ ওলায় যায় প্ৰথমে টিউচনলৈ বুলি তাৰ পৰা আহি লৰা-লৰিকৈ স্কুললৈ , স্কুল ছুটিৰ পাছত বাহিৰে বাহিৰে টিউচনবোৰ কৰি ৰাতি ঘৰ সোমায়হি । সকলোবোৰ পূৰাবলৈ তাৰ যথেষ্ট কষ্ট হৈছিল । তাৰ কষ্টবোৰ দেখি পেহীয়েকে এদিন তাক ক’লে ,

:: অংশু চাইকেল মাৰি মাৰি তোৰ  টিউচন, স্কুল চলোৱাটো বহুত কষ্ট হৈছে, মই দেখি আছোঁ । তোক এখন বাইক বা স্কুটী লৈ দিলে অলপ সুবিধা হ’ব । কষ্টও ক’ম হ’ব , সময়ো বাচিব ।

:: এতিয়া নালাগে নেকি পেহী !

:: কিয় ?

:: বাইক বা স্কুটীখন ল’লে মোৰ প্ৰতি দিনে কমেও এশ টকাকৈ তেলৰ নামত খৰচ হ’ব । তদুপৰি মেণ্টেনেই্চৰ খৰচটোতো আছেই । এতিয়া থাকক দিয়া । খৰচ এটা বঢ়াই নলওঁ । কেতিয়াবা পাৰমেনেন্ট কাম এটাৰ যোগাৰ কৰিব পাৰিলে ল’ম । তেতিয়া খৰচটো বিশেষ গাত নালাগিব ।

 ইমান সৰু ল’ৰাটোৰ ইমান দূৰদৰ্শী চিন্তাই পেহীয়েকক ভৱাই তুলিলে । তাৰ প্ৰতি পেহীয়েকৰ মৰম দুগুণে বাঢ়ি গ’ল। তাৰ চিন্তাধাৰাক মনে মনে ছ্যেলুট জনালে । অংশুৰ টিউচন ঘৰ স্কুল গতানুগতিকতাৰ মাজেৰে চলি থাকিল ।

     (আগলৈ)

No comments