সেমেকা স্মৃতিৰ সুবাস (১৪ খণ্ড)
মালবিকা শৰ্মা, ভুবনেশ্বৰ
খোৱা বোৱা শেষ হ’ল। বাহিৰৰ মানুহবোৰ গ’লগৈ, ঘৰত থকাখিনিয়ে বাহিৰৰ বহা কোঠাত বহি আৰাম কৰি কথা পাতি আছে। মলয়ৰ কাষতে বহি ৰাধা আৰু ববিতাৰ মাকেও কথা পাতি আছে। ববিতাই ইপিনে সিপিনে ঘুৰি ঘৰ চাফ হ’ল নে নাই, তদাৰক কৰি আছে। লাহে লাহে বয়সীয়া মানুহখিনি আৰু সৰু লৰা-ছোৱালীবোৰ উঠি গ’ল শুবলৈ। ববিতায়ো বাৰ্বীক শুৱাই থৈ ইহতৰ কাষতে আহি বহিল।
কথাই কথাই ববিতাৰ মাকে ক’লে যে ববিতাৰ পেহী শাহুয়েকে মলয়ৰ বিষয়ে বৰকৈ সুধিছিল। মলয়ে কি কাম কৰে, কত থাকে, ইমান দিনলৈকে কিয় বিয়া হোৱা নাই ইত্যাদি ইত্যাদি। তেওঁ আনকি নিজৰ অবিবাহিতা বয়স হৈ অহা জীয়েকজনীৰ কথাও এবাৰ বিয়াৰ প্ৰসংগত কৈছিল। মাকৰ কথা শুনি ববিতা আৰু ৰাধাই মলয়ক জোকাবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে ববিতাৰ গিৰিয়েকেও আহি কাষত বহি লৈ কথাৰ ভাগ ল’ব আৰম্ভ কৰিলে। ববিতাই গিৰিয়েকৰ লগত মলয় আৰু পেহী শাহুয়েকৰ জীয়েকৰ বিয়া হ’লে যে কিমান ভাল হ’ব সেই বিষয়ে আলোচনা কৰিব ধৰিলে। ৰাধায়ো হয়ভৰ দিবলৈ ধৰিলে।
বিয়াৰ কথা শুনি অলপ অপ্ৰস্তুত হৈ থকা মলয়ে সি ৰাতিপুৱাই যে যাব লাগিব যে তাকে সিহতক সোৱৰাই দিলে। মলয়ৰ কথা শুনি সিহতে মলয়ক শুব যাবলৈ ক’লে আৰু বিয়াৰ বিষয়েও পিছত এবাৰ চিন্তা কৰিব দিলে। সকলোকে শুভৰাত্ৰি জনাই মলয় শুবলৈ গ’ল আৰু ভাগৰতে গভীৰ টোপনিত লালকাল দিলে। ৰাতিপুৱা ৫ বজাতে ঘড়ীৰ এলাৰ্মৰ শব্দত মলয়ে সাৰ পাই যাবলৈ দৌৰাদৌৰিকৈ সাজু হ’ল। ইতিমধ্যে কাম কৰা মানুহজনেও আহি ৰুমৰ ভিতৰতে জলপান দি গৈছে। খোৱা কাম শেষ কৰি মলয়ে নিজৰ বেগটো লৈ ওলাই আহি দেখিলে বাহিৰত ৰাধা আৰু ববিতা ৰৈ আছে। ৰাধা হেনো আৰু দুদিনমান ইয়াতে থাকিব আৰু ববিতাৰ মাকৰ লগতে উভতিব।
সিহতক মাত লগাই মলয় ওলাই আহিল। ববিতাৰ গিৰিয়েকে গাড়ীৰে আনি মলয়ক বাচ ষ্টেচনত থৈ গ’ল।
নিৰ্দিষ্ট সময়ত মলয় আহি নিজৰ ঠাই পাই ঘৰলৈ গৈ কিছু সময়ৰ বাবে বিশ্ৰাম লয় আৰু পিছত ঘৰৰ সৰুসুৰা কাম শেষ কৰি অফিচলৈ যায়। আজি ঘৰত থাকি ভালকৈ বিশ্ৰাম ল’বহে মন আছিল যদিও কি কৰিব উপায় নাই। অফিচত আহি নিজৰ কৰিবলগীয়া গতানুগতিক কামবোৰ কৰিবলৈ আৰম্ভ কৰে সি। এদিন চুটি লৈছে যেতিয়া আজি ৰবিবাৰ হ’লেও ৰৈ যোৱা কামবোৰ শেষ কৰিব লাগিব নহ’লে নিজৰে অসুবিধা হ’ব।
(আগলৈ)
লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক-https://www.facebook.com/malabika123
No comments