বৰগোহাঞি ছাৰৰ সৈতে হোৱা কাজিয়াৰ মিঠা স্মৃতি...
ৰবীন ভূঞা
মোৰ সৌভাগ্যযে হোমেন বৰগোহাঞি ছাৰৰ সৈতে মোৰ সাক্ষাৎ হৈছিল অসম সাহিত্য সভাৰ কলগাছিয়া বিশেষ বাৰ্ষিক অধিবেশনত (২০০১চনত)। এই সাক্ষাৎ আছিল অতি আকস্মিক। কলেজীয়া জীৱনতে লিখা উপন্যাস 'ধৰ্ষিতা মাজুলীৰ আৰ্তনাদে'অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ উপন্যাসৰ বঁটা লাভ কৰিছিল। ছাৰৰ হাতৰ পৰা বঁটা গ্ৰহণৰ সেই আনন্দময় মুহূৰ্তৰ কথা ভাবিলে আজিও মন ৰোমাঞ্চিত হয়। বঁটা গ্ৰহণৰ পাছত ছাৰে কোৱা এষাৰ কথা আজিও কাণত বাজি আছে। ছাৰে কৈছিল তোমাৰ ভৱিষ্যত আছে। উপন্যাসখনৰ পাণ্ডুলিপি পঢ়ি মই অভিভূত।
মোৰ বিশ্বাস হোৱা নাছিল সঁচাকৈয়ে ছাৰে মোৰ উপন্যাসখন পঢ়িছিলনে?
ইয়াৰ পাছত এদিন ছাৰৰ সহকৰ্মী হৈ যেতিয়া কাম কৰাৰ সুযোগ পালোঁ তেতিয়া ছাৰৰ সৰলতা, খং ৰাগ,মান অভিমান বুজি পোৱা হলোঁ। শিশুৰ দৰে সৰল ছাৰৰ ভিতৰৰ মানুহজন আমাৰ বাবে বিৰল বিস্ময়।
কেতিয়াবা ছাৰৰ সৈতে কাজিয়াও লাগিছিল। মই অনুভৱ কৰিছিলোঁ মাজুলীৰ প্ৰতি ছাৰৰ আছিল এক বিশেষ মৰম ভালপোৱা। ছাৰে চৰকাৰী চাকৰি আৰম্ভ কৰিছিল মাজুলীত। মাজুলীত থাকোতে নিৰুপমা বৰগোহাঞি বাইদেউৱে মাজুলী হেমচন্দ্ৰ হাইস্কুলত শিক্ষকতাও কৰিছিল। মাজুলীত থাকোতে কত কিমানৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল। দুপৰ নিশালৈকে তাচ খেলি আড্ডা দিয়াৰ মধুৰ স্মৃতি ৰোমন্থন কৰিছিল। কবি বন্ধু নৱকান্ত বৰুৱাই বৰগোহাঞি ছাৰলৈ চিঠি লিখিছিল। কবিতাও ৰচিছিল । মাজুলীৰ সৰিয়হ ফুল আৰু মিচিং কনেঙৰ কলাফুল...। সেই কবিতাৰ মাজেৰে জিলিকি উঠিছিল।২০০৮ চনত ছাৰক মাজুলীলৈ নিয়াৰ এটা সুযোগ পালোঁ।যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হোৱা এটা অনুষ্ঠানলৈ ছাৰক নিয়াৰ পৰিকল্পনা কৰিলোঁ।যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ৰ নেতা মাজুলীৰ ভবেন কাকতি,যুগল হাজৰিকা, জগত হাজৰিকাৰ উৎসাহত মাজুলী ভ্ৰমণৰ কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ হৈ উঠিল। যোৱাৰ বাবে আমি ছাৰৰ কথা মতে এখন টাটা চুমুৰ ব্যৱস্থা কৰিলোঁ। যোৱাৰ আগদিনা আবেলি ছাৰে মোক মাতি নি ক'লে "ৰবীন তোমাৰ গাড়ীৰ খৰচটো মই কমাই দিব বিচাৰিছোঁ।মোৰ এজন একান্ত অনুৰাগী মোৰ সৈতে মাজুলীলৈ যাব বিচাৰিছে।তেওঁ যোৱাৰ উদ্দেশ্য হ'ল গোটেই ৰাস্তাটো মোৰ সৈতে কথা পাতি যাব ......।
ছাৰৰ কথাৰ প্ৰতিবাদ কৰি মই কলো ।
ছাৰ মানুহজন কোন হয় মই জানি লব লাগিব।
মোৰ কথা শুনি ছাৰৰ খং উঠা যেন অনুভৱ হ'ল।
লগে লগে মানুহজনৰ বিষয়ে সবিশেষ লৈ তাৎক্ষণিক ভাৱে ছাৰক জনালোঁ যে সেই মানুহজনৰ সৈতে যোৱাটো উচিত নহ'ব।যিহেতু বৃত্তিত তেওঁ এজন ঠিকদাৰ।মাজুলীত তেওঁৰ ইমপ্ৰেছন ভাল নহয়।
মোৰ কথা শুনি ছাৰৰ চকু দুটা তিৰবিৰাই উঠিল।
মৰমসনা মাতেৰে মোক ক'লে তুমি মোক বচাই দিলা.... ।
মাজুলীত থকা দুদিন ছাৰ ইমানেই সহজ হৈ পৰিছিল সেইজন হোমেন বৰগোহাঞি যেন কলেজীয়া ছাত্ৰহে। কবি ডেনি গামৰ লা মেজু দি আনন্দত থাকি ছাৰে বৰ ভাল পালে। মোক ক'লে মাজুলীতে মাটি অকন চোৱা মই জীৱনৰ বাকীদিন কেইটা ইয়াতে কটাম।
গোটেই মাজুলী ফুৰি আহি আমাৰ ঘৰত ভাত খোৱাৰ পাল।গাঁৱৰ পদূলিমুখতে ছাৰক কেইবাজনেও আদৰিলে। ভাত খাবলৈ বহিয়েই ছাৰৰ ধেমালি আৰম্ভ হৈ গ'ল। ইমানবোৰ কিয় আয়োজন কৰিব লাগে বুলি মাক ধমক দিলে। দুপৰীয়া অহাৰ গ্ৰহণ কৰাৰ পাছত মাক প্ৰশংসাৰে বুৰাই পেলালে।
আমাৰ ঘৰৰ পৰা সন্ধ্যা আউনীআটি সত্ৰত হোৱা ভাওনা সমাৰোহলৈ বুলি যোৱা যাত্ৰাকালত ছাৰে মোক জোকাবলৈ আৰম্ভ কৰিলে।আমাৰ ঘৰত বোলে আধাপেটি হ'ল। ভোকেই নুগুচিল ইত্যাদি
সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ বহাত হাতীখুজিয়া বাতিত দৈ কোমল চাউলৰ জলপান আগবঢ়াই দিওঁতে ছাৰে কৈ উঠিল নাই একদম খাব নোৱাৰো ৰবীনহঁতৰ ঘৰত এইমাত্ৰ খাই আহিছোঁ।পেটত ঠাই নাই।
সুবিধা বুজি মই সকলোৱে শুনাকৈ কলো আপোনাৰ ভোক নুগুছিলেইদেখোন ।
ছাৰে ভেকাহি মাৰি ক'লে ধেৎ ই ধেমালিও বুজি নাপায়।
ছাৰৰ সৈতে ভ্ৰমণ কৰাৰ কি মজা। খঙাল যেন লগা মানুহজন কি ৰঙীয়াল।
ছাৰৰ সৈতে হোৱা অনেক ধেমালি,ধমকি খোৱাৰ সেই মুহূৰ্তবোৰলৈ মনত পৰিলে মন সেমেকি উঠে।
মানুহক জীৱনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত বৰগোহাঞি ছাৰ একক অনন্য।
আগবাঢ়ি যোৱাত বাধা দিয়া বহুতো বিশিষ্টকো পালোঁ।কিন্তু তাৰ মাজত ছাৰৰ বিৰল ব্যতিক্ৰম।
ছাৰৰ সান্নিধ্য পাই অনুভৱ কৰিছিলোঁ বহুতে ছাৰক বিভিন্ন তোষামোদ কৰি স্বাৰ্থ আদায় কৰিছিল।বিশাল মনৰ মানুহজনে হয়তো জানিও নজনাৰ ভাও ধৰিছিল। ছাৰৰ ওচৰতে থাকিও কেতিয়াও কোনো বিশেষ সুবিধা লোৱা নাছিলোঁ। এবাৰ বিশেষ এটা চৰকাৰী চাকৰি মোৰ হাতৰ পৰাই হেৰাইছিল। এই কথা তেতিয়াৰ আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ দাৰ পৰা জানিব পাৰি ছাৰে বোলে টেবুলত ঢকিয়াই তেখেতক নোকোৱাৰ বাবে আক্ষেপ কৰিছিল।
মোৰ কাব্য উপন্যাস "প্ৰেয়সীৰ নাম ৰুণজুন শব্দৰ নূপুৰ"ৰ,পাতনি কি আন্তৰিকতাৰে লিখিছিল।ৰবীন্দ্ৰনাথৰ শেষেৰ কবিতা, আৰ্দে জিদৰ ষ্টেইট ইছ দি গেইটৰ সমকক্ষ বুলি মন্তব্য কৰি উৎসাহিত কৰিছিল।
কিংবদন্তি পুৰুষ এটা জাতিয়ে কেইবা শতিকাৰ মূৰতহে যেন লাভ কৰে।মানৱীয় সকলো দোষ গুণৰ উৰ্ধত তেওঁৰ বিশাল মনটোৰ ওচৰত আমি সদায় নতজানু।
জাতিয়ে মনত পেলাব পৰাকৈ আছেনো কেইজন!
No comments